ETV Bharat / state

লখিমপুৰত বিধায়ক মানৱ ডেকাই উদ্বোধন কৰিলে সমষ্টি ভিত্তিত খেল মহাৰণ

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 1:32 PM IST

ৰাজ্যত এতিয়া ৰজনজনাই আছে ক্ৰীড়া ক্ষেত্র, সাংস্কৃতিক ক্ষেত্র । গাঁও পঞ্চায়ত আদি পৰ্যায়ৰ পৰা গতি কৰিছে ক্ৰীড়া, সাংস্কৃতিক আদি প্ৰতিযোগিতা সমূহ । দেওবাৰে লখিমপুৰত সমষ্টি ভিত্তিত খেল মহাৰণ উদ্বোধন কৰে বিধায়ক মানৱ ডেকাই ।

Khel maharan on a constituency basis in Lakhimpur
লখিমপুৰত সমষ্টি ভিত্তিত খেল মহাৰণ

লখিমপুৰত সমষ্টি ভিত্তিত খেল মহাৰণ

লখিমপুৰ, ১০ ডিচেম্বৰ: লখিমপুৰত আজি সমষ্টি ভিত্তিত খেল মহাৰণ আৰম্ভ কৰিলে বিধায়ক মানৱ ডেকাই । ৰাজ্য চৰকাৰে ক্ৰীড়া, সাংস্কৃতিক আদি দিশত প্ৰথমবাৰৰ বাবে গ্রহণ কৰিছে বিভিন্ন অভিলাষী আচনি । ক্ৰীড়া, সাংস্কৃতিক ক্ষেত্রৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে গ্রহণ কৰা এনে আচনি সমূহে নিতৌ ৰাজ্যখনক ৰজনজনাই ৰাখিছে । ৰাজ্যৰ আন জিলাৰ দৰে লখিমপুৰতো চলিছে ক্ৰীড়া আৰু সাংস্কৃতিক মহাৰণ । গাঁও, পঞ্চায়ত আদিৰ পৰা বৰ্তমান সমষ্টি ভিত্তিত আৰম্ভ হৈছে এনে প্ৰতিযোগিতা সমূহ।

দেওবাৰে খেল মহাৰণৰ সমষ্টি ভিত্তিত প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে । লখিমপুৰ নগৰৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত লখিমপুৰ সমষ্টি ভিত্তিত খেল প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিধায়ক মানৱ ডেকাই । নগৰৰ সমীপৰ কোৱৰগাঁও খেলপথাৰত খো-খো আৰু কাবাডী প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হ'ব । আনহাতে, লখিমপুৰ কলেজৰ আন্তঃৰাষ্ট্ৰীয় মানৰ খেলপথাৰত এথলেটিক প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হ'ব ।

খেল মহাৰণ উদ্বোধন কৰি বিধায়ক মানৱ ডেকাই কয় এই আচনিয়ে খেলুৱৈ সকলৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায় লৈ যোৱাৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিছে । এনে আচনি গ্রহণ কৰা বাবে তেওঁ মুখ্যমন্ত্রী ড৹হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয় । সু পৰিকল্পিত এক ব্যৱস্থা আৰম্ভ কৰি মুখ্যমন্ত্রীয়ে ক্ৰীড়া তথা সাংস্কৃতিক ক্ষেত্রক অনন্য গতি দিব বিচাৰিছে বুলি তেওঁ কয় । তেওঁ খেলুৱৈ সকলক যিমান পাৰে সিমান এই আচনিত অংশগ্রহণ কৰি উপকৃত হবলৈ আহ্বান জনায় । বিধায়ক মানৱ ডেকাই আৰম্ভ কৰা খেল মহাৰণৰ এই উদ্বোধনী অনুষ্ঠানত জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা, পৌৰপতি নিবেনিতা দত্তকে ধৰি কেইবাগৰাকী লোকে অংশগ্রহণ কৰে ।

লগতে পঢ়ক:আমগুৰিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উপভোগ কৰিলে মহিলাৰ দ্বাৰা প্ৰদৰ্শিত ভাওনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.