ETV Bharat / state

মুক্তিযোদ্ধা চিদানন্দ দত্তৰ মৃত্যু

author img

By

Published : Aug 16, 2021, 10:35 PM IST

মুক্তিযোদ্ধা চিদানন্দ দত্তৰ মৃত্যু
মুক্তিযোদ্ধা চিদানন্দ দত্তৰ মৃত্যু

প্ৰয়াত স্বাধীনতা সংগ্ৰামী থানেশ্বৰ গগৈ, লীলা ভূঞা, বোধেশ্বৰ বৰাৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিছিল মুক্তি যোদ্ধা চিদানন্দ দত্ত । দেওবাৰে বাৰ্ধক্যজনিত কাৰণতেবিশিষ্ট মুক্তিযোদ্ধা গৰাকীয়ে শেষ নিঃশ্বাস ত্যাগ কৰে ।

বিহপুৰীয়া, 16 আগষ্ট : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বিশিষ্ট মুক্তিযোদ্ধা চিদানন্দ দত্তৰ মৃত্যু । দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত শয্যাশায়ী হৈ আছিল চিদানন্দ দত্ত ৷ অৱশেষত সোমবাৰে বিয়লি নিজ বাসগৃহতে শেষ নিঃশ্বাস ত্যাগ কৰে মুক্তিযোদ্ধা গৰাকীৰ । 1921 চনত যোৰহাট জিলাৰ বালিগাঁৱত জন্ম গ্ৰহণ কৰিছিল প্ৰয়াত চিদানন্দ দত্তই ৷

1942 চনত তেখেতৰ পৰিয়ালটো লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৰ বৰ্তমানৰ শিঙীয়া আহঁতগুৰি গাঁৱলৈ উঠি আহে । সেই সময়ত দেশৰ স্বাধীনতা সংগ্ৰামৰ ভৰপক । যোৰহাট চৰকাৰী হাইস্কুলত অষ্টম শ্ৰেণীত অধ্যয়নৰত অৱস্থাতে শিক্ষা সাং কৰি নাৰায়ণপুৰলৈ অহা দত্তই দেশৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰে । প্ৰয়াত স্বাধীনতা সংগ্ৰামী থানেশ্বৰ গগৈ, লীলা ভূঞা, বোধেশ্বৰ বৰাৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিছিল মুক্তিযোদ্ধা চিদানন্দ দত্তই ।

8 সন্তানৰ পিতৃ মুক্তিযোদ্ধা গৰাকীয়ে স্বাধীনতাৰ পৰৱৰ্তী সময়ত অঞ্চলটোৰ বিভিন্ন অনুস্থান-প্ৰতিস্থানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ পৰিছিল ।

মৃত্যু পৰ্যন্ত মুক্তিযোদ্ধাৰ পেঞ্চন লাভ কৰি থকা চিদানন্দ দত্তই শতবৰ্ষ অতিক্ৰম কৰিবলৈ মাজত মাত্ৰ 48 টা দিন বাকী আছিল । ইতিমধ্যে পৰিয়ালৰ লোকে অঞ্চলটোৰ ৰাইজৰ সহযোগত মুক্তিযোদ্ধা চিদানন্দ দত্তৰ জন্মৰ শতবৰ্ষ উদযাপনৰো সিদ্ধান্ত গ্ৰহণ কৰিছিল । কিন্তু সময়ে সেই সুযোগ নিদিলে । দেশৰ স্বাধীনতা সংগ্ৰামত জড়িত হৈ মুক্তিযোদ্ধাৰ সন্মান লাভ কৰা প্ৰয়াত চিদানন্দ দত্তৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক:কংগ্ৰেছে কি দিয়া নাছিল সুস্মিতাক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.