ETV Bharat / state

এয়াৰ গানেৰে বগলী মাৰি জে’ললৈ পাঁচ যুৱক

author img

By

Published : Jun 21, 2022, 5:38 PM IST

Lakhimpur youth arrested for hunting bird
এয়াৰ গানেৰে বগলী মাৰি জে’ললৈ গ’ল পাঁচ যুৱক

এয়াৰ গানেৰে বগলী হত্যা কৰি লখিমপুৰৰ পাঁচজনকৈ যুৱক জে’ললৈ যাবলগীয়া হ’ল (Lakhimpur youth arrested for hunting bird)। লখিমপুৰৰ আধাখনা পথাৰত চৰাই চিকাৰ কৰিবলৈ গৈ বিপদত পৰিবলগীয়া হ’ল যুৱককেইজন ।

লখিমপুৰ, ২১ জুন: লখিমপুৰত এয়াৰ গানেৰে বগলী মাৰি পাঁচজনকৈ যুৱক বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত জেললৈ যাবলগীয়া হ’ল । দুটা বগলী মৰাৰ অপৰাধত পাঁচ যুৱকক জেললৈ প্ৰেৰণ কৰা হৈছে (Lakhimpur youth arrested for hunting bird)। লক্ষ্যণীয় যে, লখিমপুৰৰ আধাখনা পথাৰত এয়াৰগানেৰে চৰাই চিকাৰ কৰিবলৈ গৈ বিপদত পৰিবলগীয়া হ’ল পাঁচজনকৈ যুৱক (Hunting by airgun in Lakhimpur)।

যুৱক কেইজনৰ হাতত বন্দুক দেখি স্থানীয় ৰাইজে সৃষ্টি কৰে এক হুলস্থুলীয়া পৰিৱেশৰ । বন্দুকধাৰী যুৱককেইজনক আৱদ্ধ কৰি ৰাইজে খবৰ দিলে বঙালমৰা আৰক্ষীক । আৰক্ষীয়ে দুটা মৃত বগলীসহ যুৱককেইজনক হাৰমতী বন বিভাগক চমজাই দিয়ে (Harmoti forest range office)।

এয়াৰ গানেৰে বগলী মাৰি জে’ললৈ গ’ল পাঁচ যুৱক

ধৃত যুৱককেইজন ক্ৰমে ১ নং সোনাপুৰৰ অইজ উদ্দিন আহমেদ, গোঁহাইপুখুৰীৰ ইকবাল হুছেইন, ফতেহপুৰৰ বাহাৰুল ইছলাম, জামাল উদ্দিন আৰু ৰাশ্বিদুল হক । ধৃত যুৱককেইজনে অৱশ্যে বগলী মৰাৰ কথাটো অস্বীকাৰ কৰি অনলাইনযোগে এয়াৰগান দুটা ক্ৰয় কৰি পথাৰত অনুশীলন কৰিবলৈ গৈছিল বুলি উল্লেখ কৰিছে ।

ইফালে বন বিভাগে বন্যপ্ৰাণী সংৰক্ষণ আইনৰ(Wild Life Protection Act) অধীনত গোচৰ ৰুজু কৰি আটাইকে জে’ললৈ প্ৰেৰণ কৰিছে । স্থানীয় ৰাইজে বগলী মাংসৰ লোভতহে যুৱক কেইজনৰ জেইল যাত্ৰাৰ পথ মুকলি হ’ল বুলি মন্তব্য কৰিছে ।

লগতে পঢ়ক: কলিয়াবৰত বানৰ মাজতে পহু আৰু অজগৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.