ETV Bharat / city

সোণাৰিত ভুৱা ভিজিলেন্সৰ দলক আটক

author img

By

Published : Jun 11, 2022, 11:41 AM IST

চৰাইদেউ জিলাৰ সোণাৰিত শুকুৰবাৰে আৰক্ষীয়ে আটক কৰে এটা ভুৱা ভিজিলেন্সৰ দলক (Fake vigilance group arrested at Sonari) ৷ বৰ্তমান আৰক্ষীয়ে আটকাধীন দলটোক সোধপোচ অব্যাহত ৰাখিছে সোণাৰি আৰক্ষী থানাত ৷

Fake vigilance group arrested at Sonari in Dibrugarh
সোণাৰিত ভুৱা ভিজিলেন্সৰ দলক আটক

মৰাণ, 11 জুন: চৰাইদেউ জিলাৰ সোণাৰিত শুকুৰবাৰে আৰক্ষীয়ে আটক কৰে এটা ভুৱা ভিজিলেন্সৰ দলক (Fake vigilance group arrested at Sonari) ৷ ঘটনা অনুসৰি, শুকুৰবাৰে এখন নম্বৰপ্লেট বিহীন স্ক'ৰপিঅ বাহনত অহা পাঁচগৰাকী যুৱকে চৰাইদেউ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশ কৰি কাৰ্যালয়টোৰ কৰ্মচাৰীসকলৰ লগতে যানবাহন পৰিদৰ্শক গৰাকীক ভিজিলেন্সৰ মানুহ বুলি পৰিচয় দিয়ে ।

তাৰ পিছতে বিভিন্ন কামত নিয়োজিত কাৰ্যালয়টোৰ কৰ্মচাৰীসকলক দাবী ধমকি দি বিভিন্ন নথি পত্ৰ লণ্ড-ভণ্ড কৰি এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে ভিজিলেন্সৰ দলটোৱে । পিছত কাৰ্যালয়টোৰ কৰ্মচাৰীয়ে দলটোৰ কাম-কাজত সন্দেহ প্ৰকাশ কৰি সোণাৰি আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে ।

পৰৱৰ্তী সময়ত সোণাৰি আৰক্ষী পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ আটাইকেইগৰাকীকে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ আনি সোধপোচ কৰাত দলটো ভুৱা ভিজিলেন্সৰ দল বুলি নিশ্চিত হয় । ইয়াৰ পাছতে দলটোত থকা পাঁচগৰাকী যুৱককে আটক কৰে সোণাৰি আৰক্ষীয়ে (Fake vigilance group arrested by Sonari police)।

সোণাৰিত ভুৱা ভিজিলেন্সৰ দলক আটক

সম্প্ৰতি সোণাৰি আৰক্ষীৰ জিম্মাত থকা আটকাধীন লোকসকল তিনিচুকীয়াৰ বেংপুখুৰীৰ আলটাব হুচেইন, কৰপতীয়া নামঘৰৰ সঞ্জু দাস, মিছন পাৰাৰ ৰূপম চৌধুৰী, নেপালী মন্দিৰৰ মহচিন আলি আৰু হিজুগুৰীৰ আলটাফ হুচেইন বুলি আৰক্ষীয়ে জনায় ৷

ইফালে আৰক্ষীয়ে দলটোৱে ব্যৱহাৰ কৰা এখন নম্বৰ প্লেটবিহীন গাড়ীখনক জব্দ কৰে ৷ লগতে দলটোৰ পৰা অখ্যাত সংবাদ প্ৰতিষ্ঠানৰ ল'গ', বিভিন্ন পৰিচয় পত্ৰৱো উদ্ধাৰ কৰিছে আৰক্ষীয়ে । বৰ্তমান আৰক্ষীয়ে আটকাধীন দলটোক সোধপোচ অব্যাহত ৰাখিছে সোণাৰি আৰক্ষী থানাত ৷

লগতে পঢ়ক : কেবিনেট বৈঠকৰ পূৰ্বে শোণিতপুৰৰ কেইবাটাও স্থান পৰিদৰ্শন মন্ত্ৰী অজন্তা নেওগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.