ETV Bharat / state

এঘাৰটাকৈ ৰাজনৈতিক দলৰ প্ৰতিবাদত উত্তাল ৰাজ্য

author img

By

Published : Mar 16, 2022, 9:44 PM IST

মহানগৰীৰ ৰেল বিভাগৰ মাটি বহিৰাহত বণিয়াক লীজত দিয়াৰ লগতে ৰাজ্যৰ দুটা কাগজ কল পুনৰুজ্বীৱিত কৰাৰ সলনি বিক্ৰীৰ প্ৰস্তুতি কৰাৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাতো এঘাৰটাকৈ ৰাজনৈতিক দলৰ প্ৰতিবাদ সাব্যস্ত(Different political parties protest against the government) ৷

eleven-political-parties-protest-against-government-in-lakhimpur
এঘাৰটা ৰাজনৈতিক দলৰ প্ৰতিবাদত উত্তাল ৰাজ্য

লখিমপুৰ, ১৬ মাৰ্চ : সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাতো এঘাৰটাকৈ ৰাজনৈতিক দলে সাব্যস্ত কৰিলে প্ৰতিবাদ(Different political parties protest against the government in Lakhimpur) ৷ উল্লেখ্য যে, গুৱাহাটীৰ মহানগৰীৰ মাজ মজিয়াত পানীৰ দৰত বহিৰাগত বণিয়াক ৰেলৱেৰ ভূমি বিক্ৰীৰ ষড়যন্ত্ৰ কৰাৰ লগতে চৰকাৰে ৰাজ্যৰ দুটা কাগজ কল পুনৰুজ্বীৱিত কৰাৰ সলনি বিক্ৰীৰ প্ৰস্তুতি কৰাৰ বিৰুদ্ধে বুধবাৰে উত্তাল হৈ পৰে সমগ্ৰ লখিমপুৰ জিলা ৷

চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে চিপিআই, কংগ্ৰেছ, এজেপি,আপ, ৰাইজৰ দল, এনচিপিৰ লগতে মুঠ এঘাৰটা দলে বুধবাৰে একত্ৰিত হৈ সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

এঘাৰটা ৰাজনৈতিক দলৰ প্ৰতিবাদত উত্তাল ৰাজ্য

সমান্তৰালকৈ লখিমপুৰতো বুধবাৰৰ দিনটোত ত্যাগ ক্ষেত্ৰৰ পৰা সমদল কৰি প্ৰতিবাদকাৰীসকলে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মূখত বিক্ষোভ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ধৰ্ণাৰ কাৰ্যসূচীৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

উল্লেখ্য যে, এই সন্দৰ্ভত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে অসমৰ বিভিন্ন ঠাইত ৰেল বিভাগৰ নামত অব্যৱহৃত হৈ থকা শ শ বিঘা মাটিত দীর্ঘদিন ধৰি থলুৱা ভূমিহীন পৰিয়ালে বসবাস কৰি আছে । এনে অব্যৱহৃত ভূমিৰ চৰকাৰে শীঘ্ৰেই জৰীপ কৰি ভূমিহীন থলুৱা লোকৰ বাবে আবাসিক এলেকা গঢ়ি তোলা অথবা শিক্ষিত থলুৱা নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ বাবে বাণিজ্যিক ক্ষেত্ৰ গঢ়ি তোলাৰ উদ্যোগ গ্রহণ কৰিবলৈ চৰকাৰলৈ দাবী উত্থাপণ কৰে ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীক কি আহ্বান জনালে প্ৰাদেশীকৃত মধ্য ইংৰাজী টিউটৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.