ETV Bharat / state

লখিমপুৰত বিজেপিৰ বিশাল নিৰ্বাচনী সভা

author img

By

Published : Mar 4, 2022, 2:25 PM IST

bjp election campaign meeting at lakhimpur
bjp election campaign meeting at lakhimpur

লখিমপুৰত বিজেপিৰ বৃহৎ নিৰ্বাচনী সভা (BJP election campaign)৷ জিলাখনত বিজেপিয়েই পৌৰসভা গঠন কৰিব বুলি দাবী বিধায়ক মানৱ ডেকা আৰু সাংসদ প্ৰদান বৰুৱাৰ ৷ কংগ্ৰেছক বুলিলে পুৰণি 500 টকীয়া নোট ৷

লখিমপুৰ, ৪ মাৰ্চ : ৰাজ্যত অহা 6 মাৰ্চত অনুষ্ঠিত হ’ব পৌৰসভা নিৰ্বাচন (Assam municipality election)। নিৰ্বাচনৰ প্ৰাকক্ষণত লখিমপুৰৰ ত্যাগ ক্ষেত্রত আয়োজিত এখন প্ৰচাৰ সভাত অংশ লয় সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা আদিয়ে (BJP election campaign meeting at Lakhimpur)৷ নিৰ্বাচনী ভাষণত বিৰোধী দল কংগ্রেছক অচল পাঁচশ টকীয়া নোটৰ লগত তুলনা কৰাৰ উপৰিও নিৰ্বাচনত বিজেপি আৰু মিত্রজোঁটৰ জয়জয় ময়ময় হ’ব বুলি কয় দুয়োগৰাকী নেতাই ।

লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত আয়োজিত বিজেপিৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত এইদৰে বিৰোধীক তীব্র সমালোচনা কৰাৰ লগতে দলীয় প্রার্থী তথা কৰ্মীৰ মনোবল বৃদ্ধিৰ হকে উৎসাহ ভৰা মন্তব্য কৰে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকাই । তেওঁলোকে কয় যে, কংগ্ৰেছ এতিয়া পুৰণি 500 টকীয়াখনৰ দৰেই অচল ৷

উল্লেখ্য যে, লখিমপুৰ পৌৰসভাৰ ২১ টা ৱাৰ্ডৰ বিপৰীতে বিজেপিয়ে ১৯ গৰাকী আৰু মিত্ৰ দল অগপই ২ গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ।

লখিমপুৰত বিজেপিৰ বিশাল নিৰ্বাচনী সভা

পৌৰসভাখন দখল কৰিবলৈ বিজেপি আৰু মিত্র দলে তুমুল যুঁজ দিয়াৰ লগতে বিৰোধী দল কংগ্রেছৰ ভেটিত আঘাত হানিছে । প্ৰায় প্ৰতি দিনে কংগ্রেছৰ কৰ্মী আহি বিজেপিত যোগদান কৰিছে । ত্যাগ ক্ষেত্রৰ নিৰ্বাচনী প্ৰচাৰ সভাতো সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকাৰ উপস্থিতিত কংগ্রেছৰ লগতে কেইবাটাও সংগঠনৰ বহু কেইগৰাকী নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰে ।

সাংসদ প্ৰদান বৰুৱাৰ দাবী লখিমপুৰ, ধেমাজিৰ প্ৰতিখন পৌৰসভা দখল কৰিব বিজেপিয়ে ৷ কাৰণ পৌৰ এলেকাৰ ৰাইজে বিচাৰে উন্নয়ন ৷ ইফালে পৌৰ সভা নিৰ্বাচনৰ বাবে অনুষ্ঠিত হোৱা বিজেপিৰ প্ৰচাৰ সভাত হাজাৰ হাজাৰ লোকৰ উপস্থিতিয়ে জয়ৰ ইংগিত দিয়া বুলিও মন্তব্য কৰে বিধায়ক মানৱ ডেকাৰ লগতে সাংসদ প্ৰদান বৰুৱাই ৷

লগতে পঢ়ক : Assam civic poll : নগাঁৱত নিশাও নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.