ETV Bharat / state

তিনি সন্তানৰ মাতৃৰে দুৰ্ঘোৰ প্ৰেম, বিছনা-গছত বান্ধি প্ৰেমিকাৰ সন্তানৰ উত্তম মধ্যম

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 10:24 PM IST

Narayanpur love story
নকৰিবলগীয়া কাম কৰি খুঁটাত বান্ধ খালে প্ৰেমিকে

Extra Marital Affair : প্ৰথমে বিছনাৰ খুঁটাত, তাৰ পাছত গছত ৷ দুই প্ৰেমিক-প্ৰেমিকাক তেনেদৰেই বান্ধি ৰাখিলে স্থানীয় ৰাইজে ৷ তিনি সন্তানৰ মাতৃ তথা প্ৰেমিকাৰ সন্তানেও উত্তম মধ্যম সোধালে জন্মদাত্ৰীৰ প্ৰেমিকক ৷

নকৰিবলগীয়া কাম কৰি খুঁটাত বান্ধ খালে প্ৰেমিকে

বিহপুৰীয়া, 26 অক্টোবৰ : স্বামী ঘৰত নথকাৰ সুযোগত তিনি সন্তানৰ এগৰাকী মাতৃৰ ঘৰলৈ প্ৰায়েই আহে এজন ব্যক্তি, কিন্তু সোমবাৰে দিন বেয়া আছিল ! ৰাইজে পোহৰলৈ আনিলে নাৰায়ণপুৰ ৰঙতিৰ প্ৰমোদ গন্ধিয়া আৰু পুলিনাহৰণিৰ এগৰাকী তিনি সন্তানৰ মাতৃৰ প্ৰেমৰ কাহিনী !

কৰ্মসূত্ৰে স্বামী গুৱাহাটীত থকা অৱস্থাত শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত পুলিনাহৰণিৰ এগৰাকী তিনি সন্তানৰ মাতৃৰ সৈতে ঘৰৰ ভিতৰত সোমাই থকা ব্যক্তিজনক ৰাইজে ধৰি বান্ধি ৰাখে আৰু পৰৱৰ্তী সময়ত গতাই দিলে আৰক্ষীক ।

ৰাইজে মহিলাগৰাকীৰ সৈতে যুৱকজনৰ পৰকীয়া প্ৰেমৰ সম্পৰ্ক থকাৰ অভিযোগ তুলিছে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ৰঙতি চাৰিআলিৰ প্ৰমোদ গন্ধিয়া প্ৰায়ে উক্ত মহিলাগৰাকীৰ ঘৰলৈ আহে । মহিলাগৰাকীৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছে ব্যক্তিজনে ।

স্থানীয় লোকে বহুদিন ধৰি লোকজনক দেখি আহিছিল আৰু মহিলাগৰাকীৰ লগত প্ৰেম থকাৰ কথা সন্দেহ কৰিছিল ৷ সোমবাৰে স্বামী নথকা অৱস্থাত সন্ধিয়াৰ পৰা ৰাতিলৈকে মহিলাগৰাকীৰ সৈতে ব্যক্তিজন ঘৰত সোমাই থকা বিষয়টো ৰাইজে সহজভাৱে ল’ব নোৱাৰিলে ।

পৰৱৰ্তী সময়ত গাঁৱৰ ৰাইজে সামাজিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰমোদক আৱদ্ধ কৰি ভিতৰৰ বিচনা আৰু বাহিৰৰ গছত বান্ধি ৰাখে ৷ পৰৱৰ্তী সময়ত আৰক্ষীক চমজাই দিয়ে । ব্যক্তিগৰাকীৰ এনে আচৰণত ৰাইজে বিভিন্ন প্ৰশ্নৰে থকা-সৰকা কৰাৰ লগতে মহিলাগৰাকীৰ সন্তানেও ক্ষুন্ন হৈ ব্যক্তিগৰাকীক প্ৰহাৰ কৰে ৷

স্থানীয় ৰাইজে দুয়োকে বহু সময়ত গছত বান্ধি ৰখাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত উত্তেজনা কিছু শাম কাটে । সম্প্ৰতি যুৱকজন শিমলুগুৰি আৰক্ষীৰ জিম্মাত আছে ।

লগতে পঢ়ক: স্বামীগৃহৰ ধন-সোণ লুটি প্ৰেমিকৰ হাতেৰে দ্বিতীয়বাৰ সেন্দুৰ পিন্ধিলে মলয়া বাইদেৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.