ETV Bharat / state

এটা দিনৰ ব্যৱধানত কৰ'ণাই প্ৰাণ ল'লে ভাতৃ-ভগ্নীৰ

author img

By

Published : May 28, 2021, 4:30 PM IST

লখিমপুৰৰ বিহপুৰীয়াত ঘটিল এক হৃদয় বিদাৰক ঘটনা ৷ এটা দিনৰ ব্যৱধানত লখিমপুৰৰ এটা পৰিয়ালৰ দুই ভাতৃ-ভগ্নীৰ প্ৰাণ ল'লে মহামাৰী কৰ'ণাই ৷ বুধবাৰে লখিমপুৰ নগৰৰ সমীপৱৰ্তী বাহাদুৰ চুকৰ 25 বছৰীয়া যুৱক কুকিল দত্তৰ মৃত্যুৰ পিছদিনাই ক'ভিডে-19য়ে প্ৰাণ ল'লে কুকিলৰ 21 বছৰীয়া ভগ্নী পূবালী দত্তৰো।

Brother and Sister dead due to Covid-19
এটা দিনৰ ব্যৱধানত কৰ'ণাই প্ৰাণ ল'লে ভাতৃ-ভগ্নীৰ

বিহপুৰীয়া,28 মে': কাল কৰ'ণাৰ গ্ৰাসত বিহপুৰীয়াৰ এটা দুৰ্ভোগীয়া পৰিয়াল ৷ দেশৰ সমগ্ৰ প্ৰান্ততে কৰ'ণাই সংহাৰ চলোৱাৰ লগতে ৰাজ্যতো ভয়াৱহ হৈ পৰিছে ক'ভিড পৰিস্থিতি ৷ প্ৰতিখন জিলাতে কম বেছি পৰিমানে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালেও সম্প্ৰতি কিছু সুস্থিৰ হৈছে ৰাজ্যৰ শেহতীয়া পৰিস্থিতি ৷ কিন্তু তাৰ মাজতে লখিমপুৰৰ বিহপুৰীয়াত ঘটিল এক হৃদয় বিদাৰক ঘটনা ৷ এটা দিনৰ ব্যৱধানত লখিমপুৰৰ এটা পৰিয়ালৰ দুই ভাতৃ-ভগ্নীৰ প্ৰাণ ল'লে মহামাৰী কৰ'ণাই ৷ বুধবাৰে লখিমপুৰ নগৰৰ সমীপৱৰ্তী বাহাদুৰ চুকৰ 25 বছৰীয়া যুৱক কুকিল দত্তৰ মৃত্যুৰ পিছদিনাই ক'ভিডে-19য়ে প্ৰাণ ল'লে কুকিলৰ 21 বছৰীয়া ভগ্নী পূবালী দত্তৰো।

Brother and Sister dead due to Covid-19
এটা দিনৰ ব্যৱধানত কৰ'ণাই প্ৰাণ ল'লে ভাতৃ-ভগ্নীৰ

উল্লেখ্য যে, মৃত ভাতৃ-ভগ্নীৰ পিতৃ হেমচন্দ্ৰ দত্ত আৰু মাতৃ বিজু দত্ত কৰ'ণাত আক্ৰান্ত হৈ এতিয়াও চিকিৎসাধীন অৱস্থাত আছে ৷ মহামাৰীত আক্ৰান্ত হৈ কুকিল দত্ত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকাৰ সময়তে ভগ্নী পূবালী দত্তৰো অৱস্থা সংকতজনক হোৱাত চিকিৎসাত গাফিলতিৰ অভিযোগ উত্থাপন কৰি গুৱাহাটীৰ জি এন আৰ চি হস্পিতাললৈ লৈ যোৱা হৈছিল পূবালী দত্তক ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় পূবালী দত্তই।

লগতে পঢ়ক: ধিঙৰ দৈনিক বজাৰত ধোঁৱা চাঙত উঠিল ক’ভিড প্ৰট’কল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.