ETV Bharat / state

নাওবৈচাৰ পদ্মপুৰত গাভৰু নদীৰ তাণ্ডৱ

author img

By

Published : Jul 15, 2021, 10:32 PM IST

নাওবৈচাৰ পদ্মপুৰত গাভৰু নদীৰ তাণ্ডৱ । নদীখনৰ সংহাৰী বানত উটি গ'ল অঞ্চলটোৰ ৰক্ষা কৱচ স্বৰূপ কৃষিবান্ধ । শ-শ বিঘা শালি খেতি পানীৰ তলত । হাহাকাৰ অৱস্থা কৃষকৰ ।

nowboicha flood
নাওবৈচাৰ পদ্মপুৰত গাভৰু নদীৰ তাণ্ডৱ

নাওবৈচা, ১৫ জুলাই : বাৰিষাৰ লগে লগে অসমৰ নৈ সমূহৰো তাণ্ডৱ আৰম্ভ হৈছে । ইতিমধ্যে নৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ লগে লগে বিভিন্ন স্থানত বাঢ়নী পানীয়ে এক ভয়ানক পৰিৱেশৰ সৃষ্টি কৰিছে । বহু গাঁও বানৰ কৱলত পৰিছে আৰু বহু অঞ্চল নৈৰ বুকুত জাহ গৈছে ।

বিশেষকৈ প্ৰতিবছৰৰ দৰে এইবাৰো লখিমপুৰ জিলা বানৰ (Flood) কৱলত পৰিছে । লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ উত্তৰ লালুক গাঁও পঞ্চায়তৰ অন্তৰ্গত পদ্মপুৰৰ কাষেৰে বৈ যোৱা পাহাৰীয়া গাভৰু নদীয়ে বৃহস্পতিবাৰে অঞ্চলটোত তাণ্ডৱ চলাই শ শ কৃষক ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰে । জিলাখনৰ লগতে দাঁতিকাষৰীয়া অৰুণাচল প্ৰদেশত দুই তিনি দিন ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত নদীখনত অস্বাভাৱিকভাৱে বাঢ়ি অহা বাঢ়নী পানীয়ে অঞ্চলটোৰ ৰক্ষাকৱচ স্বৰূপ এটি কৃষিবান্ধ প্ৰায় ১০০ মিটাৰলৈ দুই ঠাইত মূহুৰ্ততে উটুৱাই নি জলপ্ৰলয়ৰ সূচনা কৰে ।

নাওবৈচাৰ পদ্মপুৰত গাভৰু নদীৰ তাণ্ডৱ

উল্লেখ্য যে, কৃষিপ্ৰধান অঞ্চলটোৰ শ শ কৃষক পৰিয়ালে মূৰৰ ঘাম মাটিত পেলাই বহু কষ্টৰে কৰা শ-শ বিঘা শালি ধানৰ খেতি নৈখনৰ সংহাৰী বানে বুৰাই পেলোৱাত দৰিদ্ৰ কৃষক ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । পুৱাৰ ভাগত নৈখনৰ বলিয়া বানে নৈৰ বালিৰে নিৰ্মাণ কৰা কৃষিবান্ধটো দুই ঠাইত চিঙাৰ ফলত পুৱা ভূঁই ৰুবলৈ যোৱা ৰোৱনীসকলে খেতিৰ ওপৰৰে নৈৰ পানী বৈ গৈ থকা দেখি হতবাক হৈ পৰে । দুখীয়া দৰিদ্ৰক নিৰাপত্তা দিয়াৰ বিপৰীতে একমাত্ৰ ঠিকাদাৰৰ পকেট গধুৰ কৰাৰ স্বাৰ্থত আঁচনি ৰূপায়ণ কৰা বাবেই কৃষক পৰিয়াল সমূহৰ এনে দূৰ্দশা হ'ল বুলি অভিযোগ কৰে ৰাইজে ।

বালিৰ দ্বাৰা নিৰ্মিত কৃষিবান্ধটো বৰষুণতেই খহি দুটা অংশত ছিঙি নিয়াৰ বাবেই শালি খেতিৰ লগতে কঠিয়াসমূহৰ বিস্তৰ ক্ষতি সাধন কৰে । বানাক্ৰান্ত ৰাইজৰ এটাই আহ্বান ৰাইজক যাতে শালিখেতি কৰিবৰ বাবে কৃষিবান্ধটো পুনৰ মেৰামতি কৰাৰ লগতে কৃষিবান্ধটো নিৰ্মাণৰ লগত জড়িত লুণ্ঠনকাৰী চক্ৰটোৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে বানাক্ৰান্ত ৰাইজে দাৱী জনায় । অৱশ্যে এই ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :প্ৰহসনত পৰিণত কোটি টকীয়া বাঁহ হস্ত শিল্প উৎপাদন কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.