ETV Bharat / state

AASU protest on price hike : মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত আছুৰ প্ৰতিবাদ

author img

By

Published : Oct 13, 2022, 4:31 PM IST

লখিমপুৰ জিলা ছাত্র সন্থায়ো ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী (AASU Lakhimpur District protest) । লখিমপুৰ জিলা ছাত্র সন্থাই প্ৰতিবাদী সমদল উলিয়াই বিক্ষোভ প্রদর্শন কৰে । লগতে মূল্যবৃদ্ধি ৰোধ কৰক, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱৰা অসম চৰকাৰ হায় হায়, অসম চৰকাৰ মিছলীয়া, বিজেপি গ' বেক আদি শ্লোগান দি ছাত্র সন্থাই লখিমপুৰ নগৰ উত্তাল কৰি তোলে (Lakhimpur AASU protest against price hike) ।

AASU
AASU

লখিমপুৰ, ১৩ অক্টোবৰ : আজি সমগ্ৰ অসমজুৰি সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰিছে বিক্ষোভ কাৰ্যসূচী (AASU all Assam protest) । মূল্যবৃদ্ধিকে ধৰি অন্যান্য জ্বলন্ত সমস্যাৰ প্ৰতিবাদত আছুৱে ৰূপায়ণ কৰিছে এই বিক্ষোভ কাৰ্যসূচী (AASU protest against price hike) । আছুৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত । মূল্যবৃদ্ধি, কৰ বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি বিক্ষোভ প্রদর্শন কৰে সদৌ অসম ছাত্র সন্থাই ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত আছুৰ প্ৰতিবাদ

উক্ত কাৰ্যসূচীৰ অংশ হিচাবে লখিমপুৰ জিলা ছাত্র সন্থায়ো ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী (AASU Lakhimpur District protest) । লখিমপুৰ জিলা ছাত্র সন্থাই প্ৰতিবাদী সমদল উলিয়াই বিক্ষোভ প্রদর্শন কৰে । লগতে মূল্যবৃদ্ধি ৰোধ কৰক, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ হায় হায়, অসম চৰকাৰ মিছলীয়া, বিজেপি গ' বেক আদি শ্লোগান দি ছাত্র সন্থাই লখিমপুৰ নগৰ উত্তাল কৰি তোলে (Lakhimpur AASU protest against price hike) ।

আনহাতে, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰক তীব্র সমালোচনা (AASU slammed BJP government) কৰি ছাত্র সন্থাৰ নেতাসকলে কয় যে দেশত বৰ্তমান সবকা সাথ সবকা বিকাশ হোৱা নাই (BJP slogan sabka sath sabka bikash) । 'অমিৰো কো বিকাশ অউৰ গৰীবো কা পেট পৰ লাঠ'হে হৈছে । কংগ্রেছ চৰকাৰ ক্ষমতাত থাকোঁতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডিঙিত আলু-পিঁয়াজৰ মালা পিন্ধি প্ৰতিবাদ কৰা বিজেপিৰ নেতা-পালিনেতাসকল এতিয়া শুই থকা বুলিও ধিক্কাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

অত্যাৱশ্যকীয় সকলো সামগীৰ মূল্যবৃদ্ধি (price hike of essential commodities) ৰোধ কৰাৰ লগতে কৰ বৃদ্ধিও ৰোধ কৰিবলৈ ছাত্র সন্থাই দাবী জনায় । আনহাতে, লখিমপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ (poor condition of NH 15) দুৰ্দশাক চৰকাৰে দেখিও নেদেখাৰ ভাওজোৰা কাৰ্যকো সমালোচনা কৰে । উক্ত কাৰ্যসূচীত জিলা ছাত্র সন্থাৰ সভাপতি সীমান্ত নেওগ, সম্পাদক স্বৰাজ শংকৰ গগৈসহ ভালেমান ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰে ।

লগতে পঢ়ক :AASU protest in Barpeta: মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰপেটাত আছুৰ বিক্ষোভ প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.