ETV Bharat / state

পুনৰ ৰুষ্ট প্ৰকৃতি: ভূমিস্খলনৰ ফলত তচনচ হৈছে গেৰুকামুখৰ NHPC

author img

By

Published : Oct 9, 2022, 8:26 PM IST

landslide-at-lower-subansiri-hydropower-project
পুনৰ ৰুষ্ট প্ৰকৃতি: ভূমিস্খলনৰ ফলত তচনচ হৈছে গেৰুকামুখৰ NHPC

বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পত সংঘটিত হৈছে এটাৰ পিছত আনটো অঘটন ৷ গেৰুকামুখৰ NHPC ত ভয়ংকৰ ভূমিস্খলন ( Landslide at Lower Subansiri Hydropower Project) । ভূমিস্খলনৰ ফলত তচনচ হৈছে বিতৰ্কিত জলবিদ্যুৎ প্ৰকল্পটোৰ ডাইভাৰ্চন টানেল আৰু পথ ৷

লখিমপুৰ, 9 অক্টোবৰ: পুনৰ নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন (NHPC Lower Subansiri Dam) ৷ গেৰুকামুখৰ NHPC ত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন (Landslide at Lower Subansiri Hydropower Project) । NHPC ত বাঁওপাৰত হোৱা এই ভূমিস্খলনৰ ফলত তচনচ হৈ পৰিছে বিতৰ্কিত জলবিদ্যুৎ প্ৰকল্পটোৰ ডাইভাৰ্চন টানেল আৰু পথ (Landslide damages NHPC Lower Subansiri Dam ৷

প্ৰকৃতি যেন ৰুষ্ট হৈ পৰিছে গেৰুকামুখৰ NHPCৰ ওপৰত ৷ উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা বিতৰ্কিত নদী বান্ধটোত ইটোৰ পিছত সিটো অথন্তৰ ঘটিয়েই আছে ৷ কেতিয়াবা যদি টানেলৰ ছাদ খহি শ্ৰমিক মৰিছে, কেতিয়াবা শ্ৰমিক বিদ্যুতস্পৃষ্ট হৈছে ৷ কেতিয়াবা আকৌ টানেল ভাগি পথ বিধ্বস্ত হৈছে ৷ প্ৰকৃতিও যেন বাৰে বাৰে সোঁৱৰাই দিছে যে গেৰুকামুখত বৃহৎ নদী বান্ধ সম্ভৱ নহয় ৷

পুনৰ ৰুষ্ট প্ৰকৃতি: ভূমিস্খলনৰ ফলত তচনচ হৈছে গেৰুকামুখৰ NHPC

বিশেষজ্ঞৰ মতামতক প্ৰমাণ কৰি এজাক বৰষুণতে চপৰা চপৰে খহিছে গেৰুকামুখৰ ঠুনুকা পাহাৰ ৷ যিয়ে অদুৰ ভবিষ্যতে কেৱল লখিমপুৰ বা ধেমাজিৰ বাবেই নহয় উজনি অসমৰ বাবেই এক অশনি সংকেত কঢ়িয়াই আনিছে । পিছে চৰকাৰে জনমতক আওকাণ কৰি প্ৰকল্পটো নিৰ্মাণত উঠিপৰিহে লাগিছে ৷

লগতে পঢ়ক: নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পত ভূমিস্খলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.