ETV Bharat / state

Tragic story of Bihpuria: কেতিয়া ন্যায় পাব চিত্ত-হৃদয়ৰ পৰিয়ালে !

author img

By

Published : Jul 8, 2023, 7:37 PM IST

কেতিয়া ন্যায় পাব চিত্ত-হৃদয়ৰ পৰিয়ালে
কেতিয়া ন্যায় পাব চিত্ত-হৃদয়ৰ পৰিয়ালে

এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাঁথা । এবছৰে ন্যায় লাভ নকৰা পৰিয়ালটোৱে নীৰৱে উচুপিছে দুই সন্তানৰ দুখন ফ্ৰেমিং ফটো সাৱটি । কিন্তু কিয় জানিবলৈ চাওক এই প্ৰতিবেদন ।

কেতিয়া ন্যায় পাব চিত্ত-হৃদয়ৰ পৰিয়ালে

বিহপুৰীয়া,৮ জুলাই: মোৰ দুটা ল'ৰা হেৰাই গ'ল ! মাতৃৰ বুকু শুদা হৈ ৰ'ল ! মই কেনেকৈ জীয়াই থাকিম ? ২০২২ চনৰ ৮ জুলাই, বৰযাত্ৰী হৈ যোৱা ল'ৰাজন ঘূৰি নাহিল । ভাতৃক বিচাৰি গৈ ঘূৰি নাহিল ককায়েক । দুটিকৈ সন্তানক হেৰুওৱা দুৰ্ভগীয়া পিতৃ-মাতৃৰ সাৰথি হৈ ৰ'ল দুখন ফ্ৰেমিং ফটো । দিনৰ পিচত মাহ, মাহৰ পিচত বছৰ, ফটো দুখনক সাৱটি চকুলো নিগৰোৱাৰ বাদে গত্যান্তৰ নাই তেওঁলোকৰ ৷ কাৰণ, চিত্ত আৰু হৃদয় নোহোৱা হোৱা বহু মাহ হ'ল ৷ চিত্তৰঞ্জন নোহোৱা হোৱা ঘটনাই আজি এবছৰত ভৰি দিলে ৷ হৃদয়বিদাৰক ঘটনাটো নাৰায়ণপুৰৰ।

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ ছাত্ৰ চিত্তৰঞ্জন দত্ত ২০২২ চনৰ ৮ জুলাইত বৰযাত্ৰী হৈ এখন বিয়ালৈ যোৱাৰ পাছতেই হৈ পৰিছিল সন্ধানহীন ৷ ভায়েক চিত্তক বিচাৰি চলাথ কৰিছিল ককায়েক হৃদয়ৰঞ্জনৰ লগতে পিতৃ প্ৰফুল্ল দত্ত আৰু মাতৃ মৌচুমী হাজৰিকা দত্তৰ উপৰিও আত্মীয়ই ৷ কিন্তু কোনো শুংসূত্ৰ নাপালে ৷ এনেদৰেই দিন বাগৰিল । তাৰমাজতে সেই বছৰৰে ২৭ ছেপ্টেম্বৰত ককায়েক হৃদয়ৰঞ্জন দত্তয়ো মৃত্যুক সাৱটি ল'লে এক পথ দুৰ্ঘটনাত । দুয়োটা সন্তান নোহোৱা হোৱাত বুকু উকা হৈ গ'ল দুৰ্ভগীয়া পিতৃ-মাতৃৰ ৷ কিন্তু চিত্তৰঞ্জন সন্ধানহীন হোৱা ঘটনাটো ৰহস্য হৈয়েই থাকি ৰ'ল ৷

লক্ষণীয়ভাৱে চিত্তৰঞ্জন যোৱা বিয়াঘৰখনৰ পিচফালৰ এটা পুখুৰীত যোৱা ১৯ জানুৱাৰীত উদ্ধাৰ হৈছিল এটা নৰকংকাল । সেই কংকালটো চিত্তৰঞ্জনৰে বুলি ধাৰণা কৰা হ'ল যদিও সেয়া আজিও স্পষ্ট কৰি নিদিলে প্ৰশাসনে তথা ফৰেনছিকে ৷ DNA পৰীক্ষাৰ ফলাফলো আজি পৰ্যন্ত নাপালে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷ যাৰ বাবে সৰু পুত্ৰৰ মৃত্যু কিদৰে হ'ল, বা মৃত নে জীৱিত অৱস্থাত আছে চিত্ত সেই দোমোজাতে ৰৈ গ'ল দুৰ্ভগীয়া পৰিয়ালটো ৷

সামাজিক ৰীতি-নীতি অনুসৰি আদ্যশ্ৰাদ্ধ কৰাৰ পৰাও বিৰত থাকিবলগীয়া হৈছে পৰিয়ালটো । পৰিয়ালটো বাৰম্বাৰ প্ৰশাসনৰ কাষ চাপিছে যদিও গুৰুত্ব প্ৰদান কৰা নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ ফলত এটা বছৰৰ সম্পূৰ্ণ হোৱাৰ পাছতো দুৰ্ভগীয়া মাতৃগৰাকীয়ে পুনৰ ন্যায় প্ৰদানৰ বাবে প্ৰশাসন, মুখ্যমন্ত্ৰীক আহ্বান জনাবলগীয়া হৈছে ৷ পিছে ন্যায় লাভ কৰিব নে পৰিয়ালটোৱে ? নে বছৰৰ পাছত বছৰজুৰি সৰুপোনা ঘূৰি আহিব বুলিয়েই চাই ৰ'ব লাগিব নঙলা মুখলৈ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.