ETV Bharat / state

খাকী পোচাকত কালিমা: আৰক্ষীৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ

author img

By

Published : May 8, 2021, 2:16 PM IST

নাৰায়ণপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ ৷ আৰক্ষী বিষয়া দীপজ্যোতি মালাকাৰে সাধাৰণ গোচৰ নিষ্পত্তিৰ বিনিময়তো ৰাইজৰ পৰা দাবী কৰিছে আহিছে ধন ৷

As_BHP_narayanpur-police-station-oc-taking-bribe-from-common-people_ASC10039
খাকী পোচাকত কালিমা সানিছে এগৰাকী আৰক্ষী বিষয়াই

বিহপুৰীয়া,8 মে’: লখিমপুৰৰ নাৰায়ণপুৰত খাকী পোচাকত কালিমা সানিছে এগৰাকী আৰক্ষী বিষয়াই ৷ সাধাৰণ একোটা গোচৰ নিষ্পত্তিৰ নামতে ধনদাবীৰ অভিযোগ আৰক্ষী বিষয়া দীপজ্যোতি মালাকাৰৰ বিৰুদ্ধে । নাৰায়ণপুৰ থানাৰ এইগৰাকী ভাৰপ্ৰাপ্ত বিষয়াৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ ৷

আৰক্ষীৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ

উল্লেখ্য যে, বিগত নিৰ্বাচনত নাৰায়ণপুৰ থানালৈ বদলি হৈ অহা আৰক্ষী বিষয়া দীপজ্যোতি মালাকাৰে অবৈধভাৱে কাম-কাজ সম্পাদনৰ বাবে দুজনকৈ যুৱকক নিয়োগ কৰাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ এই দুই যুৱকৰ দ্বাৰাই বিভিন্নজনৰ সৈতে গোচৰ নিষ্পত্তিৰ নামত দৰ-দাম কৰাৰ উপৰিও বিভিন্ন মহলক ভীতি প্ৰদৰ্শন কৰি আহিছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে ৷ শেহতীয়াকৈ এটা সাধাৰণ গোচৰ নিষ্পত্তিৰ নামত তেওঁ অভিযুক্ত পক্ষৰ পৰা থানাৰ গাড়ী চালকগৰাকীৰ জৰিয়তে ৫০ হাজাৰ টকা দাবী কৰি ১২ হাজাৰ টকা সংগ্ৰহ কৰা কাৰ্যই নাৰায়ণপুৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

আনহাতে, নাৰায়ণপুৰ থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত চলি থকা অবৈধ সুৰাৰ ঘাটি, শিল-বালিৰ অবৈধ বেহাৰ লগত জড়িত ব্যৱসায়ীসকলক উৎখাত কৰাৰ নামত ধন সংগ্ৰহৰো অভিযোগ উঠিছে আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে ৷ সংবাদ মাধ্যমৰ পৰা সকলো সময়তে আঁতৰি থকা এইগৰাকী আৰক্ষী বিষয়া দীপজ্যোতি মালাকাৰৰ বিৰুদ্ধে শীৰ্ষ মহলে শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছে নাৰায়ণপুৰৰ ৰাইজে ৷

লগতে পঢ়ক-নামতিত পশুধনক খুন্দিয়াই বিকল ৰে’লৰ ইঞ্জিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.