ETV Bharat / state

দিহিৰি পাৰত সেউজ বিপ্লৱৰ সূচনা এহাল দম্পতীৰ

author img

By

Published : Jun 8, 2020, 8:39 PM IST

সেউজ বিপ্লৱৰ সূচনাৰে নীৰঞ্জন আৰু সুৰভীৰ সুৰেৰে জীপাল দিহিৰি পাৰ ৷ কৃষি কৰ্মৰ জৰিয়তে বছৰি লাখ টকা উপাৰ্জন কৃষক দম্পতীহালৰ ৷ এতিয়া সকলোৰে বাবে এক আদৰ্শৱান কৃষক দম্পতী নীৰঞ্জন-সুৰভী ৷

দিহিৰি পাৰত সেউজ বিপ্লৱৰ সূচনা এহাল দম্পতীৰ
দিহিৰি পাৰত সেউজ বিপ্লৱৰ সূচনা এহাল দম্পতীৰ

লখিমপুৰ, 8 জুনঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী পুলিনাহৰণিৰ দিহিৰি নদীৰ পাৰৰ এহাল দম্পতী এতিয়া সকলোৰে বাবে হৈ পৰিছে এক আদৰ্শ ৷ কৃষি বিপ্লৱৰ সূচনাৰে আৰ্দশ গঢ়িবলৈ সক্ষম হৈছে নীৰঞ্জন চাৰিংগীয়া আৰু সুৰভী চাৰিংগীয়া নামৰ দম্পতীহালে ৷

দিহিৰি পাৰত সেউজ বিপ্লৱৰ সূচনা এহাল দম্পতীৰ

দিহিৰি পাৰত থকা নিজৰ দহ বিঘা ভূমিত ধান খেতি কৰাৰ লগতে এই কৃষক দম্পতীয়ে বছৰ-বছৰ ধৰি কৰি আহিছে ৰবি শস্যৰ খেতি ৷ খেতিৰ সমান্তৰালকৈ দুয়োৱে ন-পুৰণি গীতত কন্ঠ নিগৰাই জীপাল কৰি ৰাখে দিহিৰি পাৰ ৷ অঞ্চলটোৰ গাঁৱৰ পৰা গৰু ম’হৰ গোবৰ কিনি আনি খেতিপথাৰত প্ৰয়োগ কৰি তেওঁলোকে সম্পূৰ্ণ ভাৱে জৈৱিক পদ্ধতিৰে কৰা ফচল সমূহে এতিয়া স্থানীয় বজাৰত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

প্ৰতি বিঘাত প্ৰায় দহ-বাৰ হাজাৰ টকাকৈ খৰছ কৰি বিভিন্ন প্ৰজাতিৰ জিকা,ভেণ্ডি,দাংবদী,ৰঙালাও,জলকীয়া,বেঙেনা,বিলাহী,আলু,নহৰু আদিৰ খেতি কৰি বছৰত তিনি-চাৰি লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এই কৃষক দম্পতীয়ে ৷

আনহাতে ৰবি শস্যৰ পৰা হোৱা উপাৰ্জনেৰে দুয়ো নিজৰ চাৰি জনীয়া পৰিয়ালটি সুন্দৰ ভাৱে চলাই আহিছে ৷ পৰিতাপৰ কথা এই যে কৃষি কৰ্মৰে আদৰ্শ ৰচনা কৰা এই কৃষক দম্পতীয়ে কিন্তু আজিকোপতি চৰকাৰৰ পৰা সা-সুবিধাৰ নামত ফুটাকৰি এটাও পাবলৈ সক্ষম হোৱা নাই ৷ নিজৰ গাঠিৰ ধন ভাঙি স্থানীয় বজাৰৰ পৰা কিনি অনা বীজেৰেই তেওঁলোকে চলাই গৈছে নিৰৱে নিজৰ কৃষি বিপ্লৱ কাৰ্য ।

লগতে চাওকঃ দেশত মুকলি হ'ল ধৰ্মীয় স্থান, হোটেল, ৰেষ্টুৰেণ্ট, শ্বোপিং ম'ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.