ETV Bharat / state

লখিমপুৰত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী

author img

By

Published : Jun 11, 2022, 2:27 PM IST

ৰাজ্যজুৰি চোৰাং গৰুৰ বেহা, অবৈধ মদ ভাং ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই আছে কঠোৰ অভিযান(Police against smuggling of cattle)। পিছে আৰক্ষীৰ কঠোৰ স্থিতিৰ পাছতো থমকি ৰোৱা নাই এনে বেহাৰ লগত জৰিত সমাজ বিৰোধী চক্ৰ । নিতৌ ন ন কৌশলেৰে চলাই গৈছে চোৰাং বেহা । লখিমপুৰ আৰক্ষীৰ জালত পৰিল চোৰাং গৰুসহ সৰবৰাহকাৰী(Smugglers trapped by police including cattle in Lakhimpur) ।

cow peddler arrested in lakhimpur
লখিমপুৰত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী

লখিমপুৰ,১১ জুন: ৰাজ্যত চোৰাং গৰুৰ সৰবৰাহ যে অব্যাহত আছে এই ঘটনাই সেই কথা পুনৰ প্ৰতীয়মান কৰি তুলিছে । লখিমপুৰতে অবাধে চলি আছে গৰুৰ চোৰাং সৰবৰাহ ।ৰাজ্যৰ আন জিলাৰ লগতে লখিমপুৰতো গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে আৰক্ষীৰ স্থিতি অতি কঠোৰ(Police against smuggling of cattle ) । যাৰ বাবে প্ৰায়েই চোৰাং সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰা পৰিলক্ষিত হৈছে ।

শুকুৰবাৰে নিশাও আৰক্ষীয়ে গো-মাফিয়াৰ বিৰুদ্ধে চলাইছিল অভিযান । অভিযানত জালত পৰে দুটাকৈ চোৰাং গৰু সৰবৰাহকাৰী(Smugglers trapped by police including cattle in Lakhimpur) । দোভাগ নিশা অৰুণাচললৈ গৰু সৰবৰাহ কৰিবলৈ লওতেই সৰবৰাহকাৰীক দুটাক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী । লখিমপুৰৰ বান্দৰদেৱাত আটক কৰে চোৰাং সৰবৰাহকাৰীকেইটাক ।

লখিমপুৰত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী

শুকুৰবাৰে নিশা প্ৰায় বাৰমান বজাত নিশাৰ আন্ধাৰৰ সুযোগ লৈ অৰুনাচল প্ৰদেশৰ ইটানগৰলৈ AS07BC4427 নম্বৰৰ বাহনৰে গৰু সৰবৰাহৰ চেষ্টা চলাইছিল চক্ৰটোৱে । বান্দৰদেৱা আৰক্ষী চকীৰ উপ পৰিদৰ্শক নিপন গগৈৰ নেতৃত্বত চলা অভিযানত চক্ৰটোৰ পৰা উদ্ধাৰ কৰে ৬টাকৈ গৰু,জব্দ কৰে গৰু সৰবৰাহত ব্যৱহৃত বাহনখন । আনহাতে আটকাধীন দুই সৰবৰাহকাৰী ক্ৰমে ৰাতুল বৰদলৈ আৰু কৰিম আলি বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: সোণাৰিত ভুৱা ভিজিলেন্সৰ দলক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.