অভিশপ্ত তিনি মাহৰ ভিতৰত উদং হ’ল এহাল পিতৃ-মাতৃৰ বুকু

author img

By

Published : Sep 29, 2022, 10:07 PM IST

তিনিটা অভিশপ্ত মাহে শুদা কৰিলে এহাল পিতৃ-মাতৃৰ বুকু

তিনিটা অভিশপ্ত মাহে শুদা কৰিলে এহাল পিতৃ-মাতৃৰ বুকু ৷ এটি সন্তানক বিচাৰি থাকোতেই হেৰাই গ’ল আনটো সন্তান ৷ এই বাতৰিয়ে সেমেকাই তুলিব আপোনাৰো চকু (Narayanpur tragic story) ৷

বিহপুৰীয়া, 29 ছেপ্টেম্বৰ: বহুত কিবাকিবি হেৰাই যোৱাৰ পাচতো সন্তানৰ মাজতে বিচাৰি পোৱা যায় সকলোবোৰ ৷ সেই কথা আপুনি জানে, প্ৰতিগৰাকী পিতৃ-অথবা মাতৃয়ে মৰ্মে মৰ্মে উপলব্ধি কৰে ৷ কিন্তু অতি কম সময়ৰ ব্যৱধানতে যেতিয়া দুয়োটা সন্তানকে হেৰুৱাবলগীয়া হয়, সেই পৰিস্থিতি বৰ্ণনা কৰাটো সহজ নহয় ৷

আন সকলো পিতৃ-মাতৃৰ দৰে নাৰায়ণপুৰৰ এহাল পিতৃ-মাতৃয়েও দেখিছিল সপোন ৷ আলাসৰ লাৰু দুটা এদিন ডাঙৰ হ’ব, ঘৰখন পোহৰাই তুলিব ৷ সিচিব ৰং ৷ সেয়ে নাম থ’লে হৃদয় ৰঞ্জন আৰু চিত্ত ৰঞ্জন ৷ দুয়ো ডাঙৰ হ’ল ৷ হৃদয়ে ইতিমধ্যে স্নাতক উত্তীৰ্ণ হ’ল আৰু চিত্ত ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ ৷ সপোনবোৰ যেন সাকাৰ হ’বলৈ ধৰিল দুয়োৰে পিতৃ-মাতৃৰ ৷ কিন্তু সময় বৰ নিষ্ঠুৰ ৷ সময়ে এবাৰৰ বাবেও কাৰো কথা নাভাৱে ৷

যোৱা জুলাই মাহত বিয়া এখনলৈ গৈ নিৰুদ্দেশ হ’ল চিত্ত ৰঞ্জন দত্ত ৷ তাৰ পাচতে হুৱাদুৱা, পুত্ৰক বিচাৰি চলাথ কৰিলে পিতৃ-মাতৃয়ে ৷ কাষ চাপিল আৰক্ষীৰ ৷ ভায়েকক বিচাৰি হৃদয় ৰঞ্জনেও সকলো চলাথ কৰিলে ৷ নাই, ভায়েকৰ খবৰ নাই (Narayanpur college student missing)৷ নাই যে নাই আজিও একো উত্তৰ নাই- ক’লৈ গ’ল, কি হ’ল চিত্ত ৰঞ্জন দত্তৰ?

সৰু পুত্ৰৰ খবৰ অতদিনে নাপাই একপ্ৰকাৰৰ স্বাভাৱিকতেই মানসিকভাৱে ভাগি পৰিল পিতৃ-মাতৃ ৷ ভায়েকক বিচাৰি প্ৰায় প্ৰতিদিনেই সামাজিক মাধ্যমত পোষ্ট দিবলৈ ল’লে হৃদয় ৰঞ্জনে ৷ লাইক, কমেন্টৰ বাহিৰে একোৱেই নাপালে ৷ ভাইটি চিত্ত নাই ৷ এনে সময়তে নিয়তিয়ে পুনৰ ধৈৰ্য পৰীক্ষা পাতিলে ৷ মঙলবাৰে নিশা জেঠায়েকৰ পুতেক আচল কাশ্যপ মহন্তৰ সৈতে জোনাইলৈ গৈছিল হৃদয় ৰঞ্জন দত্ত ৷

তিনিটা অভিশপ্ত মাহে শুদা কৰিলে এহাল পিতৃ-মাতৃৰ বুকু

আচল কাশ্যপৰ স্থায়ী চাকৰি হৈছে লখিমপুৰত ৷ গতিকে পূৰ্বৰ কৰ্মস্থলীৰ পৰা বয়বস্তুসমূহ আনিব লাগে ৷ সেই সময়তে সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা (Car accident at Jonai)৷ নিয়ন্ত্ৰণ হেৰুৱাই হৃদয়হঁতৰ গাড়ী বাগৰি গ’ল ৷ থিতাতে ইহ সংসাৰ ত্যাগ কৰিলে আচল কাশ্যপ মহন্ত আৰু হৃদয় ৰঞ্জন দত্তই (Narayanpur youth dead in accident at Jonai)৷

পাচৰখিনি কল্পনাৰো অতীত ৷ এটি সন্তানক বিচাৰি অস্থিৰ হৈ পৰা মাক-দেউতাক হালৰ বুকুৰ পৰা আনটো সন্তানকো লৈ গ’ল নিষ্ঠুৰ নিয়তিয়ে ৷ লগতে লৈ গ’ল দুৰ্ভগীয়া পিতৃ-মাতৃ হালৰ ভাগিনটোকো ৷ এই বাস্তৱ কাৰোৰে জীৱনলৈকে নাহক ৷ এয়া আমাৰো আশা ৷ এনে বাতৰি পুনৰবাৰ আমি আপোনালোকক দিবলগীয়া নহওক ৷

লগতে পঢ়ক: Dhubri Boat Accident: নিৰ্মীয়মান দলঙৰ খুঁটাত লাগি সংঘটিত হ’ল ভয়াৱহ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.