ETV Bharat / state

Awareness on G20 summit: লখিমপুৰত জি-২০ শীৰ্ষ সন্মিলনৰ সজাগতা কাৰ্যসূচী

author img

By

Published : Jan 24, 2023, 3:13 PM IST

অসমত জি-২০ শীৰ্ষ সন্মিলন সম্পৰ্কত পাঁচখন সভাৰ আয়োজন কৰা হৈছে । ইয়াৰ সৈতে সংগতি ৰাখি লখিমপুৰত ৰূপায়ণ কৰা হৈছে সজাগতা কাৰ্যসূচীৰ । ইয়াৰেই অংশৰূপে মাধৱদেৱ বিশ্ববিদ্যালত সোমবাৰে অনুষ্ঠিত হয় এক কুইজ প্ৰতিযোগিতা (Quiz Competition at Madhavdev University)।

G20 Summit at Pragati Maidan in New Delhi
অসমত জি-২০ শীৰ্ষ সন্মিলন সম্পৰ্কত পাঁচখন সভা

অসমত জি-২০ শীৰ্ষ সন্মিলন সম্পৰ্কত পাঁচখন সভা

লখিমপুৰ, ২৪ জানুৱাৰী: জি-২০ শীৰ্ষ সন্মিলন সম্পৰ্কত লখিমপুৰত ব্যাপক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে (Awareness on G20 summit in Lakhimpur)। নতুন দিল্লীৰ প্ৰগতি মৈদানত অনুষ্ঠিত হ'বলগীয়া জি-২০ শীৰ্ষ সন্মিলন উপলক্ষে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি লখিমপুৰ জিলা প্ৰশাসনেও সজাগতা অভিযানৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে (G20 Summit at Pragati Maidan in New Delhi) ।

উল্লেখযোগ্য যে অসমত জি-২০ শীৰ্ষ সন্মিলন সম্পৰ্কত পাঁচখন সভা অনুষ্ঠিত হ'ব (Five meetings on G20 summit in Assam)। এই সভাসমূহ গুৱাহাটীৰ লগতে ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব । জি-২০ শীৰ্ষ সন্মিলনৰ সময়চোৱাত উত্তৰপূৰ্বাঞ্চলৰ ঐতিহ্য আৰু ঐশ্বৰ্যক বিশ্ব দৰবাৰত দাঙি ধৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । তদুপৰি এই সন্মিলনৰ লগত সংগতি ৰাখি একে সময়তে ৱাই-২০ (Y 20) শীৰ্ষ সন্মিলনো প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব । কৰ্মৰ ভৱিষ্যত, জলবায়ু পৰিৱৰ্তন, দুৰ্যোগ প্ৰশমন, গোলকীয় শান্তি স্থাপন, গণতান্ত্ৰিক ব্যৱস্থাত যুৱক-যুৱতী, স্বাস্থ্য ইত্যাদি বিষয় ৱাই-২০ শীৰ্ষ সন্মিলনৰ মূল বিষয় হিচাপে নিৰ্ধাৰণ কৰা হৈছে ।

ৰাজ্যখনৰ ছাত্র-ছাত্ৰী, যুৱক-যুৱতীসকলক জড়িত কৰি এই বিষয় সমূহত অসম চৰকাৰে ইতিমধ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে (G 20 preparation in Assam) । ইয়াৰ সৈতে সংগতি ৰাখি লখিমপুৰ জিলা প্ৰশাসনে মাধৱদেৱ বিশ্ববিদ্যালয়ক আদর্শ অনুষ্ঠান হিচাপে লৈ কুইজ প্ৰতিযোগিতা,তৰ্ক প্ৰতিযোগিতা, আলোচনা চক্ৰৰ আয়োজন কৰিছে (Quiz in Madhavdev University)। তদুপৰি জি-২০ শীৰ্ষ সন্মিলন আৰু ৱাই-২০ শীৰ্ষ সন্মিলন সম্পৰ্কত ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলা প্ৰশাসনৰ উদ্যোগত ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । তাৰ বাবে জিলাখনৰ প্ৰতিখন মহাবিদ্যালয়,উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপৰি একাংশ মজলীয়া বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত এলানি কাৰ্যসূচী হাতত লৈছে ।

এই কাৰ্যসূচীৰ অংশৰূপে মাধৱদেৱ বিশ্ববিদ্যালয়ে সোমবাৰে বিশ্ববিদ্যালয় চৌহদত এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে । এই প্ৰতিযোগিতাখনি জি-২০ শীৰ্ষ সন্মিলনৰ ওপৰত আয়োজন কৰা হয় । প্ৰতিযোগিতাখনিত মাধৱদেৱ বিশ্ববিদ্যালয়, বিহপুৰীয়া মহাবিদ্যালয়, খেৰাজখাট মহাবিদ্যালয়,লালুক মহাবিদ্যালয়,লখিমপুৰ বালিকা মহাবিদ্যালয়,মাধৱদেৱ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয় আদি শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে । এই প্ৰতিযোগিতাখনিত খেৰাজখাট মহাবিদ্যালয়ে প্ৰথম, মাধৱদেৱ বিশ্ববিদ্যালয়ে দ্বিতীয় আৰু মাধৱদেৱ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় । ইপিনে, বিশ্ববিদ্যালয়খনে মঙলবাৰে আয়োজিত তৰ্ক প্ৰতিযোগিতাৰ বিষয় হৈছে সদনৰ মতে, "যুৱসমাজ গণতন্ত্ৰ আৰু প্ৰশাসনৰ মূল চালিকা শক্তি"।

আনহাতে, অহা ২৫ জানুৱাৰীত "যুৱ সমাজৰ সৰ্বাংগীন বিকাশত খেল-ধেমালি, যোগ, এন চি চি, এন এছ এছৰ ভূমিকা" শীৰ্ষক এক আলোচনা চক্ৰ আৰু মাৰথন দৌৰ অনুষ্ঠিত হ'ব । ক'ভিত ১৯ অতিমাৰীৰ পিছত যুব সমাজে সম্মুখীন হোৱা বিভিন্ন শাৰীৰিক-মানসিক আৰু আৱেগিক স্বাস্থ্যজনিত সমস্যাসমূহ, খেল-ধেমালি,যোগ,এন চি চি, এন এছ এছ, আয়ুৰ্বেদৰ জৰিয়তে যুৱ সমাজৰ সৰ্বাংগীণ বিকাশ ঘটোৱাৰ ক্ষেত্ৰত ভাৰতৰ পদক্ষেপ, সমাজৰ সর্বাংগীন বিকাশত খেল-ধেমালি ,যোগ, এন চি চি, এন এছ এছৰ ভূমিকা, প্রক্রিয়াত যুব সমাজৰ সর্বাংগীন সু-স্বাস্থ্য়ৰ গুৰুত্ব আদি প্ৰাসংগিক বিষয় আলোচনা চক্ৰৰ উপ-বিষয় হিচাপে ধার্য কৰা হৈছে । উক্ত আলোচনা চক্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এন এছ এছ গোটৰ সমন্বয়ক তথা জীৱ বিজ্ঞান বিভাগৰ অধ্যাপক ড৹ ডেভিড কাৰ্ডঙে অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক;BJP Organisational Meeting : ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বৰ্ধিত বিষয়ববীয়া সাংগঠনিক সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.