লখিমপুৰত ৩ বছৰীয়া কন্যা সন্তান এৰি নিৰুদ্দেশ মাতৃ

author img

By

Published : Jun 28, 2022, 4:34 PM IST

a
a ()

লখিমপুৰত তিনিবছৰীয়া সন্তান আৰু স্বামীক এৰি নিৰুদ্দেশ হৈ পৰিছে এগৰাকী মহিলা । ঘটনাটো ঘটিছে লখিমপুৰ জিলাৰ বান্দৰদেৱা অঞ্চলত ।

লখিমপুৰ, ২৮ জুন : লখিমপুৰত চাঞ্চল্যকৰ ঘটনা (Sensational incident in Lakhimpur) । তিনি বছৰীয়া কন্যা সন্তানক এৰি থৈ নিৰুদ্দেশ এগৰাকী মাতৃ (mother missing leaving three year old daughter) । ঘটনাটো সংঘটিত হৈছে লখিমপুৰ জিলাৰ বান্দৰদেৱাত (Bandardeva in Lakhimpur district) । বোৱাৰীগৰাকীৰ নিৰুদ্দেশৰ ঘটনাই এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ঘটনাৰ বিৱৰণী মতে, অঞ্চলটোৰ প্ৰশান্ত দেউৰী নামৰ ব্যক্তিগৰাকীৰ পত্নী ৰীতামণি দেউৰী । ৰীতামণি যোৱা ২২ জুনৰ পৰা বান্দৰদেৱা PTCৰ সমীপৰ ভাড়াঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে । ওচৰে-পাজৰে আৰু ৰীতামণিৰ সম্বন্ধীয় লোকসকলৰ ঘৰত বিচাৰ-খোচাৰ কৰিও কোনো সম্ভেদ নোপোৱাত আৰক্ষীৰ কাষ চাপে স্বামী প্ৰশান্ত দেউৰী ।

কিন্তু বান্দৰদেৱা আৰক্ষীক (Bandardeva police) অৱগত কৰাৰ পাছতো ৰীতামণিৰ একো সম্ভেদ উলিয়াব নোৱাৰি সংবাদ মাধ্যমৰ (told to media) কাষ চাপে স্বামী প্ৰশান্ত দেউৰী । এগৰাকী মৰমলগা ৩ বছৰীয়া কন্যা সন্তানক ঘৰতে এৰি থৈ ৰীতামণি ক'লৈ যাব পাৰে তাক লৈও সৃষ্টি হৈছে ৰহস্যৰ । আনহাতে, ৰীতামণিৰ কোনো শুংসূত্ৰ উলিয়াব নোৱৰি এক প্ৰকাৰ হতাশ হৈ পৰিছে স্বামী প্ৰশান্ত ।

ইফালে কণমানিজনীয়েও মাতৃৰ বিচ্ছেদত শোকহাৰা হৈ পৰিছে । তেনে অৱস্থাত সংবাদ মাধ্যমৰ আগত প্ৰশান্ত দেউৰীৰ কাতৰ আহ্বান,কণমানিজনীৰ কথা ভাবি পুনৰ ঘৰলৈ ঘূৰি আহক পত্নী । মাতৃক বিচাৰি ব্যাকুল হৈ চকুলো টুকি আছে ৩ বছৰীয়া সন্তানচিয়ে । এতিয়া স্বামীৰ আহ্বানত নিজৰ কণমানি সন্তানটোৰ চেনেহত ৰীতামণি দেউৰী আহিবনে নাই সেয়া এই মুহূর্তত এক উত্তৰবিহীন প্ৰশ্ন হৈ পৰিছে ।

লগতে পঢ়ক :Controversy in LMC : লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী নাৰ্চক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.