ETV Bharat / state

Encroachment in Lakhimpur: লখিমপুৰ চহৰৰ সমীপত সন্দেহজনক নাগৰিকৰ বসতি

author img

By

Published : Mar 19, 2023, 8:27 PM IST

লখিমপুৰ চহৰৰ কাষতে থকা তিনিটাকৈ জানৰ পাৰত চলিছে অবাধ বেদখল ৷ জানকেইটা বেদখলমুক্ত কৰিবলৈ চৰকাৰক স্মাৰত পত্ৰ প্ৰদান কোচ-ৰাজবংশী সংগ্ৰাম সমিতি, সচেতন নাগৰিক মঞ্চকে ধৰি কেইবাটাও সংগঠনৰ ৷ শেহতীয়াকৈ চৰকাৰে ৰাজ্যৰ প্ৰাকৃতিক জলাহ ভূমি বেদখল মুক্ত কৰাৰ বাবে গ্ৰহণ কৰিছ সিদ্ধান্ত (Assam eviction drive) ৷

Encroachment in Lakhimpur
লখিমপুৰ চহৰৰ সমীপত সন্দেহজনক নাগৰিকৰ বসতি

লখিমপুৰ চহৰৰ সমীপত সন্দেহজনক নাগৰিকৰ বসতি

লখিমপুৰ, 19 মাৰ্চ: সংৰক্ষিত বনাঞ্চল, সত্ৰ ভূমি, চৰকাৰী ভূমি অথবা জলাশয়সমূহত দীর্ঘদিন ধৰি হৈ থকা বেদখল মুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে বুলড’জাৰ অভিযান ৷ চৰকাৰৰ এই পদক্ষেপক ৰাইজে আদৰণি জনালেও একাংশই এইয়া অমানৱীয় কাৰ্য বুলি অভিহিত কৰিছে ৷ অৱশ্যে প্ৰতিক্ৰিয়া যি হ’লেও চৰকাৰৰ বুল’ডজাৰ থমকি ৰোৱা নাই ৷

শেহতীয়াকৈ ৰাজ্যৰ বেদখলকৃত জলাহ ভূমিসমূহ বেদখল মুক্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷ ইতিমধ্যেই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সংগ্ৰহ কৰিছে ৰাজ্যৰ প্ৰাকৃতিক জলাহ ভূমিত হোৱা বেদখলৰ তথ্য ৷ এনে সময়তে পোহৰলৈ আহিছে লখিমপুৰৰ তিনিটা জানৰ পাৰত হোৱা বেদখলৰ তথ্য ৷ লখিমপুৰ নগৰৰ সোমদিৰি, গৰীয়াজান, হাইজানত চলি আছে অবাধ বেদখল (Encroachment in lake and water bodies) ৷

এই বেদখলক লৈ কোচ-ৰাজবংশী সংগ্ৰাম সমিতি, সচেতন নাগৰিক মঞ্চ আদি সংগঠনসমূহে জানকেইটা বেদখল মুক্ত কৰাৰ বাবে দাবী জনাইছে ৷ উচ্ছেদ চলাবৰ বাবে উপায়ুক্তক স্মাৰক পত্ৰও দাখিল কৰিছে সংগঠনসমূহে ৷

জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত উল্লেখ থকা অনুসৰি, ‘‘বিগত বৰ্ষসমূহত ৰাজ্যৰ আন জিলাৰ লগতে লখিমপুৰ জিলাতো সন্দেহজনক বহিৰাগত লোকে থলুৱালোকৰ অলক্ষিতে চৰ, চাপৰি, বনাঞ্চল, নদীৰ কাষৰীয়া অঞ্চল, সত্ৰৰ ভূমি বেদখল কৰি প্ৰাকৃতিক ভাৰসাম্যতা বিনষ্ট কৰাৰ লগতে অসামাজিক কাৰ্যকলাপতো লিপ্ত হৈ অহা পৰিলক্ষিত হৈছে (Encroachment in Lakhimpur) ৷’’

সন্দেহজনক লোকৰ আগমনৰ ফলত লখিমপুৰ জিলাত অস্বাভাৱিক হাৰত জনসংখ্যা বৃদ্ধি হোৱা বুলিও উল্লেখ কৰিছে স্মাৰক পত্ৰত ৷ উল্লেখ্য যে অবৈধভাৱে বহুলোকে সোমদিৰি নদী, গৰীয়াজান-হাইজানৰ দুয়োপাৰ পুতি নগৰখনৰ পাৰিৰ্শ্বিকতা নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা লৈ অহা এই জানকেইটাৰ বক্ষ ঠেক কৰি স্বাভাৱিক পানীৰ সোঁতক দীৰ্ঘবছৰে বাধা দি অহাটো গভীৰ উদ্বেগজনক (Encroachment in Assam) ৷

জানকেইটাৰ বেদখলকাৰীসকলৰ গৰিষ্ঠ সংখ্যকেই বৰপেটা, ধুবুৰী, নগাঁও আদি অঞ্চলত ঘৰ, মাটি-বাৰী থকা লোক বুলি ৰাইজৰ মাজত সৰৱ চৰ্চা চলি আহিছে ৷ সেয়েহে ৰাজ্য চৰকাৰ আৰু লখিমপুৰ জিলা প্ৰশাসনে অনতি বিলম্বে উত্তৰ লখিমপুৰ নগৰৰ মাজৰ সোমদিৰি নদী, গৰীয়াজান, হাইজানৰ দুয়োপাৰৰ ভূমিৰ অবৈধ বেদখল উচ্ছেদৰ বাবে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক: Eviction drive in Burhachapori: তিনি দিন ধৰি চলা উচ্ছেদ অভিযানত বেদখলমুক্ত কৰা হ’ল ২০৯৯ হেক্টৰ ভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.