ETV Bharat / state

অসম-অৰুণাচল সীমান্ত বিবাদক লৈ উদ্বিগ্ন মন্ত্ৰী সঞ্জয় কিষাণ

author img

By

Published : Jun 13, 2021, 1:39 PM IST

Updated : Jun 13, 2021, 9:13 PM IST

লখিমপুৰ জিলাৰ সামগ্ৰিক বান পৰিস্থিতিৰ বুজ ল'বলৈ জিলাখনত উপস্থিত অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণ । সমগ্ৰ পৰিৱেশৰ বুজ লোৱাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী সঞ্জয় কিষাণৰ । অসম-অৰুণাচলৰ সীমান্ত সমস্যা সন্দৰ্ভত মন্তব্য মন্ত্ৰীগৰাকীৰ ।

সঞ্জয় কিষাণ
সঞ্জয় কিষাণ

লখিমপুৰ, 13 জুন : অসম-অৰুণাচলৰ সীমা বিবাদক লৈ গুৰুত্বপূৰ্ণ মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী সঞ্চয় কিষাণৰ । জুলাই মাহত কেন্দ্রীয় গৃহমন্ত্রীৰ(Home Minister) উপস্থিতিত শ্বিলঙত হ'ব অসম-অৰুণাচলৰ সীমা সমস্যাক লৈ আলোচনা ।

অসম-অৰুণাচল সীমান্ত বিবাদক লৈ উদ্বিগ্ন মন্ত্ৰী সঞ্জয় কিষাণ

মন্ত্ৰীগৰাকীয়ে জনোৱা মতে ১২ জুলাইত শ্বিলঙলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । তেওঁ অংশগ্ৰহণ কৰিবলগীয়া মুখ্যমন্ত্রী পৰ্যায়ৰ সভাত উত্থাপন হ'ব অসম-অৰুণাচলৰ সীমা সমস্যাৰ প্ৰসংগ । বান-খহনীয়া (flood erosion) পৰিস্থিতিৰ বুজ ল'বলৈ লখিমপুৰত উপস্থিত হৈ সাংবাদিকৰ সন্মুখত এই মন্তব্য কৰে চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণে । লখিমপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়, মেডিকেল কলেজ, জহিং বাগিচা আদি পৰিদৰ্শন কৰাৰ লগতে মন্ত্রী গৰাকীয়ে উপায়ুক্তৰ কাৰ্যালয়ত বিধায়কসকল, বিভিন্ন বিভাগৰ মুৰব্বীৰে এক বৈঠকত মিলিত হয় ।

উল্লেখ্য যে, শেহতীয়াকৈ লখিমপুৰ আৰু ধেমাজিৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণৰ ওপৰত নিযুক্তি কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছিল । এই অভিযোগ নস্যাৎ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, মুম্বাইৰ যুৱকজনে নিশাৰ ভিতৰতে নায়ক হোৱাৰ বাবেহে এই মিছা অভিযোগ আনিছে তেওঁৰ ওপৰত ।

লগতে পঢ়ক: নাৰেংগীত লাইনচ্যুত মালবাহী ৰে'ল: যোগাযোগ ব্যাহত

Last Updated : Jun 13, 2021, 9:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.