ETV Bharat / state

লখিমপুৰৰ হাৰমতিত পুনৰ ড্ৰাগছসহ তিনিজনক গ্ৰেপ্তাৰ

author img

By

Published : Jun 4, 2021, 10:58 PM IST

লখিমপুৰৰ হাৰমতিত পুনৰ ড্ৰাগছসহ তিনিজনক গ্ৰেপ্তাৰ ৷ তিনি ড্ৰাগছ সৰহবৰাহকাৰী পৰা নগদ ধনো উদ্ধাৰ ৷

drugs seized in lakhimpur harmoti
লখিমপুৰৰ হাৰমতিত পুনৰ ড্ৰাগছ সহ তিনিজনক গ্ৰেপ্তাৰ

নাওবৈচা, ৪ জুন : ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ অসমক ড্ৰাগছ মুক্ত কৰাৰ উদ্যেশ্য ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ ড্ৰাগছ বিৰুদ্ধে লখিমপুৰত আৰক্ষীয়ে মাৰথান অভিযান অব্যাহত ৰাখিছে ।

শুকুৰবাৰে পুনৰ ড্ৰাগছৰ লগতে নগদ ধনসহ তিনিজনক আটক কৰিবলৈ সক্ষম হৈছে হাৰমতি আৰক্ষী । উল্লেখযোগ্য যে, ড্ৰাগছৰ বৃহৎ ঘাটিত পৰিণত হোৱা বান্দৰদেৱা আৰু হাৰমতিৰ ২ নম্বৰ পাৰ্বতীপুৰৰ পৰা এজন অৰুণাচলীসহ আন দুজনক নগদ ছয় হাজাৰ টকা আৰু প্ৰায় ২.৪১০ গ্ৰাম হেৰ'ইনৰ সৈতে জব্দ কৰিছে আৰক্ষীয়ে ।

হাৰমতি আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইজন হ’ল অৰুণাচলৰ লঙজয় মিল', হাৰমতি ২নং পাৰ্বতীপুৰৰ নুৰজামাল হক আৰু দিলীপ কালান্দী । বৰ্তমান হাৰমতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে তিনিওজনকে ।

লগতে পঢ়ক : মাৰ্চতে দিয়া এক পত্ৰত আছে ভয়ংকৰ নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.