ETV Bharat / state

Panigaon Police Station: টালি-টোপোলা কঢ়িয়াই আহৰি পোৱা নাই এখন থানাৰ আৰক্ষীয়ে, কিন্তু কিয়?

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 8:46 PM IST

Panigaon Police Station
পানীগাঁও আৰক্ষী থানাৰ দৃশ্য

টালি-টোপোলা বান্ধি আহৰি পোৱা নাই লখিপুৰৰ পানীগাঁও থানাৰ আৰক্ষীয়ে ৷ কাপোৰ-কানিৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰলৈকে কঢ়িয়াই ভাগৰি পৰা দেখা গ’ল থানাখনৰ আৰক্ষীসকলে ৷ দৰমহাৰ টকাৰে পেট নভৰাৰ ফলত থানাখনৰ এগৰাকী বিষয়াই খাকী পোচাকত দাগ লগোৱাৰ পাছতে উক্ত ভীষণ ব্যস্ততা দেখা গ’ল থানাখনত ৷

পানীগাঁও আৰক্ষী থানাৰ দৃশ্য

লখিমপুৰ, 4 অক্টোবৰ: বুধবাৰৰ দিনটোত লখিমপুৰৰ পানীগাঁও আৰক্ষী থানাত যি ব্যস্ততা দেখা গ’ল, সেই ব্যস্ততা হয়তো কাহানিও হোৱা নাছিল ৷ অৱশ্যে অপৰাধীৰ পিছত দৌৰাৰ বাবে হোৱা নাই সেই ব্যস্ততা, টালি-টোপোলাই বৃদ্ধি কৰালে আৰক্ষীসকলৰ ব্যস্ততা ৷ দৰমহাৰ টকাৰে পেট আৰু মন নভৰা এগৰাকী আৰক্ষীৰ বাবেই বুধবাৰৰ দিনটোত আৰক্ষী থানাখনত উক্ত পৰিৱেশৰ সৃষ্টি হ’ল ৷

আচল কথাটো হ’ল- লখিমপুৰ জিলাৰ পানীগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ সকলো আৰক্ষীকে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে ৷ কঠোৰতকৈও কঠোৰ হৈ পৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই বুধবাৰে উক্ত কঠোৰ নিৰ্দেশনা জাৰি কৰে ৷ যাৰ ফলত পানীগাঁও আৰক্ষী থানাৰ উচ্চৰ পৰা নিম্ম পদবীধাৰীলৈকে সকলো আৰক্ষীয়েই বুধবাৰে টালি-টোপোলা বন্ধা আৰু কঢ়িওৱাত ব্যস্ত হৈ পৰা দেখা গ’ল ৷

লগতে পঢ়ক: CM Vigilance raid: দুহেজাৰ টকাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আৰক্ষী বিযয়া

উল্লেখ্য যে, বুধবাৰে থানাখনৰ আৰক্ষী উপ-পৰিদৰ্শক মেৰাফত আলীয়ে উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে ৷ মাটি-বাৰী আৰু মাৰপিট সংক্ৰান্তীয় এটা গোচৰক চিকাৰ হিচাবে গণ্য কৰি মেৰাফত আলীয়ে দাবী কৰিছিল 5 হাজাৰ টকা ৷ উক্ত গোচৰটো মীমাংসাৰ নামত দুহেজাৰ টকা লওতেই বুধবাৰে দুপৰীয়া দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে কৰায়ত্ব কৰে মেৰাফত আলীক ৷

ঘোচখোৰ, ভোকাতুৰ বিষয়াগৰাকীৰ নিৰ্লজ্জ কৰ্ম-কাণ্ডই খাকী পোচাকত দাগ লগোৱাৰ পৰতেই দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত ধৰা পৰাৰ পাছতেই তৎপৰ হৈ পৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷ পৰৱৰ্তী সময়ত বুধবাৰৰ দিনটোতেই তৎকালীনভাৱে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি পানীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰুৱাসহ সকলো আৰক্ষী বিষয়া, কৰ্মচাৰীক ৰিজাৰ্ভ ক্ল’জ কৰে ৷ তাৰ পাছতে আৰক্ষী অধীক্ষকগৰাকীৰ নিৰ্দেশনা অনুসৰি থানাখনৰ এজন ভাৰপ্ৰাপ্ত বিষয়া, দুজন উপ-পৰিদৰ্শক, দুজন কনিষ্টবল, গৃহৰক্ষীসহ মুঠ 26 গৰাকী আৰক্ষীক তৎকালীনভাৱে ৰিজাৰ্ভ ক্ল’জ কৰে ৷ ইফালে খালী হৈ পৰা থানাখনত লগেলগে নতুনকৈ আৰক্ষী বিষয়া, কনিষ্টবল নিয়োগ কৰা হয় ৷

লগতে পঢ়ক: Jonmani Rabha death updates: জোনমণিৰ দুৰ্ঘটনাগ্ৰস্ত বাহনত ওলাল এখন তেজ লগা ৰুমাল-ম’বাইল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.