ETV Bharat / state

চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ খোৱাই সন্তানক হেৰুৱালে পিতৃ-মাতৃয়ে

author img

By

Published : Jul 17, 2021, 7:01 AM IST

নাৰায়ণপুৰৰ (NARYANPUR) জালভৰীয়াত দুদিন ধৰি জ্বৰ পানীলগাত আক্ৰান্ত হৈ আছিল এটি শিশু। যাৰ বাবে ২৫ দিনীয়া শিশুটিক কোনো চিকিৎসকৰ পৰামৰ্শ অবিহনেই ঔষধ (medicin) খুৱাই দিয়ে। যাৰ বাবে অকাল মৃত্যুক সাৱতে শিশুটিয়ে।

medicines-unadvised
চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ খোৱাই সন্তানক হেৰুৱালে পিতৃ-মাতৃয়ে

বিহপুৰীয়া, 17 জুলাই : এটি পৰিয়ালে চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ (medicin) খোৱাই নিজ সন্তানক হেৰুৱাব লগা হয় । ঔষধ সেৱনৰ পিছতে নাকেৰে তেজ নিগৰি মৃত্যু মুখত পৰে ২৫ দিনীয়া কণমানি শিশুটি (CHILD) । নাৰায়ণপুৰৰ (NARYANPUR) জালভৰীয়াত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা ।

চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ খোৱাই সন্তানক হেৰুৱালে পিতৃ-মাতৃয়ে

উল্লেখযোগ্য যে, জালভৰীয়া গাঁৱৰ সুমঙল দাস আৰু মামু দাসৰ কন্যা সন্তানটি যোৱা দুদিন ধৰি চৰ্দি-জ্বৰত আক্ৰান্ত হৈ আছিল । সন্তানটিৰ মাতৃয়ে সদ্যজাত শিশুটিৰ চিকিৎসাৰ বাবে ওচৰৰে এখন ফাৰ্মাচীৰ পৰা ক্ৰয় কৰিছিল ঔষধ ৷ আৰোগ্য মেডিক'জ নামৰ ফাৰ্মাচীখনৰ পৰা ক্ৰয় কৰা ঔষধ সেৱন কৰোৱাৰ পিছতে নাকেমুখে তেজ নিগৰে শিশুটিৰ ৷

অৱশেষত শুকুৰবাৰে পুৱতি নিশা শিশুটি মৃত্যু মুখত পৰে । পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে নাৰায়ণপুৰ আৰক্ষী (NARYANPUR POLICE) থানাত দিয়া এজাহাৰৰ ভিত্তিত স্থানীয় দণ্ডধীশৰ উপস্থিতিত পুঁতি থোৱা অৱস্থাৰ পৰা শিশুটিৰ মৃতদেহ খান্দি উলিয়াই মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ।

সম্প্ৰতি সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে । ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতে সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়কঃ Budget2021-22 : কি বিচাৰে অসমৰ জনসাধাৰণে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.