BJP Organisational Meeting : ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বৰ্ধিত বিষয়ববীয়া সাংগঠনিক সভা

author img

By

Published : Jan 23, 2023, 11:06 PM IST

BJP Organisational Meeting

বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন’ত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সভাপতিত্বত বৰ্দ্ধিত বিষয়ববীয়া সাংগঠনিক সভা অনুষ্ঠিত হয় (BJP organisational meeting in Guwahati)। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াসকলৰ লগতে অসমৰ ৪০ খন জিলাৰ সভাপতি, জিলাৰ প্ৰভাৰী আৰু সহ-প্ৰভাৰীসকলে সভাখনত অংশগ্ৰহণ কৰে ।

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বৰ্দ্ধিত বিষয়ববীয়া সাংগঠনিক সভা

গুৱাহাটী, ২৩ জানুৱাৰী : ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ কাৰ্যনিবাহকৰ সভা কাইলৈ মৰিগাঁও জিলাৰ পুথিভঁৰালত অনুষ্ঠিত হ’ব । উপস্থিত থাকিব ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, সাংগাঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাৰ লগতে ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যসকল ।

সোমবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন’ত(Vajpayee Bhawan in Guwahati) ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সভাপতিত্বত বৰ্দ্ধিত বিষয়ববীয়া সাংগঠনিক সভা অনুষ্ঠিত হয় । সভাখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াসকলৰ লগতে অসমৰ ৪০ খন জিলাৰ সভাপতি, জিলাৰ প্ৰভাৰী আৰু সহ-প্ৰভাৰীসকলে অংশগ্ৰহণ কৰে ।

বৰ্দ্ধিত বিষয়ববীয়া সভাত উপস্থিত থাকি ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় পাৰ্লিয়ামেণ্ট্ৰেী বৰ্ডৰ সদস্য তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Union minister Sarbananda Sonowal) ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ সম্পৰ্কত বিস্তৃতভাৱে ব্যাখ্যা কৰে ।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আগন্তুক সময়খিনিত ভাৰতীয় জনতা পাৰ্টিয়ে অধিক উদ্যমৰে তৃণমূল পর্যায়লৈকে দলৰ সংগঠন অধিক শক্তিশালী কৰি আগবাঢ়ি যাব বুলি ব্যক্ত কৰি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে আগন্তুক ২৫ টা বছৰ যিদৰে ৰাষ্ট্ৰক পৰম বৈভৱশালী কৰাৰ লক্ষ্যৰে মোদীদেৱৰ নেতৃত্বত চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন প্ৰকল্প আৰু আঁচনিসমূহৰ সম্পৰ্কত আলোকপাত কৰে ।

লগতে কয় যে "ভাল কাম কৰিলে ভাল ফল হ’বই । ভবেশ কলিতাৰ নেতৃত্বত ২০২৪ৰ লোকসভা নিৰ্বাচনত পূৰ্বতকৈ আসন বৃদ্ধি হ’ব’’৷ ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই আগন্তুক সময়খিনিত দলে গ্ৰহণ কৰিবলগীয়া কাৰ্যসূচী সম্পৰ্কে ব্যাখ্যা কৰে ।

বিষয়ববীয়াসকলৰ সভাত বক্তব্য ৰাখি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, বিজেপি সংগঠনে অসমৰ সামাজিক আন্দোলনৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব । ভাৰতীয় জনতা পাৰ্টিৰ গুজৰাট প্ৰদেশৰ সাংগঠনিক দিশটোৰ উদাহৰণ ডাঙি ধৰি মুখ্যমন্ত্ৰীদেৱে অসমৰ ৪০ খন সাংগঠনিক জিলাৰ সভাপতিসকলক সমর্পণ মনোভাৱেৰে দলীয় সংগঠনৰ কামত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় ।

লগতে দলৰ সভাপতি ভৱেশ কলিতাই কয় যে আগন্তুক দিনৰ সংগঠন আৰু শক্তিশালী কৰিবৰ বাৱে বুথসমূহ অধিক শক্তিশালী কৰা হ’ব । নৰেন্দ্ৰ মোদীয়ে মন কী বাত কৰাৰ দৰেই দলৰ ফালৰ পৰাও মন কী বাত কৰা হ’ব, এয়া দলীয় নহয়, উন্নয়নমূলক কাম আলোচনা কৰা হ’ব মন কি বাতত । লোকসভা নিৰ্বাচনলৈ অসমৰ সভাপতি কোন থাকিব নাথাকিব সেয়া দলে সিদ্ধান্ত ল’ব ।

বিজেপিয়ে NRC ৰ ভিত্তিবর্ষ 51 বিচাৰে । চৰকাৰে যদি 71 চন ভিত্তিবর্ষ হিচাপে শপতনামা দিছে, তেন্তে সেয়া ৰিভিউ কৰিব লাগিব । কাইলৈ মৰিগাঁৱত অনুষ্ঠিত হ'বলগা ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা সাফল্যমণ্ডিত কৰাৰ বাবে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও জিলাই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া অতিথিসকলক আদৰণি জনাবৰ বাবে ইতিমধ্যে মৰিগাঁও চহৰখন তোৰণ আৰু দলীয় পতাকাৰ সুসজ্জিত কৰি জাকজমকৈ সজাই তোলা হৈছে । ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তত দলীয় কার্যকর্তাসকলে কাৰ্যনিবাহকৰ সভাখন সাফল্যমণ্ডিত কৰাৰ বাবে দিনে-নিশাই প্ৰস্তুতি অব্যাহত ৰাখিছে ।

কাইলৈ পুৱা ৮.৩০ বজাত প্ৰতিনিধি পঞ্জীয়ন আৰু পুৱা ৯ বজাত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই দলীয় পতাকা উত্তোলনেৰে কাৰ্যনিবাহক সভাৰ কাৰ্যসূচী আৰম্ভ হ’ব ।

লগতে পঢ়ক: Hath Se Hath Jodo Yatra: বিজেপি চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈ আৰু মীৰা বৰঠাকুৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.