ETV Bharat / state

লখিমপুৰত যুৱ-কংগ্রেছৰ ৰাষ্ট্ৰীয় নিবনুৱা দিৱস পালন

author img

By

Published : Sep 17, 2022, 2:14 PM IST

Unemployment day
লখিমপুৰত যুৱ কংগ্রেছৰ ৰাষ্ট্ৰীয় নিবনুৱা দিৱস পালন

লখিমপুৰত যুৱ-কংগ্ৰেছৰ প্ৰতিবাদ । প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষে যুৱ-কংগ্ৰেছে পালন কৰিলে ৰাষ্ট্ৰীয় নিবনুৱা দিৱস (National Unemployment Day observed)। কংগ্ৰেছৰ অভিযোগ- নিবনুৱাক সংস্থাপনত ব্যৰ্থ বিজেপি চৰকাৰ ।

লখিমপুৰ,১৭ ছেপ্টেম্বৰ : আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন (PM Modi Birthday)। দেশজুৰি প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন পালন কৰা হৈছে । প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনত বিজেপি দলে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে (BJP celebrates Modis birthday)।

লখিমপুৰত যুৱ কংগ্রেছৰ ৰাষ্ট্ৰীয় নিবনুৱা দিৱস পালন

আনহাতে কংগ্ৰেছ দলে আকৌ এই বিশেষ দিনটোত ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিছে । প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনটোক কংগ্ৰেছ দলে ৰাষ্ট্ৰীয় নিবনুৱা দিৱস হিচাপে পালন কৰিছে (Congress observed National Unemployment Day)।

দেশৰ বাকী অংশৰ দৰে অসমৰো বিভিন্ন জিলাত কংগ্ৰেছ দলে ৰাষ্ট্ৰীয় নিবনুৱা দিৱস পালন কৰে । লখিমপুৰ জিলাত যুৱ-কংগ্রেছে পালন কৰিলে এই দিৱস (Youth congress observed National Unemployment Day)। জিলা কংগ্রেছৰ কাৰ্যালয়ৰ পৰা নগৰৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়াই মোডীৰ লগতে বিজেপি বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

প্ৰতিবাদত অংশগ্ৰহণ কৰি লখিমপুৰ জিলা যুৱ-কংগ্রেছৰ নেতাসকলে কয় যে নিৰ্বাচনী ইস্তাহাৰত মোডীয়ে বছৰি ২ কোটি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি পাছত নিযুক্তি দিয়াতো বাদেই কোম্পানীসমূহৰ পৰাও কৰ্মী ছাটাইহে কৰালে (Youth congress protest against BJP)। অসমত নিকা নিযুক্তিৰ প্ৰতিশ্ৰুতি দি বিজেপিৰ নেতাসকলে শেষত নিজৰ অঙহী বঙহীকহে চাকৰি দিলে বুলিও অভিযোগ কৰে যুৱ-কংগ্ৰেছৰ নেতাসকলে ।

আনহাতে চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ নামত বিজেপি চৰকাৰে কোটিৰো অধিক ধন সংগ্রহ কৰাৰো অভিযোগ তোলে যুৱ-কংগ্রেছৰ নেতাসকলে । লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তিত ব্যাপক কেলেংকাৰীৰ অভিযোগ তুলি প্ৰতিবাদকাৰীসকলে কয় যে মেডিকেল কলেজত শেহতীয়া কামৰূপ মহানগৰ জিলাৰ জালুকবাৰী সমষ্টিৰ সৰহ সংখ্যাক প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছে । বিজেপিয়ে লখিমপুৰখনক অন্য এখন জালুকবাৰী বনোৱা বুলিও প্ৰতিবাদকাৰীসকলে ক্ষোভ উজাৰে ।

লগতে পঢ়ক :হিন্দুৰ বাবে শ্মশান আৰু মন্দিৰৰ দাবী কৰিলে মুছলমান সম্প্ৰদায়ৰ লোকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.