Diganta Kalita criticizes Congress: আগন্তুক লোকসভা নিৰ্বাচনত উঃপূঃৰ এজনো কংগ্ৰেছী সাংসদ জয়ী হ'ব নোৱাৰে !

author img

By

Published : Aug 8, 2022, 12:15 PM IST

MLA Diganta kalita on Azadi ka Gaurav
কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ বিধায়ক দিগন্ত কলিতা ()

২০২৪ চনত লোকসভা নিৰ্বাচনত উত্তৰ পূৰ্বাঞ্চলৰ পৰা এজনো কংগ্ৰেছ সাংসদ যাতে বিজয়ী হ'ব নোৱাৰে, তাৰ বাবে বিজেপি দল সংকল্পবদ্ধ বুলি উল্লেখ কৰিলে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই(MLA Diganta Kalita criticizes Congress)। দেওবাৰে কমলপুৰ সমষ্টিৰ ৰাইজৰ সৈতে মত-বিনিময় কৰি বিধায়কগৰাকীয়ে কয় যে কংগ্ৰেছে এতিয়া দল বচাও অভিযানহে কৰিব লাগে ।

কমলপুৰ ,৮আগষ্ট: ২০২৪ চনৰ লোকসভা নিৰ্বাচনত উত্তৰ পূৰ্বাঞ্চলৰ পৰা এজনো কংগ্ৰেছী সাংসদ যাতে বিজয়ী হ'ব নোৱাৰে তাৰ বাবে বিজেপি সংকল্পবদ্ধ বুলি উল্লেখ কৰিলে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই(MLA Diganta Kalita criticizes Congress)। দেওবাৰে কমলপুৰ সমষ্টিৰ ৰাইজৰ সৈতে মত-বিনিময় কৰি বিধায়কগৰাকীয়ে এইদৰে মন্তব্য় কৰে ।

বিধায়ক কলিতাই লগতে ক’লে, নেডাৰ দৰে কংগ্ৰেছ দলেও উত্তৰ-পূৰ্বাঞ্চল কংগ্ৰেছ সমন্বয় সমিতি গঠনেৰে নাবাম টুকীক সভাপতি আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈক আহ্বায়ক নিয়োজিত কৰাটো বিজেপিৰ কাৰণে ভাল কথা । বাতৰি কাকতকে আদি কৰি বিভিন্ন মাধ্যমত বানৰ সময়ত নিৰুদ্দেশ ঘোষণা কৰা সাংসদ প্ৰদ্যুৎ বৰদলৈক উত্তৰ-পূৰ্বাঞ্চল কংগ্ৰেছ সমন্বয় সমিতিৰ আহ্বায়ক নিয়োজিত কৰাটো বিজেপিৰ বাবেই শুভ লক্ষণ । লগতে বিজেপিয়ে কৰা কামখিনিকে কংগ্ৰেছে কিয় অনুসৰণ কৰিছে বুলিও বিৰোধী দলটোলৈ বিধায়কগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে ।

কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ বিধায়ক দিগন্ত কলিতা

কংগ্ৰেছ দলে আজাদী কি গৌৰৱ উৎসৱ নামেৰে যি পদযাত্ৰাৰ কথা ঘোষণা কৰিছে তাক আদা কেটুৰীৰ লগত তুলনা কৰি আদা আৰু কেটুৰীৰ ফকৰা যোজনাটি গাই শুনালে বিধায়ক কলিতাই । যিটো দলৰ বৰ্তমান নিজৰেই অস্তিত্ব নাই সেই দলটোৱে কিহৰ গৌৰৱ যাত্ৰা কৰিব বুলি উল্লেখ কৰি এতিয়া তেওঁলোকে কংগ্ৰেছ দল বচাও অভিযানহে কৰিব লাগে বুলি কংগ্ৰেছক কটাক্ষ কৰিলে বিধায়কগৰাকীয়ে ।

বৰ্তমান সময়ত কংগ্ৰেছক শ্মশানগামী দল বুলি উল্লেখ কৰাৰ লগতে কংগ্ৰেছে বিজেপিক অনুসৰণ কৰি আৰম্ভ কৰা আজাদী কি গৌৰৱ যাত্ৰা সফল হোৱাটোকে আশা কৰিলে কমলপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে । ইপিনে, কমলপুৰ সমষ্টিৰ ৰাইজৰ সৈতে হোৱা এই মত-বিনিময় অনুষ্ঠানতে এখন পুস্তিকাও উন্মোচন কৰে শিক্ষাবিদ তথা পুঠিমাৰী কলেজৰ অধ্যক্ষ ডঃ নিত্যানন্দ কলিতাই । এই পুস্তিকাখনত সমষ্টিটোত বিধায়কগৰাকীয়ে কৰা কাম-কাজৰ খতিয়ান উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক:Blood broker in Lakhimpur : তেজৰ দালালি কৰি ৰঙাঘৰৰ আলহী হ’ল দালাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.