ETV Bharat / state

Minister Atul bora in Lakhimpur; মিত্ৰজোঁটৰ মূল লক্ষ্য কংগ্ৰেছ আৰু AIUDF ক উৎখাত কৰা : অতুল বৰা

author img

By

Published : Jun 19, 2023, 2:18 PM IST

Minister Atul bora in Lakhimpur
লখিমপুৰত মন্ত্ৰী অতুল বৰা

অগপ-বিজেপিয়ে বুজাবুজিৰ মাজেৰে লোকসভাৰ আসন ভাগ কৰি কংগ্ৰেছ এআইইউডিএফক উৎখাত কৰিব । লখিমপুৰ ভ্ৰমণৰ সময়ত এই মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ৷

লখিমপুৰত মন্ত্ৰী অতুল বৰা

লখিমপুৰ, ১৯ জুন : ‘‘সমাগত লোকসভা নিৰ্বাচনত অগপ আৰু বিজেপিয়ে বুজাবুজিৰ মাজেৰে আসন ভাগ কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ব । মিত্ৰজোঁটৰ মূল লক্ষ্য হ’ব কংগ্ৰেছ আৰু এআইইউডিএফক উৎখাত কৰা । অগপই বৰ্তমান এই ক্ষেত্ৰত অকলে একো সিদ্ধান্ত লোৱা নাই ।’’ সোমবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ৷

লগতে তেওঁ কয়, ‘‘বিজেপিৰ অংশীদাৰী দল হিচাপে অগপই ৰাজ্যখনৰ বিকাশ ত্বৰাম্বিত কৰাত সহায় কৰিছে ৷ অহা লোকসভা নিৰ্বাচনত মিত্ৰজোঁটে ঐক্যবদ্ধভাৱে চৈধ্যটা সমষ্টিতে কংগ্ৰেছ এআইইউডিএফক উৎখাত কৰাৰ বাবে যুঁজ দিব’’ । উল্লেখ্য যে, সোমবাৰে দিনজোৰা কাৰ্যসূচী লৈ লখিমপুৰত উপস্থিত হয় জিলাখনৰ অভিভাৱক মন্ত্ৰী অতুল বৰা । এই কাৰ্যসূচীৰ মাজতে তেওঁ সাংবাদিকৰ সন্মুখত ৰাজনৈতিক সামাজিক ক্ষেত্ৰৰ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

সোমবাৰে লখিমপুৰ জিলাখনৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই পুৱাই নগৰৰ পশ্চিম চান্দমাৰীত এটা নগৰীয়া স্বাস্থ্য আৰু কল্যান কেন্দ্ৰ উদ্বোধন কৰে ৷ এই অনুষ্ঠানতে ৰাজ্যৰ সীমা সমস্যা সন্দৰ্ভতো মন্তব্য কৰি তেওঁ এই সমস্যাৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰক জগৰীয়া কৰে ৷

তেওঁ কয়, ‘‘যেতিয়া পৃথক ৰাজ্যসমূহ গঠন কৰা হৈছিল, সেই সময়ত কেন্দ্ৰ-ৰাজ্য উভয়তে কংগ্ৰেছৰ চৰকাৰ আছিল । তেতিয়াই নিখুঁতভাৱে সীমা নিৰ্ধাৰণ কৰা হ’লে পৰৱৰ্তী সময়ত চুবুৰীয়া ৰাজ্যসমূহৰে সীমা বিবাদ নহ’লহেতেন’’ ।

তেওঁ আৰু কয়, ‘‘সম্প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছাৰ বাবে মেঘালয়, অৰুণাচল, মিজোৰাম আদিৰ সৈতে সদভাৱ, সমন্বয়ৰে আলোচনা আগুৱাই নি সমস্যাটো সমাধানৰ প্ৰয়াস কৰা হৈছে৷ ইয়াৰ মাজতে কেতবোৰ অশুভ শক্তিয়ে সীমান্তত অশান্তি সৃষ্টি কৰিছে ৷ এনে ঘটনা অতি দুৰ্ভাগ্যজনক’’ ৷

ৰাজ্যৰ বান সমস্যা সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই কয়, ‘‘বিগত বৰ্ষৰ মাৰ্চ মাহত বানৰ প্ৰথমটো ঢৌ আহিছিল । এইবাৰ কিন্তু বহু পলমকৈ বান আহিল । পলমকৈ বাৰিষা আৰম্ভ হোৱাৰ বাবে চৰকাৰে খৰাং পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে চিন্তা চৰ্চা কৰি আছিল । তেনে সময়তে হঠাৎ হোৱা বানে লখিমপুৰকে ধৰি বিভিন্ন জিলাত ক্ষতি সাধন কৰে’’ । বানৰ এই ক্ষয় ক্ষতি সন্দৰ্ভত ৰাজ্য চৰকাৰে ক্ষীপ্ৰ গতিত ব্যৱস্থা গ্ৰহণ কৰা বুলিও মন্তব্য কৰে মন্ত্ৰী বৰাই ৷

উল্লেখ্য যে, মন্ত্ৰী বৰাই জিলাখনৰ একাধিক স্বাস্থ্য কেন্দ্ৰ উদ্বোধন কৰাৰ লগতে বান পৰিস্থিতি সন্দৰ্ভতো পৰ্যবেক্ষণ কৰে । সোমবাৰে লখিমপুৰ ভ্ৰমণৰ সময়ত মন্ত্ৰী অতুল বৰাক সংগ দিয়ে বিধায়ক মানৱ ডেকা, উপায়ুক্ত সুমিত সাত্তাৱানৰ লগতে দলীয় কৰ্মীসকলে ৷

লগতে পঢ়ক : BJP meeting in Jorhat; মোদী শাসনকালত বিদেশত ভাৰতৰ সন্মান বহুগুণ ওপৰত আছে: জে পি নাড্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.