ETV Bharat / state

বিহপুৰীয়া সমষ্টিটো অগপক এৰি দিয়াৰ আহ্বান প্ৰাক্তন বিধায়ক কেশৰাম বৰাৰ

author img

By

Published : Jan 9, 2021, 7:14 PM IST

এক সংবাদমেলত মিত্ৰজোঁটৰ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি আহ্বান জনাইছে প্ৰাৰ্থীত্ব প্ৰত্যাশী অগপ নেতা গৰাকীয়ে ৷ আনহাতে যোৱা নিৰ্বাচনত বিজেপিক যথেষ্ট সহায় কৰা বুলি দাবী কৰিছে বিধায়ক গৰাকীয়ে ৷

ex-mla-keshram-borah-request-to-hand-over-the-bihpuria-constituency-to-agp
বিহপুৰীয়া সমষ্টিটো অগপক এৰি দিয়াৰ আহ্বান প্ৰাক্তন বিধায়ক কেশৰাম বৰাৰ

বিহপুৰীয়া,9 জানুৱাৰী: আগন্তুক 2021ৰ বিধানসভা নিৰ্বাচনত বিহপুৰীয়া সমষ্টিটো অগপৰ বাবে এৰি দিবলৈ বিজেপি দলক আহ্বান জনাইছে অসম গণ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি তথা বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক কেশৰাম বৰাই ৷ যোৱা নিৰ্বাচনত বিজেপিক যথেষ্ট সহায় কৰা বুলি দাবী কৰি আগন্তুক নিৰ্বাচনত অগপক বিহপুৰীয়া সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সুবিধা প্ৰদান কৰাৰ বাবে মিত্ৰজোঁটৰ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি আহ্বান জনাইছে প্ৰাৰ্থীত্ব প্ৰত্যাশী অগপ নেতা কেশৰাম বৰাই ৷

বিহপুৰীয়া সমষ্টিটো অগপক এৰি দিয়াৰ আহ্বান প্ৰাক্তন বিধায়ক কেশৰাম বৰাৰ

উল্লেখ্য যে,বিহপুৰীয়া সমষ্টিৰ বিধান পৰিষদৰ উদ্যোগত 11 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ ৷ নাৰায়ণপুৰৰ মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব এই জাতীয় ঐক্য সমাৰোহ ৷ উক্ত সমাৰোহত সাংস্কৃতিক সম্পাদিকা কল্পনা পাটোৱাৰী,মন্ত্ৰী ফনীভূষণ চৌধুৰী,সভাপতি অতুল বৰাৰ উপস্থিতিত প্ৰায় 20 হাজাৰ লোকৰ সমাৱেশ ঘটিব বুলি সংবাদমেল যোগে জনাইছে কেশৰাম বৰাই ৷ ইয়াৰোপৰি অসম জাতীয় পৰিষদে বিহপুৰীয়া সমষ্টিত কোনোধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে বুলি উল্লেখ কৰিছে অগপ নেতা গৰাকীয়ে ৷

লগতে পঢ়কঃ উপায়ুক্ত কাৰ্যালয়ৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত বিধায়ক অশোক শৰ্মাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.