ETV Bharat / state

মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত জাগৃত নাৰী শক্তি সমিতিৰ প্ৰতিবাদ

author img

By

Published : Jul 28, 2021, 2:07 PM IST

বিধানসভা নিৰ্বাচনী সভাত সেই সময়ৰ বিত্তমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ'ফাইনেঞ্চ (Microfinance) ৰ ঋণ ৰেহাই দিম বুলি মন্তব্য কৰিছিল ৷ কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ পাছত মাইক্ৰ'ফাইনেঞ্চৰ কথা পাহৰি গৈছে ড৹ শৰ্মাই ৷

Jagrata Nari Sakti Protest Against Government At Lakhimpur
ঋণ ৰেহাইৰ নামত মহিলাসকলক বিজপি কৰণ কৰিব বিচাৰিছে চৰকাৰে: জাগৃত নাৰী শক্তি

লখিমপুৰ, 28 জুলাই : ৰাজ্যত মাইক্ৰ'ফাইনেন্সৰ (Microfinance) ঋণ ৰেহাই দিয়াৰ নামত চৰকাৰে সকলো মহিলাক বিজেপিকৰণ কৰিব খুজিছে । মঙলবাৰে লখিমপুৰত এই অভিযোগ কৰে জাগৃত নাৰী শক্তি সমিতিয়ে ৷ ইয়াৰ বিৰুদ্ধে বিজেপি মিত্ৰজোঁট চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে জাগৃত নাৰী শক্তি সমিতি নামৰ মহিলা সংগঠনটোৱে ।

মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাইৰ নামত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত এখন কমিটী গঠন কৰি দিয়ে ৷ কমিটীখনে ঋণ ৰেহাইৰ নামত কেইবাটাও চৰ্ত বান্ধি দিয়া হৈছে ৷ এই চৰ্ত অনুসৰি কেৱল দৰিদ্ৰ লোক সকলৰহে ঋণ মাফ কৰিব চৰকাৰে ৷ চৰকাৰৰ এই চৰ্তৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰতিবাদকাৰী মহিলা সকল ৷

ঋণ ৰেহাইৰ নামত মহিলাসকলক বিজপি কৰণ কৰিব বিচাৰিছে চৰকাৰে: জাগৃত নাৰী শক্তি

মঙলবাৰে লখিমপুৰৰ চি ডি ৰোডৰ ৰংগমঞ্চত একগোট হৈ চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ তোলে জাগৃত নাৰী শক্তি সমিতিৰ সদস্য সকলে ।

লগতে পঢ়ক-মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাইৰ নামত চৰকাৰে এক পদক্ষেপ লৈছে যদিও চৰকাৰে বিজেপিৰ মহিলা মৰ্চাকহে দায়িত্ব দিয়া বুলি কয় সংগঠনটোৱে । এই কাৰ্যৰে চৰকাৰখনে ৰাজ্যৰ সকলো মহিলাকে বিজেপি দলৰ আওতালৈ অনাৰ প্ৰচেষ্টা কৰিছে । ঋণ মাফ কৰাৰ দাবীত তেওঁলোকে উপায়ুক্তক এখন স্মাৰক পত্ৰও প্ৰদান কৰে ।

ৰাজ্যত ঋণগ্ৰস্ত হাজাৰ হাজাৰ মহিলাই কোম্পানীক টকা ঘুৰাই দিব নোৱাৰি হাহাকাৰ কৰিবলগা হৈছে ৷ ইয়াৰ বিপৰীতে বিজেপিৰ মহিলা মৰ্চাৰ সদস্য সকল শুই আছে বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে ৷ এই সামগ্রিক প্ৰক্ৰিয়াটো বুজাপৰা কৰিবলৈ জাগৃত নাৰী শক্তি সমিতি খনক অন্তর্ভুক্ত কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে । আনহাতে, লোন পৰিশোধ কৰিব নোৱাৰি আত্মহত্যা কৰা মহিলালকলৰ পৰিয়ালক এককালীন সাহায্য দিয়াৰ দাবী কৰে চৰকাৰক ৷

লগতে পঢ়ক-মাইক্ৰ'ফাইনেঞ্চ লোণ সন্দৰ্ভত মন্ত্ৰী অশোকৰ সিংহালৰ সংবাদমেল LIVE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.