ETV Bharat / state

Illegal Affairs: পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে আৰক্ষী কৰ্মীৰ সংসাৰত আউল !

author img

By

Published : Dec 1, 2022, 3:08 PM IST

Updated : Dec 1, 2022, 4:36 PM IST

পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে থানবান হ'বলৈ ধৰিছে এখন সুখৰ সংসাৰ ৷ অসম আৰক্ষীৰ এগৰাকী আৰক্ষী বিষয়াৰ লগতে আন এগৰাকী ব্যক্তিৰ বাবে নাৰায়ণপুৰত ভাঙোনমুখী এই সংসাৰ (Illegal affairs of wife in Narayanpur) ৷ নাৰায়ণপুৰ চোমধৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷

Lakhimpur
Lakhimpur

বিহপুৰীয়া, 1 ডিচেম্বৰ : সুখৰ সংসাৰত দুখৰ বীজাণু ! বীজাণুটোৰ নাম হৈছে পৰকীয়া । পৰকীয়া প্ৰেমৰ বীজাণুৱে থানবান কৰিছে বহুতৰে সুখৰ সংসাৰ (Illegal affairs broken happiness of family) । কেতিয়াবা যদি স্বামী, কেতিয়াবা আকৌ পত্নীৰ পৰকীয়া প্ৰেম । যাৰ বাবে সাতজনমৰ বান্ধোন গাঁথি বান্ধি জীৱনে-মৰণে খোজত খোজ মিলাই আগবাঢ়িব বিচৰা সপোনবোৰ অকালতে মৰহি যায় । বৈবাহিক প্ৰেম হৈ পৰে নৰকৰ যন্ত্ৰণা । দৰাচলতে দুখন হৃদয়ৰ মাজত তৃতীয় হৃদয়ৰ অনাধিকাৰ প্ৰৱেশৰ বাবেই খহি পৰে সপোনৰ পপীয়া তৰা ।

পত্নীৰ পৰকীয়াৰ বাবে আৰক্ষী কৰ্মীৰ সংসাৰত আউল !

এইবাৰ পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে থানবান হ'বলৈ ধৰিছে এখন সুখৰ সংসাৰ ৷ অসম আৰক্ষীৰ এগৰাকী আৰক্ষী বিষয়াৰ লগতে আন এগৰাকী ব্যক্তিৰ বাবে নাৰায়ণপুৰত ভাঙোনমুখী এই সংসাৰ (Illegal affairs of wife in Narayanpur) ৷ নাৰায়ণপুৰ চোমধৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ গাঁওখনৰ বিতুল গগৈৰ পত্নী জোনমণি লিগিৰা গগৈৰ সৈতে একে গাঁৱৰে পূৰ্ণেশ্বৰ চেতিয়াৰ পৰকীয়া প্ৰেমৰ তথ্য-প্ৰমাণ লৈ শিমলুগুৰি আৰক্ষী চকীত পূৰ্ণেশ্বৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল স্বামী বিতুল গগৈয়ে (husband alleged illegal affairs against wife) ৷

ন্যায় বিচাৰি পত্নীৰ অশ্লীল ফটো আৰু বাৰ্তালাপ আৰক্ষী চকীখনৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া অনন্ত নৰহক প্ৰদান কৰিছিল বিতুলে (FIR against illegal affairs of wife) ৷ কিন্তু তদন্তৰ নামত পূৰ্ণেশ্বৰৰ পৰা উৎকোচ লোৱাৰ বিপৰীতে জোনমণিক ব্লেকমেইল কৰি অসৎ চৰিতাৰ্থ পূৰণ কৰাত লিপ্ত হৈ পৰে বিষয়াগৰাকী ৷ ইমানতে ক্ষান্ত নাথাকি আৰক্ষী বিষয়াগৰাকীৰ বুদ্ধিমতেই জোনমণিয়ে স্বামীগৃহ ত্যাগ কৰি আঠ বছৰীয়া পুত্ৰক লৈ মাতৃগৃহলৈ গুচি যায় (Narayanpur wife illegal affairs) ৷

জোনমণিৰ সৈতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ প্ৰতিদিনে অব্যাহত থকা অবৈধ অভিসাৰৰ মোবাইল বাৰ্তালাপ জোনমণিৰ ককায়েকে ধৰা পেলাই স্বামী বিতুল গগৈক দিয়াত পৰিস্থিতিয়ে অন্য ৰূপ ধাৰণ কৰে ৷ বিতুল গগৈয়ে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে প্ৰমাণসহ লখিমপুৰ আৰক্ষী অধীক্ষকক আবেদন কৰাৰ লগতে প্ৰতিলিপি প্ৰেৰণ কৰে আৰক্ষী সঞ্চালক প্ৰধান (DGP of Assam) আৰু মুখ্যমন্ত্ৰীলৈ (CM of Assam) ৷

ইয়াতে খৰ্গহস্ত হৈ আৰক্ষী বিষয়াজনে জোনমণিৰ হতুৱাই স্বামীৰ দ্বাৰা নিৰ্যাতনৰ এটা গোচৰ ৰুজু কৰাই পৰৱৰ্তী সময়ত লখিমপুৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বিবাহ বিচ্ছেদ আৰু আঠ বছৰীয়া পুত্ৰ সন্তানৰ ভৰণ-পোষণৰ বাবে মাহিলি ত্ৰিশ হাজাৰকৈ বিচাৰি আবেদন কৰে ৷ পত্নীৰ এনে কাণ্ডত উপায়হীন হৈ পৰিছে স্বামী বিতুল গগৈ ৷ পত্নীৰ পৰকীয়া প্ৰেমৰ উচিত ন্যায় বিচাৰি অসম আৰক্ষীৰ কাষ চাপি এতিয়া পত্নীকো হেৰুওৱাৰ সন্ধিক্ষণত বিতুল গগৈ (Assam police officer illegal affairs) ৷

সম্প্ৰতি শিমলুগুৰি আৰক্ষীচকীৰ পৰা বদলি হোৱা পত্নীৰ দুই পৰকীয়া প্ৰেমিক ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনন্ত নৰহ আৰু পূৰ্ণেশ্বৰ চেতিয়াৰ বিৰুদ্ধে পাঁচ নৱেম্বৰত পুনৰ এক গোচৰ তৰিছিল বিতুল গগৈয়ে ৷ কিন্তু শিমলুগুৰি আৰক্ষীৰ পক্ষপাতমূলক আচৰণত আগনাবাঢ়িল গোচৰ প্ৰক্ৰিয়া ৷ উপায়ান্তৰ হৈ সংবাদ মাধ্যমৰ আশ্ৰয় ল’বলগা হৈছে বিতুল গগৈ ৷ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, বিতুল গগৈৰ অভিযোগ সত্য বুলি স্বীকাৰ কৰি দোষীৰ শাস্তি দাবী কৰিছে জোনমণিৰ ককায়েক নিতুল লিগিৰাই ৷

ইফালে দুৰ্ভগীয়া বিতুলৰ কাষত থিয় হৈ গাঁৱৰ অধিকাংশ ৰাইজে সুখৰ সংসাৰখন থানবান কৰা দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তি দাবী কৰিছে ৷ ইফালে অসম আৰক্ষীৰ এগৰাকী বিষয়াৰ নিৰ্লজ্জ কৰ্মকাণ্ডই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে চোমধৰা গাঁৱত ৷ সম্প্ৰতি সকলোৰে এটাই প্ৰশ্ন এতিয়া কোনে কৰিব বিতুলৰ সুবিচাৰ ?

লগতে পঢ়ক :Anand Sharma surgery: চিকিৎসক ডাঃ অনিল পান্নালালে আৰম্ভ কৰিছে আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ

Last Updated :Dec 1, 2022, 4:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.