ETV Bharat / state

Suicide in Lakhimpur : লখিমপুৰৰ হোটেলত আত্মহত্যা কোম্পানী পৰিদৰ্শকৰ

author img

By

Published : Oct 13, 2022, 7:19 PM IST

suicide
suicide

হোটেলখনৰ এটা বন্ধ কোঠাত চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ দ্বীপজ্যোতি বৰুৱা নামৰ এজন যুৱকৰ মৃতদেহ । যুৱকজনৰ ঘৰ দৰং জিলাৰ মঙলদৈৰ পটলশিংপাৰাৰ বুলি প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে । টেস্কষ্টাৰ কোম্পানীৰ ডীলাৰ পৰিদৰ্শক হিচাবে কৰ্মৰত আছিল যুৱকজন (Dealer inspector committed suicide in Lakhimpur) ।

লখিমপুৰ, ১৩ অক্টোবৰ : এইবাৰ লখিমপুৰৰ হোটেলত আত্মহত্যাৰ ঘটনা (Suicide case in Lakhimpur Hotel) । লখিমপুৰ নগৰ এলেকাৰ খেলমাটিৰ শ্ৰীৰাম হোটেলৰ এটা বন্ধ কোঠাত এজন কোম্পানী পৰিদৰ্শকে আত্মহত্যা কৰা ঘটনাই লখিমপুৰত তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে । লখিমপুৰৰ খেলমাটিৰ শ্ৰীৰাম হোটেলত ঘটে এই আত্মহত্যাৰ ঘটনা (youth suicided at sreeram hotel in Lakhimpur) ।

লখিমপুৰৰ হোটেলত আত্মহত্যা কোম্পানী পৰিদৰ্শকৰ

হোটেলখনৰ এটা বন্ধ কোঠাত চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ দ্বীপজ্যোতি বৰুৱা নামৰ এজন যুৱকৰ মৃতদেহ । যুৱকজনৰ ঘৰ দৰং জিলাৰ মঙলদৈৰ পটলশিংপাৰাৰ বুলি প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে । টেস্কষ্টাৰ কোম্পানীৰ ডীলাৰ পৰিদৰ্শক হিচাবে কৰ্মৰত আছিল যুৱকজন (Dealer inspector committed suicide in Lakhimpur) ।

যোৱা সোমবাৰে লখিমপুৰলৈ আহি শ্ৰীৰাম হোটেলত আছিল যুৱকজন । বুধবাৰে তেওঁ নগৰখনত থকা ডীলাৰ পৰিদৰ্শন কৰিবলৈও যায় । কিন্তু আজি পুৱাৰে পৰা ডীলাৰৰ লোকে তেওঁক ফোন কৰে যদিও ফোনৰ ছুইচ অফ পায় । অৱশেষত হোটেলখনলৈ বিচাৰি আহি কোঠাৰ দুৱাৰ বন্ধ দেখি অনুসন্ধান কৰে । তাৰ পিছতে তেওঁ কোঠাত আত্মহত্যা কৰাটো ধৰা পৰে । পাছত আৰক্ষী-দণ্ডাধীশৰ উপস্থিতিত হোটেলৰ কোঠালিৰ দুৱাৰ ভাঙি মৃতদেহটো উদ্ধাৰ কৰা হয় । ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে ।

উল্লেখ্য, ডীলাৰৰ লোকে জনোৱা মতে, তেওঁ দুমাহমানৰ আগতেহে এই কোম্পানীটোত যোগদান কৰিছিল ৷ তেওঁ অবিবাহিত আছিল বুলিও ডীলাৰৰ লোকে জানিবলৈ দিয়ে । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মোবাইল, কাপোৰ আৰু পৰিচয়-পত্র উদ্ধাৰ কৰে । অৱশ্যে কি কাৰণত যুৱকজনে লখিমপুৰত আহি আত্মহত্যা কৰিলে সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ।

উল্লেখ্য, বুধবাৰে পুৱতি নিশা পল্টন বজাৰৰ বৃন্দাবন হোটেলতো সংঘটিত হয় এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা । অৰিজিৎ ডেকা নামৰ সৰ্থেবাৰীৰ এজন যুৱকে হোটেলখনৰ ২০২ নম্বৰ কোঠাত চিলিং ফেনত নিজৰ পেণ্টৰ বেল্টেৰে চিপ লৈ আত্মহত্যা কৰে । ইয়াৰ পাছতেই অৰিজিতে এই পথ বাছি লোৱাৰ কথা ফোনযোগে তেওঁৰ জ্যেষ্ঠ ভগ্নীক অৱগত কৰে অৰিজিতৰ প্ৰেমিকাগৰাকীয়ে (Youth commits suicide in front of girlfriend) ।

জানিব পৰা মতে, আত্মহত্যাৰ পূৰ্বে প্ৰেমিকাৰ সৈতে কাজিয়াত লিপ্ত হৈছিল অৰিজিত । সেই কাজিয়াৰ পৰিণতিতে অৰিজিতে আত্মহত্যাৰ দৰে চৰম পথ বাছি লয় বুলি এক তথ্য পোহৰলৈ আহিছে । প্ৰেমিকাগৰাকীয়ে অৰজিতৰ জ্যেষ্ঠ ভগ্নীক অৱগত কৰোৱাৰ ঠিক এঘণ্টাৰ পাছতে হোটেলখনত উপস্থিত হয় তিনিজন যুৱক । তাৰ পাছতেই সেই যুৱককেইজনৰ সৈতে অৰজিতৰ প্ৰেমিকাগৰাকীয়ে অৰিজিতক লৈ যায় আৰ্য হাস্পতাললৈ । কিন্তু চিকিৎসকে অৰিজিতক মৃত বুলি ঘোষণা কৰে ।

লগতে পঢ়ক :Tejaswita Baruah dead : অৱশেষত সাক্ষ্য দিবলৈ আগবাঢ়ি আহিল মাজুলী আছু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.