ETV Bharat / state

লখিমপুৰৰ শ্বহীদ ভৱনত আৱেগিক পৰিৱেশ

author img

By

Published : Sep 13, 2020, 12:43 PM IST

Emotional atmosphere at the Swahid Bhavan in Lakhimpur
লখিমপুৰৰ শ্বহীদ ভৱনত আৱেগিক পৰিৱেশ

সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি চিত্ৰৰঞ্জন বসুমতাৰীয়ে আছুৰ মজিয়াৰ পৰা কৰিলে পদত্যাগ ৷ সুদীৰ্ঘ 22 বছৰে এক শক্তিশালী ৰূপত আছুক নেতৃত্ব দি আহিছিল প্ৰাক্তন ছাত্ৰ নেতাগৰাকীয়ে ৷ ইয়াৰ উপৰি বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনৰ পৰা আৰম্ভ কৰি কা আন্দোলনৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল নেতাগৰাকী ৷

লখিমপুৰ,13ছেপ্তেম্বৰঃ লখিমপুৰৰ শ্বহীদ ভৱনত দেখা পোৱা গ'ল এক আৱেগিক পৰিৱেশ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি চিত্ৰৰঞ্জন বসুমতাৰীয়ে আছুৰ মজিয়াৰ পৰা পদত্যাগ কৰাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে বিদায় সম্বৰ্ধনা আয়োজন কৰে লখিমপুৰ জিলা আছুৱে ৷ অনুষ্ঠানত উপস্থিত থাকি আৱেগিক হৈ পৰে চিত্ৰৰঞ্জন বসুমতাৰী সহ জিলা আছু কৰ্মীসকল ৷

লখিমপুৰৰ শ্বহীদ ভৱনত আৱেগিক পৰিৱেশ

উল্লেখযোগ্য যে, সুদীৰ্ঘ 22 বছৰে এক শক্তিশালী ৰূপত আছুক নেতৃত্ব দি আহিছিল প্ৰাক্তন ছাত্ৰ নেতাগৰাকীয়ে ৷ ইয়াৰ উপৰি বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনৰ পৰা আৰম্ভ কৰি কা আন্দোলনৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল নেতাগৰাকী ৷

আনহাতে,আছুৰ পৰা পদত্যাগ কৰা নেতাগৰাকীয়ে শীঘ্ৰে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হ'ব লগা নতুন ৰাজনৈতিক দলত যোগদান কৰিব বুলি এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়কঃসৰ্বভাৰতীয় পৰীক্ষাৰ বাবে বিনামূলীয়াকৈ সাজু কৰা হ’ব দৰিদ্ৰ ছাত্ৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.