ETV Bharat / state

Pijush Hazarika slams congress: সহযোগী দলক লেং মৰাৰ ডাঙৰ ইতিহাস আছে কংগ্ৰেছৰ: পীযুষ হাজৰীকা

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 3:33 PM IST

কংগ্ৰেছক লেংমৰা দল বুলি বিশেষণ দিলে মন্ত্ৰী পীযুষ হাজৰীকাই । শুকুৰবাৰে লখিমপুৰত এক গণ সমাবেশত অংশগ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি তেওঁ কংগ্ৰেছৰ বিৰুদ্ধে এনেদৰে তীৰ্যক মন্তব্য কৰে ।

Ex congressman Pijush Hazarika
Pijush Hazarika slams congress

কংগ্ৰেছৰ বিৰুদ্ধে তীৰ্যক মন্তব্য পীযুষ হাজৰীকাৰ

লখিমপুৰ, 10 নৱেম্বৰ: ‘‘কংগ্ৰেছ লেংমৰা ৰাজনীতিৰ ডাঙৰ ইতিহাস থকা এটা দল ।’’ লখিমপুৰত নিৰ্বাচনী সভাত অংশ লৈ নিজৰ এৰি অহা কংগ্ৰেছ দললৈ তীৰ্যক বাক্যবাণ এৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই । ভূপেন বৰা, ভৰত নৰহ দুয়োগৰাকী কংগ্ৰেছ নেতাকো তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ৷

‘‘কংগ্ৰেছ সহযোগী পাৰ্টীক লেং মৰা এটা দল । ইয়াৰ উদাহৰণ আছে । সহযোগী দলক লেং মৰাৰ ডাঙৰ ইতিহাস আছে । নামত দলটোৱে সহযোগী পাৰ্টী লয় কামত কিন্তু লেং মাৰে । এতিয়াও নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছৰ লেং মৰা কথা আৰম্ভ হৈ গৈছে । দলটোৱে মূৰকত কাকো প্ৰাৰ্থিত্ব এৰি নিদি নিজে খেলিব, কিন্তু সকলো সমষ্টিতে পৰাজয় বৰণ কৰিব ।’’ প্ৰাক্তন কংগ্ৰেছ নেতা তথা বৰ্তমান বিজেপি চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে কয় ৷

শুকুৰবাৰে লখিমপুৰৰ পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত 75 নং নাওবৈচা বিধানসভা সমষ্টিৰ গণসমাবেশত অংশগ্ৰহণ কৰা মন্ত্ৰী পীযুষ হাজৰীকা কংগ্ৰেছৰ বিৰুদ্ধে সোঁচ্চাৰ হৈ পৰা দেখা যায় । তেওঁ নাওবৈচা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ভৰত নৰহকো সমালোচনা কৰি কয়, নৰহৰ বাবেই সমষ্টিৰ ৰাইজ বঞ্চিত হ’ব লগীয়া হৈছে । যোৱা আঢ়ৈটা বছৰত বিধায়ক ভৰত নৰহে সমষ্টিৰ উন্নয়নৰ বাবে মন্ত্ৰীক এটা ফোনো কৰা নাই । আনকি এখন চিঠিও দিয়া নাই । যাৰ বাবে সমষ্টিটোৰ উন্নয়নত যতি পৰিছে ।

বিধায়ক হৈ তেওঁ কোটি কোটি টকাৰে বাগিচা কিনা বুলি উল্লেখ কৰি ভৰত নৰহে বিধানসভাত ডাঙৰ ডাঙৰ কথা কৈ দিল্লীলৈ গুছি যায় বাবে সমষ্টিৰ ৰাইজে দুৰ্ভোগ ভুগিছে আৰু ইয়াৰ পৰা ৰাইজে মুক্তি বিচাৰিছে বুলি মন্তব্য কৰ মন্ত্ৰী হাজৰীকাই ৷ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি কয় যে নাওবৈচাত এইবাৰ বিজেপিৰ নতুন বিধায়ক হ’ব । লোকসভাত বিজেপি দলে 12 খন আৰু বিধান সভা নিৰ্বাচনত বিজেপি মিত্ৰজোটে এশখন আসন লাভ কৰিব ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকো তেওঁ সমালোচনা কৰি কয়, ‘‘ভূপেন বৰা ডাঙৰ মানুহ যদিও তেওঁৰ সভাত আঢ়ৈশ মানহে মানুহ হয় । মই সৰু মানুহ যদিও মোৰ সভাত দহ হেজাৰ মানুহ হয় ।’’ এই দৃশ্যপটে কোনটো দলৰ প্ৰতি জনসমৰ্থন বেছি সেইয়া প্ৰতিফলিত কৰি আছে বুলি তেওঁ কয় । এই গণসমাবেশখনত সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাকে ধৰি বিজেপিৰ বহু নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: Assam CM slams Congress : 'কংগ্ৰেছক ভোট দিয়া মানে বাবৰ আৰু ঔৰংগজেৱসকলক ভিটামিন দিয়া'-ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.