ETV Bharat / state

Crime Free Village: 180 বছৰ গৰকা এখন অপৰাধমুক্ত গাঁও

author img

By

Published : Mar 24, 2023, 3:10 PM IST

Updated : Mar 24, 2023, 4:40 PM IST

এখন অপৰাধমুক্ত গাঁও ৷ এই গাঁওখনৰ লোকে গচকি পোৱা নাই থানাৰ চৌহদ ৷ গাঁওখনৰ কাৰো বিৰুদ্ধে নাই কোনো গোচৰ ৷ আজিলৈ আৰক্ষীও আহি পোৱা নাই গাঁওখনলৈ (Crime free village in Assam)৷ 180 বছৰ গৰকা এই গাঁওখন নাৰায়ণপুৰৰ বৰখামটি গাঁও ৷ 1864 চনতে প্ৰতিষ্ঠা হোৱা গাঁওখনৰ আছে বৰ্ণিল ইতিহাস (Crime free village in Lakhimpur)৷

crime-free-village-in-lakhimpur
180 বছৰ গৰকা এখন অপৰাধমুক্ত গাঁও

180 বছৰ গৰকা এখন অপৰাধমুক্ত গাঁও

বিহপুৰীয়া, 23 মাৰ্চ : ৰাজ্যত ক্ৰমাৎ অপৰাধৰ সংখ্যা বৃদ্ধি হৈছে বুলি প্ৰতিদিনে বাতৰিৰ শিৰোনামাত প্ৰচাৰ হৈ আহিছে ৷ কিন্তু ইয়াৰ মাজতো অসমত এনেকুৱা এখন গাঁও আছে যিখন গাঁৱত আজি পৰ্যন্ত নাই এটাও অপৰাধৰ গোচৰ (Crime free village in Assam)৷ সত্যযুগৰ কাহিনী নহয় এয়া কলি যুগৰেই কাহিনী ৷ 1864 চনতে প্ৰতিষ্ঠা হোৱা এই গাঁওখন নাৰায়ণপুৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগত অৱস্থিত বৰখামটি গাঁও (Crime free village in Lakhimpur) ৷

এইখন গাঁৱৰ কোনো এখন ব্যক্তিৰ নামত আজিকোপতি ৰুজু হোৱা নাই কোনো ধৰণৰ গোচৰ ৷ ইংৰাজৰ আক্ৰমণৰ সময়তে কিছু খামটি জনগোষ্ঠীয় লোক আহি নাৰায়ণপুৰৰ এই স্থানত উপস্থিত হৈ বৰখামটি নামেৰে এই গাঁওখন প্ৰতিষ্ঠা কৰে (Lakhimpur crime free village)। তেতিয়াৰে পৰা আজিলৈকে এইখনৰ গাঁৱৰ কাৰোৰেই নামত আদালতত নাই কোনো অপৰাধ মূলক গোচৰ ৷ যদিও কেতিয়াবা গাওঁখনৰ কোনো লোকৰ মাজত কোনো ধৰণৰ বাক বিতণ্ডা হয় তেনেহলে গাঁৱৰ ভিতৰতে বয়োজ্যেষ্ঠ লোকসকলে সমাধান কৰে (Bor khamti Gaon in Lakhimpur) ৷

আনহাতে যদি কোনো অপৰাধ গুৰুতৰ হয় তেনেহ’লে ত্ৰিপিটক শপত খুৱাই তেনে অপৰাধ দুনাই নকৰিবলৈ প্ৰতিজ্ঞা কৰিবলৈ দিয়া হয় ৷ এই বৰখামটি গাঁওখনৰ লোকসকল মূলতঃ বৌদ্ধ ধৰ্মৰে দীক্ষিত ৷ বৌদ্ধ ধৰ্মৰ পঞ্চশীলবাণীক সাৰোগত কৰি গাঁওবাসীয়ে অক্ষুণ্ণ ৰাখিছে শান্তিৰ ব্ৰত ৷ সৰ্বমুঠ 321 টা পৰিয়ালে বাস কৰা এইখন গাঁৱৰ থকা বৌদ্ধ মন্দিৰটো সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ।

গাঁওখনত 37 ঘৰ খামটি সম্প্ৰদায়ৰ লোকৰ উপৰিও কাৰ্বি, মুছলমান, বেংগলী, নেপালী, খামটি, দেউৰী, মিচিং আদি সম্প্ৰদায় আৰু জনগোষ্ঠীয় লোকে বসবাস কৰে৷ গাঁওখনৰ জনসংখ্যা প্ৰায় 1400 ৷

গাঁওখনৰ পৰিষ্কাৰ পৰিচ্ছন্ন আৰু কোলাহলমুক্ত পৰিৱেশে আকৰ্ষণ কৰে বিভিন্নজনক ৷ গাঁওখনত বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ উপাসনাস্থলী বৌদ্ধ মন্দিৰটোৰ বাহিৰে মন্দিৰ আৰু গীৰ্জাঘৰো আছে ৷ 2005 চনতে “অপৰাধ মুক্ত গাঁও” হিচাপে গাঁওখনে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে (National award wining Crime free gaon) ৷

ইয়াৰ পিচতে অপৰাধমুক্ত গাওঁখনে 2 লাখ টকাৰ চৰকাৰী অনুদানো লাভ কৰিছিল ৷ হত্যা হিংসাৰে জৰ্জৰিত কৰা অশান্ত অসমখনত এইসমূহ বৈশিষ্ট্যৰ বাবে বৰখামটি গাঁওখন এতিয়া লখিমপুৰ জিলাৰ লগতে ৰাজ্যবাসীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷

অসমৰ এটা পুৰণি জনগোষ্ঠী হৈছে খামটি, তেতিয়াৰ সময়ত শদিয়াত বাস কৰা এই খামটিসকলে ইংৰাজৰ এজন গৱৰ্ণৰ কৰ্ণেল হোৱাইটক হত্যা কৰিছিল ৷ কৰ্ণেল হোৱাইটক হত্যা কৰাৰ অপৰাধত ব্ৰিটিছ চৰকাৰে ছত্ৰভংগ দিয়াবলৈ খামটি সকলক লৈ জাহাজেৰে যাত্ৰা কৰিছিল আন্দামান নিকোবৰলৈ ৷ যাত্ৰাকালত জাহাজত অসুস্থ হৈ পৰা খামটি লোকসকলক ইংৰাজে কলাবাৰীত মুকলি কৰি দিছিল ৷

লগতে পঢ়ক: IGNCA Foundation Day: ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

Last Updated : Mar 24, 2023, 4:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.