ETV Bharat / state

ড্ৰাগছ বুলি দাইল আৰু বিস্কুট গুৰি বিক্ৰী কৰিবলৈ যোৱা মধুৰ বিলৈ !

author img

By

Published : Apr 15, 2022, 10:56 PM IST

ৰাজ্যজুৰি ড্ৰাগছবিৰোধী অভিযান তীব্ৰতৰ হৈ থকাৰ সময়তে এজন যুৱকে অৰুণাচলী লোকক ড্ৰাগছ বুলি দাইল আৰু বিস্কুট গুৰি বিক্ৰী কৰাৰ বুধি পাঙে (Dal and snacks powder sold as drugs) ৷ পিছে শহুৰেকৰ ঘৰত থাকি এই বেপাৰ কৰি মান-সন্মান সকলো গ’ল মধু নামৰ যুৱকজনৰ ৷

Fake drugs seized in lakhimpur
ড্ৰাগছ বুলি দাইল আৰু বিস্কুট গুৰি বিক্ৰী কৰিবলৈ যোৱা মধুৰ বিলৈ!

লখিমপুৰ,১৫ এপ্রিল: ৰঙালী বিহুৰ এইহেন বতৰত সকলো আনন্দত মতলীয়া হোৱাৰ সময় ৷ পিছে বিহু বুলিলে হাতত দুটকামান নাথাকিলে কাৰ নো ভাল লাগে ৷ সেইয়ে এই সময়চোৱাতে এটা টকা ঘটাৰ বুদ্ধি পাঙিলে লখিমপুৰৰ এজন যুৱকে ৷ ৰাজ্যজুৰি ড্ৰাগছবিৰোধী অভিযান তীব্ৰতৰ হৈ থকাৰ সময়তে যুৱকজনে অৰুণাচলী লোকক ড্ৰাগছ বুলি দাইল আৰু বিস্কুট গুৰি বিক্ৰী কৰাৰ বুধি পাঙে (fake drug selling) ৷

পিছে বিনাশ কালে বিপৰীত বুদ্ধি বুলি কথা এষাৰ আছে নহয় সেয়াই হ’ল মধু বৰুৱা নামৰ যুৱকজনৰ সৈতেও ৷ ধৰাটো পৰিল পৰিলেই তাকো শহুৰেকৰ ঘৰত ।সচৰাচৰ শহুৰেকৰ ঘৰত জোঁৱায়েকৰ আছে এক সুকীয়া সন্মান । পিছে এইজনা জোঁৱাই মধু বৰুৱাৰ এতিয়া শহুৰেকৰ ঘৰত থকা সকলো সন্মান পানী হ’ল ৷ শহুৰৰ ঘৰত ঘৰ জোৱাই থাকি এই ব্যৱসায় চলাইছিল লখিমপুৰৰ বগীনদীৰ এই গৰাকী মধু বৰুৱাই ।

ড্ৰাগছ বুলি দাইল আৰু বিস্কুট গুৰি বিক্ৰী কৰিবলৈ যোৱা মধুৰ বিলৈ!

ড্ৰাগছ বুলি ডাইল আৰু বিস্কুটৰ গুড়িৰে ঠগিব খোজোতেই সেয়া ড্ৰাগছ নহয় বুলি গম পালে অৰুণাচলী পেডলাৰে । বিগত কিছুদিন ধৰি এই গৰাকী মধুৱে হাৰমতিৰ পুৰণা হাটখোৱাত শহুৰেকৰ ঘৰত থাকি অসম-অৰুণাচল সীমান্তত গঢ়ি তুলিছিল ড্ৰাগছৰ বৃহৎ বজাৰ।

হাৰমতি আৰু লালুক আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ সন্দেহজনক হেৰ'ইন, কন্টেইনাৰ, কিছু নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ কৰে মধুক (Fake drugs seized) । পিছে কেমেৰাৰ সন্মুখত মধুৱে প্ৰকাশ কৰিলে দুখ- " পইছাৰ বৰ প্ৰয়োজন আছিল, পইছাটো ল’ব নোৱাৰিলো ৷ ডালি, বিস্কুটৰ গুড়ি বুলি গম পাই গ'ল।" স্বাভাৱিকতেই মধুৰ এই অৱস্থাই এতিয়া আমোদ দিছে অঞ্চলবাসীক ৷

লগতে পঢ়ক : সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা ৰীতি-নীতিৰে বৰপেটাত ব'হাগ বিহু উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.