ETV Bharat / state

সংস্কাৰ ৰুৰেল চচিঅ' ইকনমিক ডেভেলপমেণ্ট চছাইটিৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিৱিৰ

author img

By

Published : Mar 27, 2022, 9:24 PM IST

দেওবাৰে বিহপুৰীয়াৰ জাপজুপ মজলীয়া বিদ্যালয়ত সংস্কাৰ ৰুৰেল চচিঅ' ইকনমিক ডেভেলপমেণ্ট চছাইটিৰ উদ্যোগত আৰু লখিমপুৰ ম'বাইল মেডিকেল ইউনিটৰ সহযোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ(Free Health Camp) অনুষ্ঠিত কৰা হয় ।

Free Health Camp
সংস্কাৰ ৰুৰেল চচিঅ' ইকনমিক ডেভেলপমেণ্ট চছাইটিৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিৱিৰ

বিহপুৰীয়া, ২৭ মাৰ্চ: দেওবাৰে বিহপুৰীয়া জাপজুপ মজলীয়া বিদ্যালয়ত ৰুৰেল চচিঅ' ইকনমিক ডেভেলপমেণ্ট চছাইটিৰ উদ্যোগত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ(Free Health Camp) অনুস্থিত কৰা হয় । বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰৰ সমান্তৰালকৈ স্থানীয় ৰাইজৰ মাজত বিভিন্ন ৰোগৰ ঔষধ বিতৰণ কৰা হয় ।

free health camp held in bihpuria
বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰৰ সমান্তৰালকৈ স্থানীয় ৰাইজৰ মাজত বিভিন্ন ৰোগৰ ঔষধ বিতৰণ কৰা হয়

উক্ত স্বাস্থ্য পৰীক্ষা শিৱিৰ আৰু বিনামূলীয়া ঔষধ বিতৰণ কাৰ্যসূচীত প্ৰায় শতাধিক স্থানীয় পুৰুষ-মহিলাই স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ গ্ৰহণ কৰে । বিহপুৰীয়া জাপজুপ মজলীয়া বিদ্যালয়ত অনুষ্ঠিত কৰা কাৰ্যসূচীত উপস্থিত থাকে স্বাস্থ্য বিষয়া সপ্তৰ্ষী শৰ্মা,স্বাস্থ্য কৰ্মী গুৰিস্মীতা গগৈ,নৱনীতা ভূঞা,ছাইদুল ইছলাম,কবিতা পাঁচনি,স্থানীয় আশা কৰ্মী বুলু ফুকন,হেমপ্ৰভা বৰা ।

free health camp held in bihpuria
ৰুৰেল চচিঅ' ইকনমিক ডেভেলপমেণ্ট চছাইটিৰ উদ্যোগত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ(Free Health Camp) অনুস্থিত কৰা হয় ।

লগতে সংস্কাৰ ৰুৰেল চচিঅ' ইকনমিক ডেভেলপমেণ্ট চছাইটিৰ সম্পাদক ৰূপমজ্যোতি চেতিয়াকে আদি কৰি সংস্থাটোৰ ভালেকেইজন বিষয়ববীয়াও উপস্থিত থাকে সমাজহিতৈষী অনুষ্ঠানটোত । এই কাৰ্যসূচীৰ জড়িয়তে স্থানীয় ৰাইজ যথেষ্ট উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে উদ্যোগতাসকলে ।

লগতে পঢ়ক: নিযুক্তিৰ বিজ্ঞাপনৰ আবেদন মাচুল প্ৰত্যাহাৰৰ দাবী দল-সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.