ETV Bharat / state

নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পত ভূমিস্খলন

author img

By

Published : Oct 8, 2022, 9:19 PM IST

Landslide damages Lower Subansiri Hydropower Project
বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পত ভূমিস্খলন

গেৰুকামুখৰ NHPC ত ভয়ংকৰ ভূমিস্খলন ( Landslide at Lower Subansiri Hydropower Project) । NHPCত বাঁও পাৰত হোৱা এই ভূমিস্খলনৰ ফলত তচনচ হৈছে বিতৰ্কিত জলবিদ্যুৎ প্ৰকল্পটোৰ ডাইভাৰ্চন টানেল আৰু পথ ৷

ধেমাজি, 8 অক্টোবৰ: বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পত সংঘটিত হৈছে এটাৰ পিছত আনটো অঘটন ৷ পুনৰ ৰুষ্ট প্ৰকৃতি ৷ গেৰুকামুখৰ NHPC ত ভয়ংকৰ ভূমিস্খলন (Landslide at Lower Subansiri Hydropower Project) । NHPCত বাঁওপাৰত হোৱা এই ভূমিস্খলনৰ ফলত তচনচ হৈছে বিতৰ্কিত জলবিদ্যুৎ প্ৰকল্পটোৰ ডাইভাৰ্চন টানেল আৰু পথ ৷ অৰুণাচলৰ পাহাৰত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত সোৱণশিৰি নদীৰ বান্ধত (NHPC Lower Subansiri Dam) সংঘটিত হোৱা ভূমিস্খলনে সম্প্ৰতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷

যেন প্ৰকৃতিৰ কোপদৃষ্টিহে পৰিছে বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ওপৰত ৷ উল্লখ্য যে, বিগত কিছুদিনৰ পৰা বিতৰ্কিত নদী বান্ধটোত ইটোৰ পিছত সিটো অথন্তৰ ঘটিয়েই আছে ৷ কেতিয়াবা যদি টানেলৰ ছাদ খহি শ্ৰমিক মৰিছে, কেতিয়াবা শ্ৰমিক বিদ্যুতস্পৃষ্ট হৈছে ৷ কেতিয়াবা আকৌ টানেল ভাগি পথ বিধ্বস্ত হৈছে (Landslide damages NHPC Lower Subansiri Dam) ৷

বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পত ভূমিস্খলন

প্ৰকল্পটোৱে অদূৰ ভৱিষ্যতে উত্তৰ অসমক বিধ্বস্ত কৰাৰ আশংকাৰে বিভিন্ন দল-সংগঠনে কৰা দশকজোৰা প্ৰতিবাদৰ বিপৰীতে চৰকাৰে প্ৰকল্পটো নিৰ্মাণকাৰ্য সম্পূর্ণ কৰাৰ প্ৰস্তুতিয়ে এক সংঘাতময় পৰিৱেশৰ সৃষ্টি কৰিছে (Protest against NHPC project)। প্ৰকৃতিও বাৰে বাৰে সোঁৱৰাই দিছে যে গেৰুকামুখত বৃহৎ নদী বান্ধ সম্ভৱ নহয় ৷ বিশেষজ্ঞৰ মতামতক প্ৰমাণ কৰি এজাক বৰষুণতে চপৰা চপৰে খহিছে গেৰুকামুখৰ ঠুনুকা পাহাৰ ৷ তথাপিও খৰখেদা কেন্দ্ৰৰ ৷

কিন্তু প্ৰতি ছেকেণ্ডত প্ৰায় ডেৰলাখ ঘনমিটাৰ পানী আৱদ্ধ হোৱা ৰিজাৰ্ভৰ ভৰ গেৰুকামুখৰ ঠুনুকা পাহাৰে বহন কৰিব পাৰিবনে নোৱাৰে তাৰ উত্তৰ কিন্তু আজি পৰ্যন্ত নাই কেন্দ্ৰৰ হাতত ৷

লগতে পঢ়ক: লভিতা নাটক কাৰ ! জ্যোতিপ্ৰসাদ আগৰৱালাৰ নে অভিজিৎ ভট্টাচাৰ্যৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.