ETV Bharat / state

সমাগত বাৰিষা,শংকিত নৈপৰীয়া

author img

By

Published : May 23, 2020, 7:46 PM IST

সোৱণশিৰিৰ বান প্ৰতিহত কৰিবলৈ জলসম্পদ বিভাগে ২ কোটি ১৪ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰিছিল ধুনাগুৰীৰ পৰা চেনিমৰা ঘাট সংযোগী বৃহৎ মঠাউৰী | কিন্তু আশ্চৰ্যকৰভাৱে বিজ্ঞানসন্মত প্ৰযুক্তিৰ সলনি কেৱল বালিৰে মঠাউৰি নিৰ্মান কৰি বাৰিষা ফেনে ফুটুকাৰে বাঢ়ি অহা সোৱণশিৰিক বাধা দিয়া বৃথা চেষ্টা কৰিছে ৰাজ্যৰ জলসম্পদ বিভাগটোৱে ।

Lakhimpur flood
সমাগত বাৰিষা,শংকিত নৈপৰীয়া

লখিমপুৰ,23 মেঃ সমাগত বাৰিষা । কিন্তু বাৰিষাৰ পূৰ্বে লখিমপুৰ জিলাত সম্পূৰ্ণ হৈ উঠা নাই ধুনাগুৰীৰ পৰা চেনিমৰা ঘাট সংযোগী মঠাউৰি নিৰ্মাণৰ কাম । যাৰ বাবে নিশাৰ ভিতৰতে সোৱণশিৰিৰ বানত ডুব যোৱাৰ আশংকাত ভূগিছে প্ৰায় ১০ খন গাঁৱৰ নৈ পৰীয়া ৰাইজ । সোৱণশিৰিৰ বান প্ৰতিহত কৰিবলৈ জলসম্পদ বিভাগে ২ কোটি ১৪ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা বৃহৎ মঠাউৰি । কিন্তু আশ্চৰ্যকৰভাৱে বিজ্ঞানসন্মত প্ৰযুক্তিৰ সলনি কেৱল বালিৰে মঠাউৰি নিৰ্মান কৰি বাৰিষা ফেনে ফুটুকাৰে বাঢ়ি অহা সোৱণশিৰিক বাধা দিয়া বৃথা চেষ্টা কৰিছে ৰাজ্যৰ জলসম্পদ বিভাগটোৱে ।

বাৰিষাক লৈ শংকিত নৈপৰীয়া

উল্লেখ্য যে, ইটিভি ভাৰতে ইয়াৰ পূৰ্বেও নৈ পৰীয়া ৰাইজৰ এই সমস্যা সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ কৰিছিল । কিন্তু লক ডাউনৰ আচিলা লৈ চৰকাৰ তথা জলসম্পদ বিভাগে বন্ধ ৰাখিছে খহনীয়া ৰোধৰ কাম । খহনীয়া ৰোধৰ ক্ষেত্ৰত চৰকাৰে অতি শীঘ্ৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে যিকোনো সময়তে সোৱণশিৰিয়ে সুঁতী সলালে পানীত হাঁহ নচৰা অৱস্থা হ'ব নৈপৰীয়া এই লোকসকলৰ মাজত ।

লগতে পঢ়ক- #savedehingpatkai: টুইটাৰযোগে হ'ব ছাত্ৰসমাজৰ আন্দোলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.