ETV Bharat / state

কাঠফুলাৰ খেতিৰে স্বাৱলম্বী নাৰায়নপুৰৰ পৰাশ জ্যোতি গগৈ

author img

By

Published : Aug 30, 2020, 12:42 PM IST

'পুষ্টি এগ্ৰ'ভেট' নামৰ ফাৰ্ম এখন খুলি নাৰায়ণপুৰৰ ভোলাবৰীৰ পৰাশ জ্যোতি গগৈ নামৰ যুৱকজনে স্থানীয় চাৰিজন যুৱককো কৰ্মসংস্থান দিবলৈ সক্ষম হৈছে ৷ দিনক দিনে বজাৰত বজাৰত বৃদ্ধি পাই অহা কাঠফুলাৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়ে পৰাশে কেইবজনো যুৱকক কাঠফুলা খেতিৰ প্ৰশিক্ষণ প্ৰদান কৰিছে ৷

Narayanpur boy mushroom farming
কাঠফুলাৰ খেতিৰে স্বাৱলম্বী নাৰায়নপুৰৰ পৰাশ জ্যোতি গগৈ

লখিমপুৰ,30 আগষ্টঃ লখিমপুৰৰ নাৰায়নপুৰৰ এজন যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ ৷ চৰকাৰী চাকৰিৰ বাবে অপেক্ষা নকৰি ঘৰতে কঠফুলাৰ খেতি কৰি পোহপাল দিছে পৰিয়াল ৷ 'পুষ্টি এগ্ৰ'ভেট' নামৰ ফাৰ্ম এখন খুলি নাৰায়ণপুৰৰ ভোলাবৰীৰ পৰাশ জ্যোতি গগৈ নামৰ যুৱকজনে স্থানীয় চাৰিজন যুৱককো কৰ্মসংস্থান দিবলৈ সক্ষম হৈছে ৷

কাঠফুলাৰ খেতিৰে স্বাৱলম্বী নাৰায়নপুৰৰ পৰাশ জ্যোতি গগৈ

উল্লেখ্য যে, চুবুৰীয় ৰাজ্য অৰুনাচল প্ৰদেশত বহু পৰিমাণে বৃদ্ধি পাইছে কাঠফুলাৰ চাহিদা ৷ ৰাজ্যখনত দৈনিক ৩-৪ কুইণ্টল কাঠফুলাৰ প্ৰয়োজন ৷ দিনক দিনে বজাৰত বৃদ্ধি পাই অহা কাঠফুলাৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়ে পৰাশে কেইবজনো যুৱকক কাঠফুলা খেতিৰ প্ৰশিক্ষণ প্ৰদান কৰিছে যাতে অসমীয়া যুৱক-যুৱতীসকলে এই বজাৰ দখল কৰিব পাৰে ৷ কাঠফুলাৰ খেতি ৰাজ্যৰ নিৱনুৱা সমস্যা দুৰীকৰণৰ এক পন্থা হ’ব পাৰে বুলি মন্তব্য পৰাশ জ্যোতি গগৈৰ ৷

লগতে পঢ়ক-বন মাফিয়াৰ হাতোৰাত নিঃশেষ তৰাণি সংৰক্ষিত বনাঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.