ETV Bharat / state

সংকটৰ গৰাহত লখিমপুৰৰ কাছমাৰী বিল, গুৰুত্ব নাই প্ৰশাসনৰ

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 7:01 PM IST

Kasomari beel in crisis
সংকটৰ গৰাহত লখিমপুৰৰ কাছমাৰী বিল

Kasomari Beel in crisis: লখিমপুৰৰ অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱাৰ সমীপত আছে কাছমাৰী বিল । বিভিন্ন প্ৰজাতিৰ দুস্প্ৰাপ্য কাছ আৰু জলজ প্ৰাণীৰ বাসস্থান কাছমাৰী বিল । দেশী-বিদেশী পক্ষীৰো বিচৰণথলী কাছমাৰী বিল । কিন্তু এতিয়া অস্তিত্বৰ সংকটত বিলখন । এই লৈ ৰাইজ তথা বিভিন্ন সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ ।

সংকটৰ গৰাহত লখিমপুৰৰ কাছমাৰী বিল

লখিমপুৰ, 20 ডিচেম্বৰ : লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীপৰ পথালিপাহাৰৰ ঐতিহাসিক কাছমাৰী বিলৰ অস্তিত্ব সংকটৰ দিশলৈ গতি কৰিছে । অৰুণাচল প্ৰদেশৰ ঔদ্যোগপতিয়ে কৌশলেৰে পুতি পেলাইছে কাছৰ বাবেই বিখ্যাত কাছমাৰী বিলখন । চকুমুদা কুলিৰ ভাৱত চক্ৰ বিষয়া, জিলা প্ৰশাসন ।

এই লৈ বিভিন্ন দল-সংগঠনে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে । লখিমপুৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ পথালিপাহাৰত অৱস্থিত ৰাজ্যখনৰ ভিতৰতে কাছৰ বাবে বিখ্যাত তথা ঐতিহাসিক কাছমাৰী বিলখনৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে অৰুণাচল প্ৰদেশৰ এজন তথাকথিত ঔদ্যোগপতিয়ে ।

ৰাইজৰ অভিযোগ মতে নতুনকৈ প্ৰতিষ্ঠা কৰা বিভিন্ন শীতল পানীয়ৰ উদ্যোগ নিৰ্মাণৰ বাবেই ধ্বংস হৈছে অৰুণাচল প্ৰদেশৰ পাহাৰ আৰু সেই পাহাৰৰ ৰঙা মাটি খহি কাছমাৰী বিলখনৰ আধা অংশ পুতি পেলাইছে । এই সন্দৰ্ভত নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়াক বাৰম্বাৰ অৱগত কৰোৱাৰ স্বত্বেও কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ।

বৰ্তমানৰ চক্ৰ বিষয়াগৰাকীয়েও সাংবাদিক আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলক জুলাই মাহতেই এসপ্তাহৰ ভিতৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মৌখিকভাৱে জনাইছিল যদিও পাঁচমাহ অতিক্ৰম কৰি কৰাৰ পাছতো তদন্ত কৰিবলৈ নাহিল বিষয়াগৰাকী ।

বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ খেৰাজখাত আঞ্চলিক সমিতি আৰু মিচিং সংগঠনে নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়াগৰাকীক তীব্ৰ সমালোচনা কৰি কয় যে অৰুণাচলী উদ্যোগপতিৰ এই কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক । কিহৰ ভিত্তিত অসম-অৰুণাচল সীমান্তৰ বিবদমান অঞ্চলত অৰুণাচল প্ৰদেশৰ ঔদ্যোগপতিয়ে স্থায়ী পকী ৱাল নিৰ্মাণ কৰিবলৈ সুবিধা পালে বুলি কয় জাতীয় সংগঠনৰ নেতাসকলে ৷ যিহেতু বিবদমান অঞ্চলত স্থায়ী পকী ৱাল দুয়োখন ৰাজ্যৰ ফালৰ পৰা কোনেও নিৰ্মাণ কৰিব নোৱাৰে তেনেস্থলত কেনেকৈ সম্ভৱ হৈছে অৰুণাচলৰ উদ্যোগপতিৰ ক্ষেত্ৰত?

এইক্ষেত্ৰত লখিমপুৰ জিলাত নতুনকৈ যোগদান কৰা জিলা আয়ুক্তগৰাকীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা দাবী জনায় ৷ অন্যথা ৰাইজৰ সহযোগত অচিৰেই গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে সংগঠন দুয়োটাই ৷

লগতে পঢ়ক: চৰ্ত সাপেক্ষে গুৱাহাটীৰ 13 খন পাহাৰত বাস কৰা লোকে লাভ কৰিব ভূমিৰ পট্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.