ETV Bharat / state

Depleted road condition: অংগুষ্ঠ প্ৰদৰ্শন মুখ্যমন্ত্ৰীৰ নিৰ্দেশক, বিদ্যালয়ৰ সমীপত উন্মুক্ত নলা

author img

By

Published : Aug 1, 2023, 1:21 PM IST

Lakhimpur municipal board news
Lakhimpur municipal board

বিদ্যালয়ৰ সমীপত লখিমপুৰ পৌৰসভাৰ মৰণফাণ্ড । পৌৰসভাৰ বিৰুদ্ধে ক্ষোভ অভিভাৱকৰ লগতে বিভিন্ন দল-সংগঠনৰ ৷

অংগুষ্ঠ প্ৰদৰ্শন মুখ্যমন্ত্ৰীৰ নিৰ্দেশক

লখিমপুৰ, 1 আগষ্ট: লখিমপুৰ পৌৰসভাৰ অভিবেচক কাণ্ড ৷ হাজাৰ হাজাৰ ছাত্র-ছাত্রীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ লখিমপুৰ পৌৰসভাৰ বিৰুদ্ধে ৷ নগৰ এলেকাত থকা শংকৰদেৱ শিশু নিকেতন আৰু ভেলিভিউ স্কুলৰ সমীপৰ পথটোত নলা খান্দি পাতিছে মৰণফাণ্ড ।

সহস্ৰাধিক শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰা এই পথটোত বিদ্যালয় আৰম্ভ আৰু শেষ হোৱাৰ সময়ত অভিভাৱক ব্যস্তা বৃদ্ধি হয় পথটোত । অৰ্ধ নিৰ্মিত তথা উন্মুক্ত নলা নৰ্দমাৰ লগতে পথটোত প্ৰকাণ্ড শিলৰ দম কৰি থোৱাত সমস্যাত পৰিছে অভিভাৱকৰ লগতে শিক্ষাৰ্থী । পূৰ্বৰে পৰা ঠেক পথটোৰ এতিয়া একাষে উন্মুক্ত অৰ্ধনিমিত নলা আৰু শিলৰ দ'মে অধিক ঠেক কৰি পেলোৱা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, পৌৰসভাই এই পথচোৱাত নলা নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল এমাহ পূৰ্বে । গ্ৰীষ্মকালীন স্কুল বন্ধৰ সময়ছোৱাত নলা নিৰ্মাণৰ ব্যৱস্থা হাতত লৈছিল যদিও আজিও নলা নিৰ্মাণৰ কাম সম্পূর্ণ নোহোৱাত সমস্যাত পৰিছে শিক্ষাৰ্থীৰ লগতে অভিভাৱক । গ্ৰীষ্মকালীন বন্ধ অন্ত হৈ মঙলবাৰৰ পৰা স্কুলসমূহৰ পাঠদান আৰম্ভ হ’ল যদিও পৌৰসভাই নলা নিৰ্মাণৰ কাম সমাপ্ত কৰিব নোৱাৰিলে । যাৰ বাবে এতিয়া উন্মুক্ত নলা, শিলৰ দমৰ মাজেৰে ছাত্র-ছাত্রী অভিভাৱকে অহা-যোৱা কৰিবলগীয়াত পৰিছে ।

উন্মুক্ত নলাৰ কাষেৰে শিক্ষাৰ্থীসকলে বিপদসংকুলভাৱে স্কুললৈ অহা-যোৱা কৰিবলগীয়াত পৰিছে । পথচোৱাত যি কোনো মুহূর্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰৱল হৈ পৰিছে ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে গুৱাহাটীকে ধৰি বিভিন্ন স্থানত এনে উন্মুক্ত নলাৰ, পথৰ বাবে শিক্ষার্থীয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱাত মুখ্যমন্ত্রীয়ে উন্মুক্ত নলা, পথৰ কাষৰ শিলৰ দ'ম নাৰাখিবলৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছিল । পিছে সেই নিৰ্দেশ লখিমপুৰ পৌৰসভাত অকাৰ্যকৰী হোৱা পৰিলক্ষিত হৈছে । ঘটনা সন্দৰ্ভত এতিয়া বিভিন্ন সংগঠনে ক্ষোভ প্রকাশ কৰা পৰিলক্ষিত হৈছে ।

অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সচিব অনুপম শইকীয়াই উন্মুক্ত নলাত পৰি দুৰ্ঘটনা সংঘটিত হ’লে পৌৰসভাক জগৰীয়া কৰা হ’ব বুলি সকীয়নি দি ঘটনা ঘটাৰ আগতেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৌৰসভাক দাবী জনায় । আনহাতে, নিৰ্দেশ অমান্য কৰা লখিমপুৰ পৌৰসভাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্রীক দাবী জনায় ।

লগতে পঢ়ক : Bajrang dal arms training: স্বজাতি স্বধৰ্মৰ আবেগ ঢালি বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণক আওপকীয়া সমৰ্থন মন্ত্ৰী জয়ন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.