ETV Bharat / state

Dilapidated Road: পথ নিৰ্মাণত দুৰ্নীতি অনিয়মৰ অভিযোগ নাৰায়ণপুৰৰ জয়পুৰবাসী ৰাইজৰ

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 7:40 PM IST

Pathetic condition of a road
ভোগপুৰৰ পৰা দ্ৰোপাং সংযোগী বিধ্বস্ত পথ

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতে চলিছে এতিয়া ব্যাপক দুৰ্নীতি । এইবাৰ এই দুৰ্নীতিৰ বিৰুদ্ধে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জয়পুৰত ৰাইজে কৰিলে প্ৰতিবাদ ।

প্ৰতিবাদ

বিহপুৰীয়া, 24 আগষ্ট : ভোগপুৰৰ পৰা দ্ৰোপাং সংযোগী বিধ্বস্ত পথছোৱাৰ নিৰ্মাণত অনিয়ম হোৱাৰ অভিযোগ তুলি পথৰ ওপৰতে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ দীৰ্ঘদিন ধৰি প্ৰায় ন কিলোমিটাৰ দৈৰ্ঘ্যৰ এই গুৰুত্বপূৰ্ণ পথচোৱাৰ জৰাজীৰ্ণ ৰূপত জীয়াতু ভুগিছে ৰাইজে । স্থানীয় বহু গাঁৱৰ হাজাৰ হাজাৰ লোকৰ যাতায়াতৰ একমাত্ৰ পথটো এতিয়া বিধ্বস্ত ।

অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া হোৱা হেতুকে অৰুণাচলৰ লোকো অহা যোৱা কৰে এই পথেৰে । বিগত সময়ত ৰাইজৰ বহু আৱেদন নিবেদনৰ ফলশ্ৰুতিত পথটি নিৰ্মাণৰ বাবে গড়কাপ্তানি বিভাগৰ দ্বাৰা চৰকাৰীভাৱে আৱন্টিত হৈছিল ৮,৩৭,৯৭০০০ টকা । কিন্তু পথ নিৰ্মাণ কৰিবলৈ লওঁতেই লাগিল কেনা ।

পথচোৱা পূৰ্বতকৈ কিছু আহল বহল কৰি নিৰ্মাণৰ বাবে পথৰ কাষছোৱা দ কৈ খান্দিছিল । আজি কাম চলি থকা সময়তে সেই স্থানত উপস্থিত হয় স্থানীয় একাংশ ৰাইজ । ৰাইজে উপস্থিত হৈ প্ৰত্যক্ষ কৰে যে ছেইন্ট গ্ৰেভেলৰ ঠাইত ঠিকাদাৰে পেলাইছেহি মাটি আৰু শিল । যিটো কথা সহজে মানি ল’ব পৰা নাই উপস্থিত ৰাইজে । এইদৰে মাটি আৰু শিল দি বহল কৰিলে ভৱিষ্যতে পথচোৱা তললৈ বহি যাব আৰু নিৰ্মাণৰ অতি কম দিনৰ ভিতৰতে পুনৰ যাতায়াতৰ অনুপযোগী হৈ পৰিব ।

সেয়ে সেই স্থানত গাঁওখনৰ যথেষ্ট সংখ্যক পুৰুষ মহিলা একগোট হৈ সাব্যস্ত কৰিলে প্ৰতিবাদ । ৰাইজৰ অভিযোগ - পথচোৱা নিৰ্মাণ কৰি থকা অৱস্থাত সেই স্থানত বিভাগীয় অভিযন্তা, মহৰী আদি উপস্থিত থাকিব লাগে যদিও ৰাইজে কোনো দিন দেখা পোৱা নাই তেওঁলোকক । ঠিকাদাৰ গৰাকীকো চিনি নাপায় ৰাইজে । পথ নিৰ্মাণত লাগি থকা লোকসকলক ৰাইজে সুধিলেও প্ৰত্ত্যুতৰত তেওঁলোকে একো নাজানো বুলিহে কয় । সেয়েহে ৰাইজে ক্ষোভিত হৈ প্ৰতিবাদত নামে ।

ৰাইজৰ দাবী অতি সোনকালে প্ৰাকঃকলন অনুসৰি সঠিকভাৱে ঠিকাদাৰে কাম কৰক আৰু চৰকাৰ তথা বিভাগে ইয়াৰ এটা উচিত তদন্ত কৰক । অন্যথা ৰাইজে পুনৰ ইয়াতকৈ জংগী প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰো হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক : Pathetic road condition:প্ৰতিনিধিৰ আওকাণত অতিষ্ঠ হৈ ৰাইজে ভাঙিলে গাঁঠিৰ ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.