Dhubri Boat Accident: নিৰ্মীয়মান দলঙৰ খুঁটাত লাগি সংঘটিত হ’ল ভয়াৱহ দুৰ্ঘটনা

author img

By

Published : Sep 29, 2022, 8:00 PM IST

নিৰ্মীয়মান দলঙৰ খুঁটাত লাগি সংঘটিত হ’ল ভয়াবহ দুৰ্ঘটনা

L & T কোম্পানীৰ দ্বাৰা নিৰ্মীয়মান দলঙৰ তলৰ পানীত ডুবি থকা খুঁটাত লাগি সংঘটিত হ’ল ধুবুৰীৰ ভয়াৱহ নাও দুৰ্ঘটনা (Boat capsizes in Dhubri)৷ এই পৰ্যন্তও সন্ধানহীন হৈ আছে ৰাজহ চক্ৰ বিষয়াৰ লগতে 3 গৰাকী যাত্ৰী ৷ যাত্ৰীসকলৰ মাজত বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰী থকাৰো সন্দেহ প্ৰকাশ কৰা হৈছে ৷

ধুবুৰী, 29 ছেপ্টেম্বৰ: বৃহস্পতিবাৰে ধুবুৰীত সংঘটিত হ’ল এক শোকাবহ নাও দুৰ্ঘটনা (Dhubri boat accident)৷ দুৰ্ঘটনাটোৰ ফলত ধুবুৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সঞ্জু দাসৰ লগতে সন্ধানহীন হৈ আছে বহু যাত্ৰী ৷ এই পৰ্যন্ত লাভ কৰা খবৰ অনুসৰি ছাত্ৰ-ছাত্ৰীসহ প্ৰায় 3 গৰাকী লোক ভৰা ব্ৰহ্মপুত্ৰত সন্ধানহীন হৈ আছে (Missing in Brahmaputra in Dhubri)৷ অব্যাহত আছে উদ্ধাৰ অভিযান ৷

মন কৰিবলগীয়া যে, L & T কোম্পানীৰ দ্বাৰা নিৰ্মীয়মান অৱস্থাত থকা ধুবুৰী-ফুলবাৰী দলঙৰ(Dhubri Phulbari Bridge) তলৰ পানীত ডুবি থকা এটা খুঁটাত নাওখন লাগি ফুটা হোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোৰ ফলত ধুবুৰীৰ চক্ৰ বিষয়াগৰাকীৰ(Circle officer of Dhubri) লগতে প্ৰায় অৰ্ধশতাধিক লোক সন্ধানহীন হৈ আছে ৷

অৱশ্যে, চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী পীটাৰ সাহা, ধুবুৰী জিলা পৰিষদৰ সদস্যা বেবী বেগম আৰু লাট মণ্ডল নমেজ উদ্দিন আহমেদক স্থানীয় ৰাইজে উদ্ধাৰ কৰে ৷ ইয়াৰোপৰি প্ৰায় 29 জন লোকক উদ্ধাৰ কৰা হয় বুলি জানিবলৈ দিয়ে ধুবুৰীৰ উপায়ুক্ত আন্বামুথান এম পিয়ে ৷ আনহাতে পিটাৰ সাহাৰ লগতে আন 5 গৰাকী যাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

নিৰ্মীয়মান দলঙৰ খুঁটাত লাগি সংঘটিত হ’ল ভয়াবহ দুৰ্ঘটনা

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাস আৰু ধুবুৰী জিলা পৰিষদৰ সদস্যা বেবী বেগমে ধুবুৰীৰ আমিনেৰ চৰৰ খহনীয়া সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ নাৱেৰে গৈছিল ৷ পৰ্যালোচনা শেষ কৰি উভতি অহাৰ পথত ধুবুৰীৰ আইৰণজংলা দ্বিতীয় খণ্ডত অৱস্থিত L & T কোম্পানীৰ দ্বাৰা নিৰ্মীয়মান দলঙৰ(L and T construction in Dhubri) ওচৰত নামিবলৈ বিচাৰিছিল চক্ৰ বিষয়া সঞ্জু দাস । কিন্তু নিৰ্মীয়মান দলঙৰ কৰ্মচাৰীয়ে বাধা প্ৰদান কৰে ।

লগতে পঢ়ক: ধুবুৰীত ভয়ংকৰ নাও দুৰ্ঘটনা: ঘটনাক কেন্দ্ৰ কৰি ধুবুৰীৰ মতিৰচৰ উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.