Rurban mission in Bihpuria: মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি

author img

By

Published : Aug 8, 2022, 2:03 PM IST

Etv Bharatমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি
Etv Bharatমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি ()

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দেওবাৰে ৰুৰবান মিচনৰ আচঁনিৰ অধীনত বিহপুৰীয়া সমষ্টিৰ পথালিপাহাৰত এটা কৃষি সেৱা আৰু সংসাধন কেন্দ্ৰৰ লগতে এটা পশুপালন প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্ধোধন কৰে (Minister Ranjeet Kumar Dass inaugurates rurban mission) ৷ একেটা দিনতে খোলাগুৰিত সূঁতা আৰু লাট ভঁৰাল কেন্দ্ৰ এটাৰো শুভ উদ্ধোধন কৰাৰ লগতে খোলাগুৰি কৃষ্টি বিকাশ কেন্দ্ৰত এখনি ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ৷

বিহপুৰীয়া, 8 আগষ্ট: অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দেওবাৰে বিহপুৰীয়া সমষ্টিৰ পথালিপাহাৰত এটা কৃষি সেৱা আৰু সংসাধন কেন্দ্ৰৰ লগতে এটা পশুপালন প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্ধোধন কৰে (Minister For Panchayat and Rural Development) ৷ ইয়াৰ উপৰিও মন্ত্ৰীগৰাকীয়ে বিহপুৰীয়াৰ ২ নং ৰাজবাৰীত কৃষি সেৱা আৰু সংসাধন কেন্দ্ৰৰ শুভ উদ্ধোধন কৰে (Rurban mission in Bihpuria) ৷

একেটা দিনতে খোলাগুৰিত সূঁতা আৰু লাট ভঁৰাল কেন্দ্ৰ এটাৰো শুভ উদ্ধোধন কৰাৰ লগতে খোলাগুৰি কৃষ্টি বিকাশ কেন্দ্ৰত এখনি ৰাজহুৱা সভাত মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে ৷

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় ৰুৰবান মিছনৰ অধীনত শ্যামাপ্ৰসাদ মুখাৰ্জী ৰুৰবান মিছনৰ জৰিয়তে বিহপুৰীয়া সমষ্টিৰ উন্নয়নৰ বাবে 201.07 কোটি টকা ধাৰ্য কৰি প্ৰকল্প প্ৰস্তুত কৰা হৈছিল (Shyama Prasad Mukherji Rurban Mission)৷ ইয়াৰে বৰ্তমানলৈকে ৩০ কোটি টকাৰে সমষ্টিটোৰ তিনিওটা গাঁও পঞ্চায়তত ক্ৰমে পথালিপাহাৰ, বৰবালি আৰু বিহপুৰীয়াত আচঁনি ৰূপায়নৰ ব্যৱস্থা কৰা হৈছে ৷ এই কথা উল্লেখ কৰাৰ লগতে আগন্তুক স্বাধীনতা দিৱসৰ পূৰ্বে গ্ৰাম্য সখীসকলক আনুষ্ঠানিকভাৱে স্কুটি বিতৰণ কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে৷

অনুষ্ঠানটোত বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোহাঁই, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন সচিব মুনিন্দ্ৰ শৰ্মা, জিলা উপায়ুক্ত সুমিত সাত্তাৱন, লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰকে প্ৰমূখ্য কৰি বহুকেইগৰাকী জনপ্ৰতিনিধি আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে ৷

লগতে পঢ়ক: Diganta Kalita criticizes Congress: আগন্তুক লোকসভা নিৰ্বাচনত উঃপূঃৰ এজনো কংগ্ৰেছী সাংসদ জয়ী হ'ব নোৱাৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.