ETV Bharat / state

সীমা সমস্যা সমাধানৰ দাবীত লখিমপুৰত KMSS ৰ পথ অৱৰোধ

author img

By

Published : Sep 12, 2022, 3:21 PM IST

অসম অৰুণাচল সীমান্তৰ সীমা সমস্য়াক লৈ আজিও উত্তাল লখিমপুৰ(Protest in Lakhimpur) । সোমবাৰে KMSS ৰ লখিমপুৰ জিলা সমিতিয়ে পথ অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ(KMSS protest in Lakhimpur) ।

protests in lakhimpur demanding solution
সীমা সমস্যা সমাধানৰ দাবীত লখিমপুৰত KMSS ৰ পথ অৱৰোধ

লখিমপুৰ,১২ ছেপ্টেম্বৰ: অৰুণাচলৰ সৈতে অসমৰ সীমা সমস্যা সমাধানৰ হকে চৰকাৰী পৰ্যায়ত প্ৰচেষ্টা চলি আছে যদিও এই পৰ্যন্ত কোনো সমাধান সূত্র ওলোৱা নাই । যাৰ বাবে বিশেষকৈ লখিমপুৰ জিলাত বিভিন্ন দল সংগঠনে নিৰন্তৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে(Demanding to solution to border issue) । সোমবাৰেও জিলাখনত তেনে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয় ।

লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ মইনাজুলিত সীমা সমস্যাক কেন্দ্ৰ কৰি সোমবাৰে পথ অৱৰোধ কৰে KMSS ৰ লখিমপুৰ জিলা সমিতিয়ে(Protest in Lakhimpur) । পুৱা ১১.৪৫ বজাৰ পৰা অসম অৰুণাচল সীমান্তৰ উক্ত পথটো এঘন্টাৰ বাবে অৱৰোধ কৰি অৰুণাচল প্ৰদেশ চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে(KMSS protest in Lakhimpur) ।

সীমা সমস্যা সমাধানৰ দাবীত লখিমপুৰত KMSS ৰ পথ অৱৰোধ

প্ৰতিবাদকাৰী সকলে শীঘ্ৰে এই সমস্যা সমাধান নকৰিলে অনাগত সময়ত ভয়ংকৰ আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি অৱৰোধ থলীৰ পৰাই চৰকাৰক সকীয়াই দিয়ে । আনহাতে প্ৰতিবাদকাৰীসকলৰ একাংশক প্ৰতিবাদ থলীলৈ আহিব নোৱাৰাকৈ আৰক্ষীয়ে আদ বাটতে বাধা দিয়া বুলি ক্ষোভ প্ৰকাশ কৰি আৰক্ষীৰ বিৰুদ্ধেও সোচ্চাৰ হৈ পৰে প্ৰতিবাদকাৰী সকল ।

লগতে পঢ়ক: ধেমাজি টেকজুৰিত নাঙল ধোৱা পিঠা খোৱা পৰ্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.