ETV Bharat / state

লখিমপুৰত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

author img

By

Published : Sep 22, 2020, 5:06 PM IST

Updated : Sep 22, 2020, 5:17 PM IST

20 ছেপ্তেম্বৰত ৰাজ্যত অনুষ্ঠিত অসম আৰক্ষীৰ চাকৰিৰ খালী পদ পূৰণৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা ৷ উক্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পিছতে বাতিল হৈছিল পৰীক্ষা ৷ নিকা আৰু স্বচ্ছ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহেৰে মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা আছুৱে ৷

Effigy burn of CM Sonowal in lakhimpur assam etv bharat news
মুখ্যমন্ত্রীৰ পুত্তলিকা দাহ

লখিমপুৰ,22 ছেপ্তেম্বৰ: ৰাজ্যত নিবনুৱা সংস্থাপনৰ বাবে চৰকাৰে প্ৰকাশ কৰিছিল চাকৰিৰ খালী পদৰ বিজ্ঞাপন ৷ সেই বিজ্ঞাপনৰ ভিত্তিতে বিগত 20 ছেপ্তেম্বৰত অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ খালী পদৰ বাচনি পৰীক্ষা ৷ সময়ত আৰম্ভ হোৱাৰ কিছু সময় পিছতে বাতিল ঘোষণা কৰা হৈছিল পৰীক্ষা ৷ কিয়নো এই পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে ফাদিল হৈছিল প্ৰশ্নকাকত ৷ বিগত সময়ছোৱাত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা এনে কেতবোৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ বাবে ৰাজ্য চৰকাৰে স্থগিত ৰাখিছিল পৰীক্ষাসমূহ ৷ পৰৱৰ্তী সময়ত এনে পৰীক্ষা পুনৰ অনুষ্ঠিত হোৱাৰ নজিৰ নাই ৷ চাকৰিৰ পৰীক্ষা অনুস্থিত কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ৷

আছুৰ প্ৰতিবাদ

মঙলবাৰে ৰাজ্য চৰকাৰৰ এই ব্যৰ্থতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা ছাত্ৰ সন্থায়ে ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰে আছুৰ বিষয় ববীয়াসকলে ৷ উক্ত প্ৰতিবাদত অংশ লয় উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলেও ৷ পূৰ্বে জলসিঞ্চন, এপিডিচিএল, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, বিদেশী ন্যায়াধীকৰণ আদি বিভিন্ন বিভাগৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰিও নিযুক্তি দিব নোৱাৰা বিজেপি চৰকাৰখনে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাও সুকলমে অনুষ্ঠিত কৰিব নোৱাৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে অনতি পলমে এক উচ্চস্তৰীয় তদন্ত কমিটি গঠন কৰি চৰকাৰক সমগ্ৰ বিষয়টোৰ তদন্ত ঘোষণা কৰিবলৈ অনুৰোধ জনাই আছুৰ বিষয় ববীয়াসকলে ৷

লগতে চাওক: চৰকাৰী কাৰ্যালয়ত এখন লাখটকীয়া বিদ্যুৎ বিল

Last Updated : Sep 22, 2020, 5:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.