ETV Bharat / state

Creative story of Lakhimpur: লখিমপুৰৰ দুৰ্লভ গগৈৰ দুৰ্লভ সৃষ্টি

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 5:42 PM IST

কিবা এটা কৰি দেখুওৱাৰ মন থাকিলে, প্ৰতিভা থাকিলে হাজাৰ বাধায়ো প্ৰতিৰোধ কৰিব নোৱাৰে । তাকেই যেন প্ৰমাণ কৰি দেখুৱাইছে লখিমপুৰৰ এগৰাকী অতি সাধাৰণ লোকে । সাধাৰণ লোকজনে কৰি গৈছে এটাৰ পাছত এটাকৈ অসাধাৰণ কাম । পিছে কোন এইগৰাকী বিশেষ ব্যক্তি ? জানিবলৈ চাওক এই প্ৰতিবেদন ।

creative work of Durlabh Gogoi in Lakhimpur
লখিমপুৰৰ দুৰ্লভ গগৈৰ দুৰ্লভ সৃষ্টি

লখিমপুৰৰ দুৰ্লভ গগৈৰ দুৰ্লভ সৃষ্টি

লখিমপুৰ,৩১ আগষ্ট: ভাল লাগে, সেইবাবেই কৰো । কোনোৱে ভাল পাই লৈ যায় । কেতিয়াবা দুই এপইচা দিয়ে । লখিমপুৰৰ এজন অতিকৈ সাধাৰণ লোক । যাৰ হাতৰ প্ৰতিটো পৰশতে চমক । সৃষ্টি কৰিছে ব্যতিক্রমী সা-সামগ্রী । প্ৰতিভা কেতিয়াও লুকাই নাথাকে । স্বীকৃতি নাপালেও সমাদৰ থাকে । এনেদৰেই সমাদৰ বুটলিছে লখিমপুৰৰ দুৰ্লভ গগৈয়ে ।

দুৰ্লভ গগৈ, লখিমপুৰৰ সাধাৰণভাৱে খেতিবাতি কৰি স্বচ্ছলতাৰে জীৱন নিৰ্বাহ কৰা এজন লোক । কিন্তু এতিয়া এই সাধাৰণ লোক জনেই চমক সৃষ্টি কৰি কৰিছে । কোনো ধৰণৰ কাৰিকৰী অথবা শিল্পৰ প্ৰশিক্ষণ নোলোৱাকৈয়ে তেওঁ এনে কেতবোৰ সা-সামগ্রী নিৰ্মাণ কৰিছে সেয়াই ৰাইজক অতিকৈ আকৰ্ষিত কৰিছে । তেওঁৰ সৃষ্টি চাবলৈ ৰাইজে তেওঁৰ ঘৰলৈ বুলি বাট বুলিছে । সাধাৰণ হৈও চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱা এই লোক জন হৈছে লখিমপুৰ নগৰৰ সমীপৰ চাবতি অঞ্চলৰ সোণাৰী গাঁৱৰ নিবাসী দুৰ্লভ গগৈ ।

দুৰ্লভ গগৈয়ে সৃষ্টি কৰা সামগ্রীসমূহক ৰাইজে উচ্চ প্ৰশংসা কৰিছে । সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা দুৰ্লভ গগৈৰ আছে এক ব্যতিক্রমী চিন্তা-চৰ্চাৰ মন । আজৰি সময়ত এনেয়ে বহি নাথাকি ব্যতিক্রম ধৰ্মী কিবা এটা কৰাৰ হাবিয়াসে অহৰহ তেওঁৰ মন মগজুত খুন্দিয়াই থাকে । পিছে চিন্তা চৰ্চাৰেই নহয়, হাতে কামে তেওঁ ব্যতিক্রমী চিন্তাক বাস্তবায়িত কৰিছিল । যাৰ বাবে তেওঁ নিজ হাতেৰে সৃষ্টি কৰিছে বহু আকৰ্ষণীয় সামগ্ৰী ।

জল শক্তি, বায়ু শক্তিৰে চালনা কৰি বহু মানুহৰ প্ৰতীকী ৰূপত খৰি ফলা, চাইকেল চলোৱা, বৰশী বোৱা, কুঠাৰ মৰা, গছ কটা আদি কাৰ্য সমাপন কৰোৱা তেওঁৰ সৃষ্টি সমুহক ৰাইজে প্ৰশংসাৰে ওপচাই তুলিছে । কাঠ, বাঁহ, প্লাষ্টিক, পানী আদি ব্যৱহাৰ কৰি তেওঁ সুন্দৰকৈ নিৰ্মাণ কৰা এনে সামগ্রীসমূহ অতি আকৰ্ষণীয় । শিল্পী মনৰ দুৰ্লভ গগৈয়ে কাৰিকৰী দক্ষতাক প্ৰকাশ কৰি বিভিন্ন ধৰণৰ চাইকেলো নিৰ্মাণ কৰিছে । বিদেশী আধুনিক মডেলৰ চাইকেলৰ পৰা সা-সামগ্রী কঢ়িয়াব পৰাকৈ তেওঁ নিৰ্মাণ কৰিছে কেইবাখনো চাইকেল । কেৱল মনৰ তাগিদাত তেওঁ এটাৰ পাছত এটাকৈ বিভিন্ন সামগ্রী সৃষ্টি কৰিছে গগৈয়ে । এনে সৃষ্টি সমুহৰ একাংশক দৰ্শনকাৰীয়ে কিনি লৈ যোৱা বুলি তেওঁ জানিবলৈ দিয়ে ।

কেৱল মনৰ চখ পূৰাবলৈ গৈ এটা এটাকৈ ব্যতিক্রমী সা-সামগ্রী নিৰ্মাণ কৰি এতিয়া সাধাৰণ দুৰ্লভ গগৈ অসাধাৰণ এগৰাকী ব্যক্তিলৈ পৰিণত হৈছে । সকলোৰে উৎসাহক সাৰথি কৰি তেওঁ কেতবোৰ নতুন চিন্তাক অচিৰেই বাস্তব ৰূপ দিবলৈ আগবাঢ়িছে । ব্যতিক্ৰমী চিন্তাধাৰাৰ ব্যক্তিগৰাকীলৈ আমাৰো অলেখ শুভকামনা ।

লগতে পঢ়ক: BJP Leader detained: ৰ’ড চুৰি কৰি জোনাইত আটক BJP নেতা সন্তোষ বৰগোহাঁই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.