ETV Bharat / state

অসমৰ ভূ-খণ্ডত আগ্ৰাসন অৰুণাচলৰ

author img

By

Published : Jul 28, 2020, 5:10 PM IST

লখিমপুৰ ছাত্ৰ সন্থাৰ সজাতি দ’লে পৰিদৰ্শন কৰিলে আগ্ৰাসন কৰি থকা অঞ্চল ৷ চৰকাৰ-প্ৰশাসনক তীব্ৰ সমালোচনা ছাত্ৰ সন্থাৰ ৷

nowboicha-assam-arunachal-border-visit-lakhimpur-aasu
nowboicha-assam-arunachal-border-visit-lakhimpur-aasu

নাওবৈচা, 28 জুলাইঃ অসমৰ ভূমিত আগ্ৰাসন অব্যাহত ৰাখিছে অৰুণাচল প্ৰদেশে ৷ লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে অৰুণাচল চৰকাৰে বিশাল পথৰ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে ৷

অসমৰ ভূ-খণ্ডত আগ্ৰাসন অব্যাহত চুবুৰীয়া ৰাজ্য অৰুণাচলৰ

কিন্তু নিৰ্বিকাৰ হৈ আছে লখিমপুৰ জিলা প্ৰশাসন তথা অসম চৰকাৰ ৷ ইয়াৰ সুযোগ গ্ৰহণ কৰিয়েই অসমৰ ভূ-খণ্ডৰ মাজেৰে অৰুণাচল চৰকাৰে নিৰ্মাণ কৰি গৈছে 25 কিলোমিটাৰ দৈঘ্যৰ পথ ৷ ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰামপুৰ বন খণ্ডৰ অধীনত 500 মিটাৰ ভিতৰলৈ আগুৱাই আহি পথ নিৰ্মাণ কৰি আছে অৰুণাচল প্ৰদেশে ৷

Lakhimpur AASU
ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰামপুৰ বন খণ্ডৰ অধীনত 500 মিটাৰ ভিতৰত পথ নিৰ্মাণ অৰুণাচলৰ

সোমবাৰে লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ এটা সজাতি দলে পৰিদৰ্শন কৰে অৰুণাচলে আগ্ৰাসন অব্যাহত ৰখা এলেকাটো ৷ পৰিদৰ্শন কৰাৰ অন্তত ছাত্ৰ সন্থাৰ কৰ্মী সকল ক্ষুণ্ণ হৈ পৰে লখিমপুৰ জিলা প্ৰশাসন,বন বিভাগ আৰু অসম চৰকাৰৰ বিৰুদ্ধে ৷ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি পুলক বৰাই অঞ্চলটোৰ বিধায়ক আৰু সাংসদ গৰাকীক এই বিষয়ত গুৰুত্ব নিদিয়াৰ বাবে তীক্ষ্ণ সমালোচনা কৰাৰ লগতে চৰকাৰক শীঘ্ৰেই ব্যৱস্থা লৈ ৰাইজৰ ভেটি আৰু মাটি ৰক্ষাৰ বাবে দাবী জনাইছে ৷ অন্যথা অনাগত সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি ছাত্ৰনেতা জনে জানিবলৈ দিয়ে ৷

উলেক্ষ্য যে,অৰুণাচল প্ৰদেশৰ দৈমুখৰ পৰা কিমিন পৰ্যন্ত 25 কিলোমিটাৰ দৈঘ্যৰ পথটোৰ নিৰ্মাণ কাৰ্য তীব্ৰ গতিত চলাই আছে অৰুণাচল প্ৰদেশে ৷ আৰু এই 25 কিলোমিটাৰ দৈঘ্যৰ পথটোৰ বহু খিনিয়েই নিৰ্মাণ হৈছে অসমৰ ভূ খণ্ডৰ মাজেৰে ৷ কিন্ত এই ক্ষেত্ৰত অসম চৰকাৰ ব্যৰ্থ হৈছে অৰুণাচলৰ আগ্ৰাসন ৰোধ কৰাত ৷ যাৰ পৰিণতিত সংকুচিত হৈ পৰিব পাৰে অসমৰ মানচিত্ৰ ৷

লগতে পঢ়কঃ বোকাখাটত পথৰ দুৰৱস্থাৰ বাবেই এজন লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.