Microfinance Incentives and Relief Scheme : লখিমপুৰত ১৫ কোটি টকাৰ চেক বিতৰণ অতুল বৰাৰ

author img

By

Published : Oct 30, 2022, 4:51 PM IST

Lakhimpur

লখিমপুৰত দেওবাৰে পোন্ধৰ কোটিৰো অধিক টকাৰ মাইক্ৰ'ফাইনেন্সৰ চেক বিতৰণ কৰে মন্ত্রী অতুল বৰাই । নগৰৰ ত্যাগ ক্ষেত্রত আয়োজিত এক অনুষ্ঠানত জিলাখনত দ্বিতীয় পৰ্যায়ত এহেজাৰ মহিলালৈ ১৫ কোটি ৩৩ লাখৰো অধিক টকাৰ চেক বিতৰণ কৰে মন্ত্রীগৰাকীয়ে (MF loan relief cheque distribution in Lakhimpur) ।

লখিমপুৰ, ৩০ অক্টোবৰ : লখিমপুৰত আজি মাইক্ৰ'ফাইনেন্সৰ ঋণ লোৱা এহেজাৰ মহিলালৈ আনুষ্ঠানিকভাৱে সাহায্যৰ চেক বিতৰণ কৰা হয় (Cheque distribution to female in Lakhimpur) । অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ (Assam Microfinance Incentives and Relief Scheme) অধীনত জিলাখনৰ মহিলাসকললৈ এই সাহায্যৰ চেক বিতৰণ কৰে জিলাখনৰ অভিভাৱক মন্ত্রী অতুল বৰাই (Atul Bora distributed Cheque in Lakhimpur) ।

লখিমপুৰত দেওবাৰে নগৰৰ ত্যাগ ক্ষেত্রত আয়োজিত এক অনুষ্ঠানত জিলাখনত দ্বিতীয় পৰ্যায়ত এহেজাৰ মহিলালৈ ১৫ কোটি ৩৩ লাখৰো অধিক টকাৰ চেক বিতৰণ কৰে মন্ত্রীগৰাকীয়ে । ভাষণ প্ৰসংগত তেওঁ ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়াল, প্ৰতিটো জাতি-জনগোষ্ঠীৰ পৰিয়াল আগবাঢ়ি গ'লেহে ৰাজ্যখন আগবাঢ়িব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) নেতৃত্বত অসম দেশৰ ভিতৰত উন্নত পাঁচখন ৰাজ্যৰ এখন হ'বলৈ গৈ আছে বুলি উল্লেখ কৰি সকলোকে ঐকান্তিকতাৰে উন্নয়নৰ ধাৰাত কাম কৰিবলৈ আহ্বান জনায় ।

জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱানে অনুষ্ঠানটোত আদৰণি ভাষণ দি কয় যে লখিমপুৰ জিলাত ইতিমধ্যে প্ৰথম পৰ্যায়ত ১৮ হেজাৰ মহিলাক চেক বিতৰণ কৰা হৈছে । দ্বিতীয় পৰ্যায়ত ২ হাজাৰৰো অধিক মহিলাক চেক দিয়া হ'ব আৰু আজি তাৰে এহেজাৰ মহিলালৈ চেক আগবঢ়োৱা হৈছে । চেক বিতৰণ অনুষ্ঠানটোত সাংসদ প্ৰদান বৰুৱা (MP Pradan Baruah), বিধায়ক মানৱ ডেকা, প্ৰাক্তন মন্ত্রী উৎপল দত্ত, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আদিয়ে অংশগ্রহণ কৰে ।

লখিমপুৰত ১৫ কোটি টকাৰ চেক বিতৰণ অতুল বৰাৰ

সাংসদ প্ৰদান বৰুৱাই মহিলাসকলক পূৰ্বতে ঋণ লৈ কিয় বিফল হ'ল তাৰ কাৰণসমূহ বিশ্লেষণ কৰি পুনৰ ন-উদ্যমেৰে ব্যৱসায়ত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় । কৰিব খোজা ব্যবসায়টোৰ সন্দৰ্ভত পূৰ্বতে জ্ঞান অৰ্জন কৰি ল'বলৈও তেওঁ মহিলাসকলক পৰামৰ্শ দিয়ে । বিধায়ক মানৱ ডেকাই মহিলাৰ বাবে এনেদৰে চিন্তা কৰা অসমৰ দৰে চৰকাৰ পাবলৈ নাই বুলি উল্লেখ কৰি মহিলাসকলৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই দিবলৈ গৈ চৰকাৰে ১০ হেজাৰ কোটি টকা ব্যয় কৰিবলগীয়া হৈছে বুলি কয় । অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত জিলাখনৰ মহিলাসকললৈ এই সাহায্য আগবঢ়োৱা হয় ।

লগতে পঢ়ক :New flight in Lakhimpur: লখিমপুৰৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ তিনিখনকৈ নতুন বিমান সেৱা আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.