ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ: সীমান্ত অঞ্চল পৰিদৰ্শন লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ

author img

By

Published : Sep 4, 2020, 1:52 PM IST

অসমীয়া আৰু অৰুণাচলীৰ লোকৰ মাজত অনুষ্ঠিত এখন সীমা সম্পৰ্কীয় বৈঠকত এগৰাকী অৰুণাচলী মহিলাই প্ৰহাৰ কৰিছিল লখিমপুৰ জিলা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰশান্ত সোণোৱালক ৷ এই বিষয় সন্দৰ্ভত বিশদভাৱে বাতৰি প্ৰচাৰ হৈছিল সংবাদ মাধ্যমত ৷ ইয়াৰ পিছতে সীমান্ত অঞ্চল পৰিদৰ্শন কৰে লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ এটা দলে ৷

Etv bharat news Impact: border area visited by lakhimpur AASU assam etv bharat news
সীমান্ত অঞ্চল পৰিদৰ্শন লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ

লখিমপুৰ,4 চেপ্তেম্বৰ: নিজ ভূমিতে অসুৰক্ষিত অসমীয়া ৷ লখিমপুৰৰ ফুলবাৰীত বিগত মঙলবাৰে উদ্ভৱ হৈছিল এক ভয়ংকৰ পৰিস্থিতি ৷ অৰুণাচলৰ ভূমিত অসমীয়া লোকে গৰু বন্ধাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উক্ত সংঘাত ৷ এই বিষয় সন্দৰ্ভত বিশদভাৱে বাতৰি প্ৰচাৰ হৈছিল সংবাদ মাধ্যমত ৷ ইটিভি ভাৰততো বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে ৰাজ্যজুৰি আৰম্ভ হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া ৷ এই বাতৰি প্ৰকাশৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল লখিমপুৰ জিলা ছাত্ৰ সন্থাই ৷ ইয়াৰ পিছতে সীমান্ত অঞ্চল পৰিদৰ্শন কৰে লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ এটা দলে ৷

সীমান্ত অঞ্চল পৰিদৰ্শন লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ

উল্লেখ্য যে,বিগত এক চেপ্তেম্বৰত ফুলবাৰীৰ ধেমাগড় জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত অসমীয়া আৰু অৰুণাচলীৰ লোকৰ মাজত অনুষ্ঠিত হোৱা এখন সীমা সম্পৰ্কীয় বৈঠকত এগৰাকী অৰুণাচলী মহিলাই প্ৰহাৰ কৰিছিল লখিমপুৰ জিলা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰশান্ত সোণোৱালক ৷ পৰিদৰ্শনকাৰী দলটোৱে অসমৰ ভূমি বেদখল কৰি থকা লোকসকলক ভৱিষ্যতে এনে কাৰ্য নকৰিবলৈ সকীয়নি প্ৰদান কৰে ৷ যদিহে এনে কাৰ্যৰ পুনৰাবৃত্তি ঘটে তেন্তে লখিমপুৰ জিলা ছাত্ৰ সন্থাই তীব্ৰ আন্দোলন গঢ়ি তুলিব ৷ তদুপৰি বেদখলকৃত ভূমিসমূহ উদ্ধাৰ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় ৷

লগতে চাওকঃ ডেকা সত্ৰীয়া নৱজিৎ দাসলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.